• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বক দেখুৱাব পথ! কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ভূটানৰ নেতৃত্বত গঠন নতুন মঞ্চ ‘জি-জিৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2024 9:19 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশসমূহে গ্ৰীণ হাউছ গেছৰ মাত্ৰা আৰু প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ সংগ্ৰাম কৰি আছে, সেই সময়ত ভূটানৰ নেতৃত্বত চাৰিখন কাৰ্বন নিৰপেক্ষ দেশে এটা নতুন গোট গঠন কৰিছে।

আজৰবাইজানৰ বাকুত অনুষ্ঠিত ‘কপ ২৯’ সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টোবগেইয়ে এই গোট গঠনৰ পিছত কয় যে, ‘ভূটান এই মুহূৰ্তত বিশ্বৰ কেইখনমান কাৰ্বনমুক্ত বা কাৰ্বন নিৰপেক্ষ দেশৰ ভিতৰত অন্যতম। আমি বিচাৰো যে আনসকলেও আমাৰ আৰ্হিটো গ্ৰহণ কৰক। এই নতুন গোটটোৱে সেই লক্ষ্যৰ দিশত কাম কৰিব।‘

নতুন গোটটোৰ নাম দিয়া হৈছে ‘জি-জিৰ’। ভূটানৰ বাহিৰেও এই গোটৰ বাকী সদস্যসকল হৈছে পানামা, চুৰিনাম আৰু মাদাগাস্কাৰ। এই চাৰিখন দেশত নিৰ্গত কাৰ্বনৰ পৰিমাণ হয় প্ৰদূষণৰ মাত্ৰাতকৈ কম, নহয় তেওঁলোকে সেই প্ৰদূষণ শোষণ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। সেয়ে, এই দেশসমূহৰ পৰা নিৰ্গত কাৰ্বনৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি নহয়।

Apply Now

লগতে পঢ়কঃ Children’s Day 2024: আজি ১৪ নৱেম্বৰ শিশু দিৱস; ইয়াৰ ইতিহাস, তাৎপৰ্য্য আৰু উদযাপন

পানামাৰ বিশেষ দূত জুয়ান কাৰ্লোছ মণ্টেৰেই গোমেছে সংবাদ মাধ্যমক কয় যে উন্নয়ন আৰু বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে। কিন্তু প্ৰকৃতি আৰু মানুহৰ ক্ষতি নকৰাকৈ কেনেকৈ কৰিব পাৰি, পানামাই সেয়া দেখুৱাইছে। পানামাই অহা ফেব্ৰুৱাৰীৰ পৰা এই উদ্দেশ্যে নতুন ব্যৱস্থা গ্ৰহণ কৰিব।

বিশ্বৰ আটাইতকৈ সুখী দেশ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টোবগেই এই গোট গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। গোটটো গঠন কৰাৰ পিছত কয় যে অৰ্থনৈতিক উন্নয়ন তেওঁলোকৰ একমাত্ৰ লক্ষ্য নহয়। তেওঁলোকে দেশবাসীক সুখী কৰি ৰাখিব বিচাৰে। সেই সুখৰ বাবে তেওঁলোকে উন্নয়নৰ এক বেলেগ পথেৰে আগবাঢ়িছে, যিয়ে তেওঁলোকৰ দেশখনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ সক্ষম হৈছে।

টোবগেই কয় যে, ‘জি-জিৰ’ গঠনৰ জৰিয়তে তেওঁলোকে সমগ্ৰ বিশ্বকে বিকল্প পথ বিচাৰি উলিয়াব বিচাৰে, যাতে কাৰ্বন নিৰ্গমন হ্ৰাস বা শোষণ কৰি এক সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব পৰা যায়। গোলকীয় উষ্ণতা হ্ৰাস কৰিলে পৃথিৱীখন সকলোৰে বাবে অধিক বসবাসযোগ্য কৰি তুলিব পাৰি।

জাতীয় সুখৰ গড় তালিকাত ভূটান বিশ্বৰ এক নম্বৰ দেশ। ভূটানৰ ৰজা জিগমে চিংগে ৱাংচুকে ১৯৭২ চনত সিদ্ধান্ত লৈছিল যে তেওঁ কেৱল অৰ্থনৈতিক উন্নয়নতেই নহয়, জনসাধাৰণৰ মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব। চাব লাগিব যে উন্নয়নৰ লগত খোজ মিলাই থাকিলেও মানুহৰ মানসিক স্বাস্থ্য যাতে বিপন্ন নহয়। মানুহ যাতে ভাগৰি নপৰে। মানসিক ৰোগ যাতে বৃদ্ধি নহয়।

লগতে পঢ়কঃ চেঞ্চুৰিয়ানত চেঞ্চুৰি তিলকৰ; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ দুৰ্দান্ত জয়, ছিৰিজত অগ্ৰগতি

ভূটান এতিয়াও সেই লক্ষ্যত অটল। চুৰিনাম, মাদাগাস্কাৰ আৰু পানামাই ভূটানৰ দৰে পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ বহনক্ষম উন্নয়নৰ অভ্যাস কৰিবলৈ আগবাঢ়ি আহিছে। চাৰিখন দেশৰ এই অক্ষই নিষ্ক্ৰিয় হোৱাৰ পৰিৱৰ্তে নিজকে উন্নত কৰি উষ্ণতা হ্ৰাস কৰি এক নজিৰ স্থাপন কৰিব বিচাৰিছে। বাকুত একত্ৰিত হৈ সেই বাৰ্তাই দিলে।

টোবগেই কয়, ‘আমি ডাঙৰ আৰু ধনী দেশসমূহক দেখুৱাব বিচাৰো যে সৰু দেশসমূহেও পৰিৱেশ কাৰ্যসূচীত শক্তিশালী নেতৃত্ব ল’ব পাৰে। আমি প্ৰমাণ কৰি দিছো যে আমি সৰু ৰূপত যিখিনি অৰ্জন কৰিছো, এখন ডাঙৰ দেশেও ডাঙৰ ৰূপত লাভ কৰিব পাৰে। মাথোঁ ইচ্ছাশক্তিৰ দৃঢ়তাৰ প্ৰয়োজন।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd