প্ৰতিবাৰেই আই পি এলৰ নিলামত কিছু চমক থাকে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। ইয়াৰে অন্যতম এজন হৈছে জেকব বেথেল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২.৬ কোটি টকাত ক্ৰয় কৰিছে বেছিভাগ লোকেই নাম নুশুনা ক্ৰিকেটাৰগৰাকীক।
নিলামৰ আৰম্ভণিতে বিশেষ একো খৰধৰ নকৰিলেও শেষ মুহূৰ্তত কেইবাজনো প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰক তুলি নিলে বিৰাট কোহলীৰ দলটোৱে। নিলামৰ দ্বিতীয় দিনটোত ২১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীৰ বাবে আৰচিবিয়ে অল আউট যায়।
বাৰ্বাডোছত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীৰ বাবে আই পি এলৰ নিলামত উঠিল বিৰাট দাম। বেথেলৰ বেছ প্ৰাইচ আছিল ১.২৫ কোটি। ছানৰাইজাৰ্ছ হায়দৰাবাদে এই বিড আৰম্ভ কৰে। বেংগালুৰু আৰু পঞ্জাবে তাত যোগ দিয়ে। হুৰহুৰাই দাম বাঢ়িবলৈ ধৰে। অৱশেষত ২.৬ কোটি টকাত ক্ৰয় কৰে আৰ চি বিয়ে। কিন্তু কিয় তেওঁৰ পিছত দৌৰিলে বাংগালুৰুৱে?
শেহতীয়াকৈ বেথেলে টেষ্ট দলত সুযোগ পাইছে। নিউজিলেণ্ড ভ্ৰমণৰ বাবে ইংলেণ্ড দলত নিৰ্বাচিত হয়। বুঢ়া আঙুলিত ফাটি যোৱাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাহিৰ হ’ল উইকেটকীপাৰ জৰ্ডান কক্স। তেওঁৰ আঘাতে প্ৰতিশ্ৰুতিসম্পন্ন বেথেলৰ দুৱাৰ মুকলি কৰে। ২১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে বৃহস্পতিবাৰে টেষ্টত অভিষেক ঘটাব পাৰে। সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকিব।
বাওঁহতীয় বেটছমেনগৰাকীয়ে শেহতীয়াকৈ কেৰিবিয়ান ছিৰিজত অভিষেক ঘটায়। বেথেলৰ প্ৰদৰ্শনত ইংলেণ্ড মেনেজমেন্ট আনন্দিত হৈছিল। তেওঁ এদিনীয়া ক্ৰিকেট দলত নিজৰ স্থান খোদিত কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজত অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ সতীৰ্থ ফিল ছল্টে বেথেলৰ বিষয়ে কৈছে, ‘মাত্ৰ ২১ বছৰ বয়সতে তেওঁ এনেদৰে খেলি আছে যেন তেওঁ ১০০খন মেচ খেলিছে।’
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৩.৯৭। পেছাদাৰী ক্ৰিকেটত তেওঁৰ এতিয়াও শতক নাই। কিন্তু বাজবলৰ বাবে আদৰ্শ। বেটিং কৰাৰ লগতে বলিংও কৰিব পাৰে। ভাল ফিল্ডাৰো। এগৰাকী সম্পূৰ্ণ ক্ৰিকেটাৰ।
ইংৰাজ অলৰাউণ্ডাৰগৰাকীৰ খেলৰ শৈলী আক্ৰমণাত্মক। ইংলেণ্ডৰ হৈ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপতো খেলিছিল। এইবাৰ আই পি এলত চমক সৃষ্টি কৰিবলৈ সাজু হৈছে বেথেল।