উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰিবলৈ ওলোৱা “টে’ট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট”ৰ চিলেবাছ হঠাৎ সলনি কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু এয়া অসম চৰকাৰ তথা শিক্ষা বিভাগৰ টোগলকী কাণ্ড বুলি অভিহিত কৰিছে।
নতুন চিলেবাছত অন্তৰ্ভুক্ত বিষয়সূচীকলৈ তীব্ৰ আপত্তি কৰি ডি ৱাই এফ আইয়ে এয়া শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ নামত অযথা মানসিক হাৰাশাস্তি বুলি অভিহিত কৰিছে। আশ্চৰ্যজনক কথা যে অসম চৰকাৰ আৰু শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিযুক্তিৰ বাবে নিৰ্দিষ্ট বিষয়ৰ ওপৰত পৰীক্ষা লোৱাৰ সলনি গণিত, সাধাৰণ জ্ঞান, সমসাময়িক বিষয়ৰ ওপৰত পৰীক্ষা লোৱাৰ বাবে আগবাঢ়িছে। এই কথাই প্ৰমাণ কৰে যে চৰকাৰ আৰু শিক্ষা বিভাগে নিৰ্দিষ্ট বিযয়ৰ শিক্ষকৰ অভিজ্ঞতা আৰু জ্ঞানক অৱজ্ঞা কৰাৰ কৌশল লৈ ন্যস্তস্বাৰ্থ পূৰণ কৰাতহে গুৰুত্ব দিছে।
একেদৰে পৰীক্ষালৈ এমাহতকৈও কম দিন বাকী থকা অৱস্থাত পৰীক্ষাৰ পাঠ্যসূচী সলনি কৰি লগতে নতুন বিষয় অন্তৰ্ভুক্ত কৰি শিক্ষিত যুৱক-যুৱতীসকলক ডাঙৰ মানসিক নিৰ্যাতন দিয়া কাৰ্যই প্ৰমাণ কৰিছে শিক্ষা বিভাগৰ বৰমূৰীয়া সকলে নীতি-নিয়মক জলাঞ্জলি দি কোনোবাৰ আঙুলিৰ ঠাৰত নাচিবলৈ আৰম্ভ কৰিছে। এনেদৰে নীতি-নিয়মক জলাঞ্জলি দি অনুষ্ঠিত কৰা পৰীক্ষাত বিষয়গত জ্ঞান আৰু বৌদ্ধিক দিশত কিমান গুৰুত্ব পাব তাক লৈ সন্দেহ সৃষ্টি হৈছে। ডি ৱাই এফ আইয়ে দাবী কৰিছে বিষয়গত জ্ঞানক প্ৰাধান্য দি শংকাহীন পৰিৱেশৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰক।