• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home গুৱাহাটী

ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 30, 2024 9:35 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগ আৰু নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ উদ্যোগত যোৱা ২৯ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত এক আলোচনাৰ চক্ৰৰ আয়োজন কৰা হয়।

আলোচনাত অসমত ডাইনী হত্যাৰ প্ৰাদুৰ্ভাৱ আৰু অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫ ৰ বিষয়ে আলোকপাত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ অধ্যাপক ড: পলি ভ’কলিনে আদৰণি ভাষণেৰে আলোচনাৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ ৰাজ্যিক সমন্ৱয়ক গীতা ৰাণী ভট্টাচাৰ্যই ইয়াৰ পাছতে নিৰন্তৰ ট্ৰাষ্টৰ বিষয়ে এক পৰিচয়মূলক ভাষণ প্ৰদান কৰে।

Apply Now

আলোচনাত অংশগ্ৰহণ কৰা অসম মহিলা সমতা চচাইটীৰ কৰ্মী তথা সমাজ সেৱী মামণি শইকীয়া, অধিবক্তা দেৱস্মিতা ঘোষ আদি বিশিষ্ট বক্তাসকলে অসমত বিশেষকৈ কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাত ডাইনী হত্যাৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে আলোচনা কৰে। অসম মহিলা সমতা চচাইটীৰ কৰ্মী মামণি শইকীয়াই তেওঁৰ ভাষণত ডাইনী হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে কয়।

ভূক্তভূগী মহিলাসকলৰ বিৰুদ্ধে উত্থাপন হোৱা ভুৱা অভিযোগ আৰু অমানৱীয় ব্যৱহাৰৰ ঘটনাৰ উদাহৰণ দাঙি ধৰি শইকীয়াই আইনখন শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাই ।অধিবক্তা দেৱস্মিতা ঘোষে অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫ ৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰি লিংগ নিৰপেক্ষ দৃষ্টিভংগীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

আলোচনাত অংশগ্ৰহণকাৰীসকলে ডাইনী হত্যাৰ গোচৰত ভুক্তভোগীৰ ক্ষতিপূৰণ, আইনী গোচৰত ন্যায়পালিকাৰ ভূমিকা, আৰু ডাইনী হত্যা নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বাস্তৱ পদক্ষেপৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। আৰাধনা সিংহাই আঁত ধৰা অনুষ্ঠানটোৰ সামৰণি ভাষনত গীতা ৰাণী ভট্টাচাৰ্যই ডাইনী হত্যা ৰোধৰ বাবে সংকল্প প্ৰস্তাৱ পাঠ কৰি সামূহিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।

অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইনৰ সঠিক ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভট্টাচাৰ্যই উদ্বেগ প্ৰকাশ কৰে যে বৰ্তমানৰ আইনখনত সঠিকভাৱে নিৰ্দেশনাসমূহ পালন কৰা হোৱা নাই, আৰু ফলস্বৰূপে ফলপ্ৰসূ ৰূপায়ণৰ অভাৱ পৰিলক্ষিত হৈছে।

গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগ আৰু নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ যুটীয়া উদ্যোগত অসম চৰকাৰলৈ এই সম্পৰ্কে দাবী জনোৱাৰ বিষয়ে আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড: পুনম কাকতী বৰাই আলোচনাৰ মূল বিষয়সমূহ সামৰি এক সাৰাংশ আগবঢ়াই। অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই গীতালী বৰপাত্ৰগোঁহাইয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd