• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈৰ পৰা দিল্লীত আৰম্ভ দ্বাদশ নৰ্থ ইষ্ট ফেষ্টিভেলঃ সাংস্কৃতিক সমন্বয়ৰ প্ৰতিশ্ৰুতি আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 14, 2024 6:07 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈৰ পৰা আৰম্ভ হ’ব দ্বাদশ নৰ্থ ইষ্ট ফেষ্টিভেল। ১৫ৰ পৰা ১৭ নৱেম্বৰলৈ ইণ্ডিয়া গেটৰ সমীপৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়াম হৈ পৰিব উত্তৰ-পূবৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যৰ জীৱন্ত উদযাপন থলী। দ্বাদশ সংস্কৰণত সংযোজিত উত্তৰ পূবৰ অনন্য সংগীত, খাদ্য, নৃত্য, ফেশ্বন আৰু কলাই পৰ্যটকসকলক অঞ্চলটোৰ বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পদৰ এক বিস্তৃত অভিজ্ঞতা প্ৰদান কৰিব। তিনিশৰো অধিক বিপনী, পৰম্পৰাগত কাৰুশিল্প, ৰন্ধনৰ অপূৰ্ব সোৱাদ আৰু সাংস্কৃতিক প্ৰদৰ্শনে উত্তৰ পূবৰ সুগন্ধি ৰাজধানী চহৰখনলৈ কঢ়িয়াই পৰ্যটকক পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে সংযোগ কৰি তুলিব।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ আত্মা ইয়াৰ সাংস্কৃতিক কাৰ্যকলাপ। কিন্তু এই বৰ্ষত আয়োজিত এক গুৰুত্বপূৰ্ণ পৰ্যটন বি টু বি মীটৰ জৰিয়তে দিল্লীৰ আগশাৰীৰ ট্যুৰ অপাৰেটৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন প্ৰতিনিধিসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ ব্যাপক প্ৰচেষ্টা হাতত লোৱা হৈছে। বৈঠকখনে পৰ্যটনৰ সুযোগ সম্প্ৰসাৰিত কৰা, ভ্ৰমণৰ গন্তব্য স্থান হিচাপে উত্তৰ-পূবৰ গুৰুত্ব বৃদ্ধি আৰু ব্যৱসায়ৰ বাবে নতুন পথ মুকলি কৰিবলৈ সমন্বয় গঢ়ি তোলাৰ প্ৰয়াসত গুৰুত্ব দিব।

পৰ্যটন বি টু বি মীটৰ মুখ্য আলোচ্য বিষয় হ’ব অঞ্চলটোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰন্তৰ বিনিয়োগ, বিশেষকৈ বিমান সংযোগ বৃদ্ধি আৰু সংযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ। লগতে বৃহত্তৰ পৰ্যটন আৰু বাণিজ্য একত্ৰীকৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তৎপৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এছ’চিয়েশ্যন অফ ডমেষ্টিক ট্যুৰ অপাৰেটৰ অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান এছ’চিয়েচন অফ ট্যুৰ অপাৰেটৰৰ মুখ্য উদ্যোক্তাসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু সম্পৰ্কক আলোচনাৰ মাজলৈ আনিবলৈ এই প্ৰচেষ্টাত অংশ ল’ব।

Apply Now

এ ডি টি অ’ আইৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব সভাপতি বেদ খান্নাৰ সৈতে জ্যেষ্ঠ উপ-সভাপতি ৰজত চাওনিয়ে। লগতে থাকিব বিশিষ্ট সদস্যসকল আশীষ চেহগাল, উপ-সভাপতি, দলীপ গুপ্তা, সাধাৰণ সম্পাদক, মনোজ বৰ্ষনী, কোষাধ্যক্ষ আৰু নীতিশ গুপ্তা, যুটীয়া সচিব। ইয়াৰ উপৰিও পৰিচালনা সমিতিৰ সদস্য অশোক চাহচলন, ডি আৰ চৌহান, হৰিশ বাৰ্মা, কুলদীপ পেটেল, সুৰিন্দৰ সিং জাৰিয়াল আৰু বিনয় আহুজাই তেওঁলোকৰ বক্তব্য প্ৰদান কৰিব। আই এ টি অ’ক প্ৰতিনিধিত্ব কৰিব উপ-সভাপতি ৰবি গোছেইন আৰু কাৰ্যবাহী সমিতিৰ সদস্য শদীপক ভাটনাগৰ, ড° মনোজ মাট্টা, পি বিজয়সাৰ্থী আৰু ঋষি কাপুৰ। তেওঁলোকৰ অংশগ্ৰহণ উত্তৰ-পূব ভাৰতক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ গন্তব্য স্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গভীৰ প্ৰতিশ্ৰুতিৰ ইংগিত। এই আলোচনাই অঞ্চলটোৰ উন্নত সংযোগ আৰু প্ৰাকৃতিক সম্পদক কৌশলগত পৰিকল্পনাৰ সৈতে লাভান্বিত কৰিব বুলি আশা কৰিব পাৰি।

উত্তৰ-পূব ভাৰতক বৃহৎ পৰ্যটন খণ্ডৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ভূমিকাৰ কথা উল্লেখ কৰি আয়োজক শ্যামকানু মহন্তই কয়, “বিগত বছৰবোৰত নৰ্থ ইষ্ট ফেষ্টিভেল এক বহুমুখী মঞ্চলৈ বিকশিত হৈছে যি কেৱল অঞ্চলটোৰ সাংস্কৃতিক সমৃদ্ধি উদযাপন কৰাই নহয় ব্যৱসায় আৰু পৰ্যটন বিকাশৰ প্ৰকৃত সুযোগসমূহকো উৎসাহিত কৰি আহিছে। এই বছৰ আয়োজিত পৰ্যটন ব্যৱসায় বৈঠকখনত আমি দিল্লীৰ শীৰ্ষ ট্যুৰ অপাৰেটৰসকলক উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য অংশীদাৰসকলৰ সৈতে সংযোজিত কৰাৰ প্ৰয়াস কৰিছো। যাতে পৰ্যটন ক্ষেত্ৰখনত বিকাশ আৰু স্বয়ংক্ৰিয়তা বৃদ্ধি হয়। আন্তঃগাঁথনি আৰু সংযোগৰ ক্ষেত্ৰত উত্তৰ পূবৰ অগ্ৰগতি প্ৰদৰ্শন কৰাৰ আমাৰ লক্ষ্য হৈছে উত্তৰ-পূব অধিক সুগম আৰু নতুন দৰ্শনাৰ্থীক স্বাগতম জনাবলৈ যে সম্পূৰ্ণ সাজু সেই কথা প্ৰকাশ কৰা।” বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে নৰ্থ ইষ্ট ফেষ্টিভেলত কৃষি, হস্ততাঁত, হস্তশিল্প আৰু বিভিন্ন ক্ষেত্ৰত বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনা প্ৰদৰ্শন কৰা হ’ব।

বি ২ বি বৈঠকবোৰে স্থানীয় উদ্যোগীসকলক সাম্ভাব্য অংশীদাৰৰ সৈতে সংযোগ কৰিব। উত্তৰ-পূবৰ জনগোষ্ঠীসমূহৰ সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰি অৰ্থনৈতিক বিকাশত সহায় কৰিব। নৰ্থ ইষ্ট ফেষ্টিভেলত পূৰ্বৰ দৰেই এইবাৰো থাকিব প্ৰসিদ্ধ সংগীতশিল্পী, লোক শিল্পী আৰু নৃত্যশিল্পীসকলৰ মনজুৰোৱা প্ৰদৰ্শন। লগতে থাকিব উত্তৰ পূবৰ ঐতিহ্যশালী বস্ত্ৰ প্ৰদৰ্শনেৰে এক নান্দনিক ফেশ্বন শ্ব’। প্ৰায় ৬০খন খাদ্য বিপনীত পৰ্যটকসকলে উত্তৰ পূব তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ খাদ্যৰ জুতি লৈ সমৃদ্ধ ৰন্ধন ঐতিহ্যক উপলব্ধি কৰিব। উত্তৰ পূবৰ অপূৰ্ব সৌন্দৰ্য আৰু সৃজনশীলতাক ফুটাই তোলা ছবি আৰু ফটোগ্ৰাফী প্ৰদৰ্শনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাকৰিত সোণত সুৱগা চৰাব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd