• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মছজিদৰ জৰীপত ৰণক্ষেত্ৰত পৰিণত উত্তৰ প্ৰদেশৰ চম্ভল, মৃত ৪! বন্ধ স্কুল, বিচ্ছিন্ন ইন্টাৰনেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2024 12:44 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

83
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ চম্ভল এলেকাত দেওবাৰে সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু হয়। জামা মছজিদৰ জৰীপৰ কামৰ সময়ত সংঘটিত হয় এই ঘটনা। বহুকেইজন আৰক্ষী জোৱানো আহত হয়। ঘটনাৰ পিছতে স্তব্ধ হৈ পৰে অঞ্চলটো। বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। স্কুলবোৰো বন্ধ ৰখা হৈছে।

শ্বাহী জামা মছজিদৰ স্থানত পূৰ্বতে এটা মন্দিৰ আছিল বুলি দাবী কৰা হৈছে। ১৯ নৱেম্বৰত কেলা দেৱী মন্দিৰ কমিটীয়ে চন্দাউছি আদালতত এটা গোচৰ ৰুজু কৰিছিল। অভিযোগকাৰীসকলে দাবী কৰিছে যে চম্ভলৰ শ্বাহী জামা মছজিদটো আচলতে শ্ৰী হৰিনাথ মন্দিৰ। যিটো ১৫২৯ চনত সম্ৰাট বাবৰৰ দিনত মছজিদলৈ ৰূপান্তৰিত কৰা হৈছিল। এই গোচৰৰ ভিত্তিতে ন্যায়াধীশে মছজিদটোৰ ভিডিঅ’গ্ৰাফী জৰীপৰ নিৰ্দেশ দিয়ে।

মঙলবাৰে এটা দলে জৰীপ চলাই থকাৰ সময়তে বাধাৰ সন্মুখীন হৈছিল। দেওবাৰে পুনৰ আৰম্ভ হ’ল জৰীপ। পুৱা প্ৰায় ৭:৩০ বজাত অঞ্চলটোত উপস্থিত হয় জৰীপৰ দায়িত্বত থকা দলটো। জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পানচিয়া, আৰক্ষী অধীক্ষক কৃষ্ণ বিষ্ণয়, মহকুমা দণ্ডাধীশ বন্দনা মিশ্ৰ, চক্ৰ বিষয়া অনুজ চৌধুৰী আৰু তহচিলদাৰ ৰবি সোণকাৰ আদি উপস্থিত আছিল।

জৰীপৰ সময়ত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে আগতীয়াকৈ অঞ্চলটোত আৰক্ষী আৰু ৰেপিড একচন ফৰ্চৰ সদস্যৰ বৃহৎ দল মোতায়েন কৰা হৈছিল। তথাপিও জৰীপ আৰম্ভ হোৱাৰ লগে লগে অঞ্চলটো অশান্ত হৈ পৰিল। ভিৰৰ এটা অংশই আৰক্ষীক ইটা-শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি আক্ৰমণকাৰীৰ একাংশই গুলীচালনাও কৰে। আৰক্ষীৰ গাড়ীতো অগ্নিসংযোগ কৰা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চাৰ্জৰ আশ্ৰয় লয়। আৰক্ষী-জনতাৰ সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও ৩০ জন আৰক্ষী জোৱান। পৰিস্থিতি চম্ভালিবলৈ অঞ্চলটোত অতিৰিক্ত আৰক্ষী বাহিনী আহে। ২১ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। সেই স্থানত উপস্থিত হয় মোৰাদাবাদৰ ডি আই জি।

তাৰ পিছত পুনৰ আৰম্ভ হয় জৰীপ। পুনৰ আৰক্ষীক শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে। পুনৰ লাঠিচাৰ্জ আৰম্ভ কৰিলে আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। সূত্ৰ অনুসৰি আহতসকলৰ একাংশক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd