• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আদৰ্শ ৰাষ্ট্ৰসংঘ সন্মিলন ২০২৪

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 11, 2024 7:13 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত ৯ নৱেম্বৰ ২০২৪ তাৰিখে বিশ্ববিদ্যালয়ৰ  চৌহদত আদৰ্শ ৰাষ্ট্ৰসংঘৰ (MUN) সন্মিলন অনুষ্ঠিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বজনীন বিষয়সমূহৰ ওপৰত অৰ্থপূৰ্ণ আলোচনাত জড়িত কৰা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে তেওঁলোকৰ বুজাবুজি বৃদ্ধি কৰাৰ লগতে কূটনীতি, আলোচনা, আৰু ৰাজহুৱা ভাষণৰ ক্ষেত্ৰত উপযুক্ত দক্ষতাৰ বিকাশ কৰা ।

সন্মিলনৰ বিষয়বস্তু হৈছে ‘লিংগ আৰু পৰিৱেশ ন্যায়’, য’ত লিংগ সমতা আৰু পৰিৱেশ সুৰক্ষাৰ জৰুৰী প্ৰয়োজনীয়তাক গুৰুত্ব দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক সেই বিষয়ত কাম কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা প্ৰায় আশীজন ছাত্ৰ-ছাত্ৰীয়ে “জি চি ইউ এম ইউ এন ’২৪” সন্মিলনত নাম পঞ্জীয়ন কৰিছে ।

Apply Now

আদৰ্শ ৰাষ্ট্ৰসংঘ হৈছে এক শৈক্ষিক অনুকৰণ য’ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰা কূটনীতিবিদৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে জলবায়ু পৰিৱৰ্তন, মানৱ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, আৰু অৰ্থনৈতিক উন্নয়নকে ধৰি বিশ্বব্যাপী জৰুৰী বিষয়সমূহৰ ওপৰত বিতৰ্ক আৰু আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাত  লব্ধ অভিজ্ঞতাই ছাত্ৰ-ছাত্ৰীসকলক জটিল বিষয়সমূহ অন্বেষণ কৰিবলৈ, সমনীয়াৰ সৈতে সহযোগিতা কৰিবলৈ, আৰু ৰাষ্ট্ৰসংঘৰ প্ৰকৃত কাম-কাজৰ প্ৰতিফলন ঘটোৱা এটা গাঁথনিগত পৰিৱেশত সমাধানৰ প্ৰস্তাৱ দিবলৈ অনুমতি দিয়ে। এই সন্দৰ্ভত সমালোচনাত্মক আলোচনা চলাবলৈ চাৰিখন সমিতি গঠন কৰা হৈছে- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ, ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা সম্পৰ্কীয় সন্মিলন, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈঠক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেছ ফটোগ্ৰাফী আৰু সাংবাদিকতা। সন্মিলনৰ প্ৰথম দিনটোত এই সমিতিসমূহৰ সদস্যসকলৰ মাজত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত গঠনমূলক বিতৰ্ক অনুষ্ঠিত হয়।

অনুষ্ঠানত শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি শ্ৰীযশোদা ৰঞ্জন দাসে আদৰণি ভাষণ  ৰাখি আন্তঃৰাষ্ট্ৰীয় আলোচনা বিনিময়ক প্ৰতিনিধিত্ব কৰা  আৰ্হি ৰাষ্ট্ৰসংঘ সন্মিলনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ববিদ্যালয়ৰ আচাৰ্য্য  অধ্যাপক জয়ন্ত ডেকাই ভাষণ প্ৰসঙ্গত কয় যে আদৰ্শ ৰাষ্ট্ৰসংঘ সন্মিলনৰ  লক্ষ্য হৈছে দেশসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ধাৰণাটো বাস্তৱায়িত কৰা আৰু বহনক্ষম উন্নয়নক প্ৰসাৰ কৰা। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে উল্লেখ কৰে যে “জি চি ইউ এম ইউ এন ’২৪” আয়োজনৰ মুখ্য কাৰণ হৈছে বিতৰ্কৰ ধাৰণাক প্ৰসাৰিত আৰু অন্তৰ্ভুক্তি কৰা আৰু মানৱতাকে ধৰি ৰাষ্ট্ৰসংঘৰ মূল্যবোধক ৰক্ষা কৰা।

ইয়াৰ পিছতে সন্মানীয় অতিথি – ফাউণ্ডেশ্যন ফৰ ছ’চিয়েল ট্ৰেন্সফৰ্মেচনৰ কাৰ্যবাহী সঞ্চালক ঋতুপন গগৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ  ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্তই ভাষণ প্ৰদান কৰে । অধ্যাপক অখিল ৰঞ্জন দত্তই যুক্তি আগবঢ়ায় কয় যে মডেল ৰাষ্ট্ৰসংঘৰ সন্মিলনসমূহে কেৱল ৰাষ্ট্ৰসংঘৰ প্ৰকৃত কাম-কাজক প্ৰতিফলিত কৰাই নহয়,  বিশ্বজনীন  ব্যৱস্থাৰ  বিকল্প হিচাপেও সহায় কৰিব পাৰে। আনহাতে ঋতুপন গগৈয়ে সন্মিলনৰ কেন্দ্ৰীয় বিষয়বস্তু ‘লিংগ আৰু পৰিৱেশ ন্যায়‘ৰ ওপৰত বক্তব্য প্ৰদান কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm
যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd