কেইমিনিটমানো স্থায়ী নহ’ল শ্ৰেয়াছ আয়াৰৰ অভিলেখ। ভাৰতীয় তাৰকাগৰাকীৰ ২৬.৭৫ কোটি টকাৰ অভিলেখ ভংগ কৰি আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হ’ল ঋষভ পন্ত। সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছে তেওঁক ২৭ কোটি টকাত দলত নিলে।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে যুঁজি পণ্টৰ বাবে জাহিৰ খান, গোৱেংকাৰ দলে প্ৰথমে ২০.৭৫ কোটি টকা দাম দুছিল। তাৰ পিছত নিয়ম মতে দিল্লী কেপিটেলছক ‘ৰাইট টু মেচ’ কাৰ্ড ব্যৱহাৰ কৰিব নেকি বুলি সোধা হৈছিল। সৌৰভ গাংগুলীৰ দলটোৱে সেই কথাত সন্মতি দিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত গোৱেংকাৰ দলে যি দাম মাতিলে, তাত দিল্লীয়ে মাত মতাৰ সুযোগেই নাপালে। লক্ষ্ণৌৱে ২৭ কোটি টকা দিয়া হ’ব বুলি জনালে। সেয়া শুনি দিল্লী পিছিৱাই গ’ল। লক্ষ্ণৌৱে পন্তক দললৈ লৈ গ’ল।
কিন্তু নিলামৰ পূৰ্বে পন্তৰ বাবে উবুৰি খাই পৰিব বুলি ওলোৱা পৰা কেইটামান দলৰ মাজত লক্ষ্ণৌৰ নাম ওলোৱা নাছিল। তাৰ পৰিৱৰ্তে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ নামটো আহি আছিল। আনকি বহুতে এডিট কৰি চেন্নাইৰ সাজো পিন্ধাই দিছিল পন্তক। একেধৰণৰ গুণগুণনি শুনা গৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ ক্ষেত্ৰতো। অৱশ্যে শেষত চেন্নাইয়ে পন্তৰ বাবে নিবিদা নকৰিলে। লক্ষ্ণৌৱে পন্তক আজুৰি লৈ গ’ল।
অৱশ্যে পণ্টে লক্ষ্ণৌৰ অধিনায়কত্ব কৰিব নে নকৰে সেই লৈ চৰ্চাৰ সৃষ্টি হৈছে। কাৰণ লক্ষ্ণৌৱে নিলামৰ পূৰ্বে আন এজন বাওঁহতীয়া উইকেটকীপাৰ নিকোলাছ পুৰানক ধৰি ৰাখিছে। সংশ্লিষ্ট মহলে ধাৰণা কৰে যে তেওঁলোকৰ যিকোনো এজনেই অধিনায়ক হ’ব পাৰে। আনটো একাংশই অৱশ্যে ভাবে যে জাহিৰে চাগে পন্তৰ হাতত অধিনায়কত্ব দিয়াৰ পথত মত দিব।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দল (সদ্যহতে)
১) নিকোলাছ পুৰাণ (২১ কোটি টকাত ৰিটেইন কৰিছে)।
২) ৰবি বিষ্ণোই (ৰিটেইনড, ১১ কোটি টকা)।
৩) মায়ংক যাদৱ (ৰিটেইনড, ১১ কোটি টকা)।
৪) মহছিন খান (ৰিটেইনড, চাৰি কোটি টকা)।
৫) আয়ুষ বদোনী (ৰিটেইনড, ৪ কোটি টকা)