• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ৭ ৰাণতে অল আউট, গঢ়িলে আন্তৰ্জাতিক টি-২০ মেচত সৰ্বনিম্ন স্ক’ৰৰ বিশ্ব অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2024 11:42 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীৰ ক্ৰিকেটত নহয়, আনকি দেশৰ ঘৰুৱা প্ৰতিযোগিতাতো নহয়, আন্তৰ্জাতিক ক্ৰিকেট খেলত এটা দল মাত্ৰ ৭ ৰানতে বল আউট হৈছে। সেইটোও এনে এখন মেচত য’ত বিপক্ষই ২০ অভাৰত ২৭১ ৰান সংগ্ৰহ কৰিছিল।

নাইজেৰিয়া-আইভৰি কোষ্টৰ মাজত খেলা এখন খেলত সংঘটিত হৈছে এই অবিশ্বাস্য ঘটনা। ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে আফ্ৰিকান অঞ্চলৰ কোৱালিফায়াৰত নাইজেৰিয়াৰ বিৰুদ্ধে আইভৰি কোষ্টে মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়েই আউট হয়। টি-২০ আন্তৰ্জাতিক মেচত এইটোৱেই সৰ্বনিম্ন স্ক’ৰ। দুমাহ পূৰ্বে ছিংগাপুৰৰ বিৰুদ্ধে মংগোলিয়াৰ ১০ ৰানত অল আউটৰ বিশ্ব অভিলেখ ভংগ হ’ল।

Apply Now

নাইজেৰিয়াৰ লাগোছৰ টাফাৱা বেলেৱা স্কোৱাৰ ক্ৰিকেট অভালত অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেটিং কৰি নাইজেৰিয়াই ৪ উইকেটত ২৭১ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ চেলিম চালাউৱে ৫৩টা বলত ১১২ ৰানৰ ইনিংছ খেলে। ২টা ছয় আৰু ১৩টা চাৰি মাৰি চেলিমে ‘ৰিটায়াৰ্ড হাৰ্ট’ হৈ খেলপথাৰ এৰি যায়। আন এজন অ’পেনাৰ চুলেমান ৰানচিৱিয়ে ২৯টা বলত ৫০ ৰান সংগ্ৰহ কৰে।

সেইদৰে, পাঁচ নম্বৰত নমা মিডল অৰ্ডাৰৰ বেটছমেন আইজাক অকপে ২৩টা বলত ৬টা ছয় আৰু ৩টা চাৰিৰে ৬৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

কিন্তু নাইজেৰিয়াৰ বেটছমেনে এনেকৈ ‘প্ৰহাৰ’ কৰাৰ পাছত বিপৰীত ছবিখন দেখা গ’ল, যেন আইভৰিৰ বেটাৰসকলে বেট ধৰিবই নাজানে! প্ৰথম অভাৰৰ শেষৰ বলটোত অ’পেনাৰ উত্তাৰা মহম্মদ আউট হোৱাৰ সময়ত স্ক’ৰব’ৰ্ডত আছিল ৪ ৰান। তেওঁ একেৰাহে দুটা বলত দুটা ডাবল ৰাণ লৈ আউট হয়।

সেই ৪ ৰানৰ পিছতে সমগ্ৰ বেটিং লাইনআপ ভাঙি পৰিল। আৰু বাকী ৯ জন বেটছমেনে ৩ ৰান সংগ্ৰহ কৰিয়েই এজন এজনকৈ আউট হয়। ইয়াৰে প্ৰথম আৰু দ্বিতীয় উইকেট ৪ ৰাণত, তৃতীয় আৰু চতুৰ্থ উইকেট ৫ ৰাণত, পঞ্চম, ষষ্ঠ আৰু সপ্তম উইকেট ৬ ৰাণত আৰু অষ্টম, নৱম আৰু দশম উইকেট ৭ ৰানত পতন ঘটে।

প্ৰথম বলটোতে যে কোনোবাই আউট হৈছিল এনেও নহয়। প্ৰতিজন বেটছমেনে কমেও দুটা বল খেলিছিল। অৱশ্যে ইয়াত এটা লাভ হৈছে। সৰ্বনিম্ন ৭ ৰানত অল আউট হ’লেও আইভৰি কোষ্টে আন্তৰ্জাতিক টি-২০ত আটাইতকৈ কম বলত অল আউট হোৱাৰ লাজত পৰিবলগীয়া নহ’ল। দলটোৱে ৭.৩ অভাৰ বা ৪৫ টা বল খেলিছিল, সৰ্বনিম্ন বল খেলি অল আউটৰ অভিলেখ ২০২৩ চনত নাইজেৰিয়াৰ বিৰুদ্ধে ৰুৱাণ্ডাৰ ৩৭টা বল (২৪ ৰানত অল আউট) অক্ষুন্ন আছে। যোৱা মাহত আইভৰি কোষ্টক ছিয়েৰা লিয়নে ২১ ৰানত অল আউট কৰিছিল।

আনহাতে, ২৭১ ৰানৰ বিশাল ৰানৰ পিছত ৭ ৰানত অল আউট কৰিও আটাইতকৈ বিশাল জয় লাভ কৰাৰ অভিলেখো নাইজেৰিয়াই গঢ়িব পৰা নাই। টি-২০ আন্তৰ্জাতিকত ৰানৰ হিচাপত সৰ্বাধিক জয়ৰ অভিলেখ এতিয়াও হৈছে যোৱা মাহত গাম্বিয়াৰ বিৰুদ্ধে জিম্বাবুৱেৰ ২৯০ ৰানৰ জয়। নাইজেৰিয়াৰ ২৬৪ ৰানৰ জয় এই তালিকাত তৃতীয় স্থানত আছে।

অৱশ্যে ৭ ৰানত অল আউটৰ বাবেই আইভৰি কোষ্ট আন্তৰ্জাতিক ক্ৰিকেটত চৰ্চিত হ’ব। কোনোৱে বেটিং কৰিব পাৰক বা নোৱাৰক, মাত্ৰ ৭ ৰানত অল আউট হোৱাটো নিশ্চিতভাৱে কম কথা নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd