বৰছলাত একেলগে জ্বলিল নৱবিবাহিত দম্পতীৰ চিতা। দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল’লে নৱবিবাহিত দম্পতীহালে।
২০ নৱেম্বৰত শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমুৱা হৈ উভতি অহা পথত নাৰায়ণপুৰ তিনিআলিত সংঘটিত হ’ল এক পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল দম্পতীহাল। কিন্তু অৱশেষত মৃত্যুৰ কোলাত শুই পৰিল দুয়ো।
অনাকাংক্ষিত এক পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক আঁকোৱালি ল’লে সংস্কৃতিৱান, প্ৰতিভাৱান স্বামী-স্ত্ৰী ৰিতম নাথ আৰু পলী দেৱীয়ে।
একেটা পথ দুৰ্ঘটনাতে থিতাতে নিহত হৈছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰত চাহ বাগিচাৰ সহঃপৰিচালক সাগৰ দাস। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈছিল ৩গৰাকী লোক। ইয়াৰে সংকটজনক অৱস্থাত আছিল পলী দেৱী আৰু ৰিটম নাথ।
ৰাস মহোৎসৱৰ পৰা জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ উভতাৰ পথত কৃতি ডেকা নামৰ এজন যুৱককো মহটিয়াই নিছিল তীব্ৰবেগী ট্ৰেভেলাখনে। তিনিওকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত ৰিটম আৰু পলীক এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে ৰিটম-পলী বহুদিনীয়া প্ৰেমে চাৰিমাহ পূৰ্বে লাভ কৰিছিল পূৰ্ণতা। ৪ মাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল পলী আৰু ৰিটমৰ।