দেশত পুনৰ দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ ছাঁ। এজন যুৱকে নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ ৪০-৫০ টুকুৰা কৰিলে। কেৱল সেয়াই নহয় হত্যা কৰাৰ আগতে তেওঁক ধৰ্ষণো কৰিছিল। তাৰ পিছত জংঘলত পেলাই দিয়ে।
এই ৰোমহৰ্ষক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ কুন্তী জিলাত। ইতিমধ্যে অপৰাধ সংঘটিত কৰা সেই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
যোৱা ২৪ নৱেম্বৰত জৰিয়াগড় থানা এলেকাৰ জোৰদাগ গাঁৱৰ সমীপৰ এখন বনাঞ্চলত মৃতদেহৰ কটা অংশ উদ্ধাৰ হৈছিল। এটা কুকুৰে সেইবোৰ খাই থকা দেখা গৈছিল। তাৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। অৱশেষত নৰেশ ভেংৰা নামৰ ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয়। তেতিয়া আৰক্ষীয়ে গম পালে যে তেওঁ কমেও ১৪ দিন পূৰ্বে তেওঁৰ লিভ ইন পাৰ্টনাৰক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু তেওঁৰ শৰীৰ টুকুৰা-টুকুৰ কৰিছিল। এই যুৱকজন পেছাত এজন কচাই।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে যুৱকজনে নিজৰ লিভ ইন পাৰ্টনাৰক অৱগত নকৰাকৈয়ে আন এগৰাকী মহিলাক বিয়া কৰাইছিল। ইফালে প্ৰেমিকায়ো তেওঁক বিয়া কৰাবলৈ জোৰ দিছিল। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁক নিজৰ ঘৰলৈ লৈ যোৱা নাছিল।
এই কাৰণেই নৰেশে আচলতে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰে। নিজৰ ঘৰলৈ নিয়াৰ অজুহাতত জোৰদাগ গাঁৱৰ ওচৰৰ এখন জংঘললৈ লৈ যায়। তাতে ধৰ্ষণ কৰাৰ পিছত প্ৰেমিকাক ডিঙি চেপি হত্যা কৰি দেহটো কমেও ৫০টা টুকুৰা কৰি কাটি পেলায়।
ঘটনাৰ তদন্তকাৰী বিষয়া অশোক সিঙে কয় যে যুৱকজনে তামিলনাডুৰ এখন মাংসৰ দোকানত কচাই হিচাপে কাম কৰি আছিল। তাতে এগৰাকী মহিলাক বিয়া কৰাইছিল। ইফালে ঝাৰখণ্ডতো তেওঁৰ লিভ ইন পাৰ্টনাৰ আছিল। জেৰাৰ সময়ত যুৱকজনে সমগ্ৰ ঘটনাৰ কথা স্বীকাৰ কৰে। যুৱকজনে হত্যাৰ পূৰ্বে বহু পৰিকল্পনা কৰিছিল বুলিও কয়।
প্ৰথমে যুৱকজনে প্ৰেমিকাক অটোৰে নিজৰ ঘৰৰ ওচৰলৈ লৈ যায় আৰু তেওঁক ৰৈ থাকিবলৈ কয়। তাৰ পাছত তেওঁ নিজৰ ঘৰলৈ গৈ চোকা অস্ত্ৰ লৈ আহে। ইয়াৰ পিছত ওচৰৰ জংঘললৈ নি প্ৰেমিকাৰ মুখখন উৰ্ণাৰ বান্ধি ধৰ্ষণ কৰে, তাৰ পিছত ডিঙি চেপি হত্যা কৰে। শেষত তেওঁৰ শৰীৰটো ৪০-৫০ টুকুৰা কৰি কাটি পেলায়।