দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচত ভাৰতীয় ক্ৰিকেট দলে ১১ ৰানত জয়লাভ কৰে। লগতে চাৰিখন মেচৰ শৃংখলাত টিম ইণ্ডিয়াই ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে। কোৱা বাহুল্য যে এই জয়ে টিম ইণ্ডিয়াক এক বৃহৎ মানসিক সকাহ প্ৰদান কৰিব। শুকুৰবাৰে (১৫ নৱেম্বৰ) অনুষ্ঠিত হ’ব শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখন খেল।
তৃতীয় টি-২০ত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয়। এই মেচত দক্ষিণ আফ্ৰিকাৰ বলাৰক দিশহাৰা কৰে তিলক ভাৰ্মা আৰু অভিষেক শৰ্মাই। অভিষেক ৫০ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায় যদিও শেষলৈকে ১০৭ ৰানত অপৰাজিত হৈ আছে তিলক। টিম ইণ্ডিয়াই ৬টা উইকেট হেৰুৱাই ২১৯ ৰান সংগ্ৰহ কৰে।
মেচখনত সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন তিলক ভাৰ্মাই। তেওঁ এক দৰ্শনীয় শতক অৰ্জন কৰে। তেলেংগানাৰ এইগৰাকী ক্ৰিকেটাৰে ৫১টা বলতে ১০০ ৰান সংগ্ৰহ কৰে। ইতিমধ্যে তেওঁৰ প্ৰতি ক্ৰিকেটাৰ-অনুৰাগীৰ শুভেচ্ছাৰ বৰ্ষণ আৰম্ভ হৈছে।
তাৰ পিছত দক্ষিণ আফ্ৰিকা বেটিং কৰিবলৈ আহে। আৰম্ভণিতে পোক-পতংগৰ আক্ৰমণৰ বাবে মেচখন প্ৰায় আধা ঘণ্টা ধৰি স্থগিত কৰিবলগীয়া হয়। খেল আৰম্ভ হোৱাৰ পাছত ভাৰতীয় বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। দক্ষিণ আফ্ৰিকাই নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে। অন্তিম ২০ অভাৰত ৭ উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ ইনিংছ ২০৮ ৰানত সমাপ্ত হয়।
এই মেচত ভাৰতীয় বলাৰৰ ভিতৰত অৰ্শদীপ সিঙে তিনিটা উইকেট দখল কৰে। টিম ইণ্ডিয়াৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰে। ইয়াৰ উপৰিও হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে।
দক্ষিণ আফ্ৰিকাৰ বেটছমেনৰ মাজত মাৰ্কো জেনচেনে অৰ্ধশতক অৰ্জন কৰে। তেওঁ মাত্ৰ ১৭টা বলত ৫৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও হেনৰিক ক্লাচেনে ৪১ ৰান সংগ্ৰহ কৰে।