নাবালিকা পত্নীৰ সন্মতি স্বত্বেও যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ। বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ গৃহীত কৰে। এগৰাকী পত্নীয়ে স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। যাৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন আদালতে ব্যক্তিজনক ১০ বছৰৰ কাৰাদণ্ড বিহে। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে সেই ৰায়ক সমৰ্থন কৰে।
ন্যায়াধীশ জি এ ছনাপে কয় যে, ১৮ বছৰৰ ওপৰৰ বয়সত কেৱল পত্নীৰ সৈতেহে যৌন কাৰ্যকলাপত লিপ্ত হ’ব পাৰে। তাৰ আগতে পত্নীৰ সন্মতিৰ ওপৰত একো নিৰ্ভৰ নকৰে। ১৮ বছৰৰ তলৰ নাবালকৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে ধৰ্ষণ বুলি গণ্য কৰা হয়। বিয়া হওক বা নহওক।
উচ্চ ন্যায়ালয়ে এই কথাও জোৰ দিয়ে যে সন্মতিসূচক যৌন সম্পৰ্কৰ কোনো প্ৰতিৰক্ষা নাই। ১৮ বছৰৰ ওপৰৰ বয়সলৈকে পত্নী বা যিকোনো ছোৱালীৰ সৈতে যৌন সম্পৰ্ক গঢ়িলে ধৰ্ষণ বুলি গণ্য কৰা হ’ব। মন কৰিবলগীয়া যে পত্নীৰ অভিযোগৰ প্ৰমাণৰ ভিত্তিত নিম্ন আদালতে লোকজনক ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। সেই কথাও উচ্চ ন্যায়ালয়ত সমৰ্থন কৰা হৈছে।
অভিযোগ উত্থাপন হৈছে যে লোকজনে নাবালকৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰিছিল। তাৰ ওপৰত ভিত্তি কৰি মহিলাগৰাকীয়ে কয় যে আপত্তি সত্ত্বেও এই কাৰ্য্যৰ বাবেই গৰ্ভৱতী হৈছিল। পিছত সেই ব্যক্তিজনে তেওঁক বিয়া কৰালে। বিয়াৰ পিছতো তেওঁলোকৰ বৈবাহিক সম্পৰ্ক বৰ ভাল নাছিল। তাৰ পাছত মহিলাগৰাকীয়ে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।