• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনখৰৰ পক্ষপাতিত্বৰ দীঘলীয়া তালিকা; সংখ্যাৰ যুঁজত নহয়, নীতিৰ যুঁজত অটল বিৰোধী!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 12, 2024 1:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মাৰ্শ্বেলৰ ঘোষণাৰ পিছতে অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ৰাজ্যসভাত প্ৰৱেশ কৰে। মঙলবাৰেই বিৰোধীয়ে তেওঁক পদৰ পৰা অপসাৰণৰ বাবে জাননী দাখিল কৰিছিল। বুধবাৰে আসনত বহাৰ পূৰ্বে তেওঁ অলপ মূৰ দোৱাই হাতযোৰ কৰি প্ৰণাম জনাই বিৰোধীক বৈশিষ্ট্যপূৰ্ণ ইংগিতেৰে সম্ভাষণ জনায়।

এই প্ৰণাম আন দিনতকৈ বেছি সময় আছিল। তেওঁৰ মুখত আছিল এটা মিচিকিয়া হাঁহি। তাৰ পাছতো বিৰোধীৰ পিনে দৃষ্টি নিক্ষেপ কৰি থাকোঁতে তেওঁৰ মুখত এক অৰ্থপূৰ্ণ হাঁহি বিৰিঙি থাকিল।

Apply Now

ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই ধনখৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, “তেওঁ নিজৰ পৰৱৰ্তী পদোন্নতিৰ বাবে চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰিছে।” অনাস্থা প্ৰস্তাৱৰ জাননীত বিৰোধীৰ অভিযোগ যে তেওঁ অধ্যক্ষৰ আসনত বহি আৰএছএছৰ প্ৰশংসা কৰে, বিৰোধীৰ কণ্ঠৰোধ কৰে। বুধবাৰে খাৰ্গেই আন বিৰোধী ৰাজ্যসভাৰ নেতাৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি দাবী কৰে যে, “ৰাজ্যসভাত অচলাৱস্থাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে অধ্যক্ষজন নিজেই ৷”

উদাহৰণস্বৰূপে বিৰোধীয়ে কয় যে বুধবাৰেও ৰাজ্যসভাৰ আৰম্ভণিতে অধ্যক্ষই আদানিৰ উপঢৌকন কাণ্ডৰ দৰে বিষয়ত বিৰোধীৰ আলোচনাৰ দাবী খাৰিজ কৰে। কিন্তু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক জৰ্জ ছোৰেছৰ কংগ্ৰেছৰ সৈতে যোগাযোগৰ অভিযোগ উত্থাপন কৰাৰ সুযোগ দিয়া হয়। বিজেপিৰ সাংসদসকলে ৰাজ্যসভাত ছোনিয়া গান্ধীৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰিছে, লোকসভাত  সাংসদ ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছে। যদিও ই নিয়মৰ বিৰোধী, তথাপিও অধ্যক্ষই অনুমোদন জনাইছে।

লগতে পঢ়কঃ বিবাহ বিচ্ছেদ! ভৰণ-পোষণৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ ৮টা বিষয় মনত ৰখা উচিত: উচ্চতম ন্যায়ালয়

ৰাজ্যসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে ১৪ দিনৰ জাননীৰ প্ৰয়োজন। চলিত অধিবেশনত ১৪ দিন বাকী নাই। তেনে ক্ষেত্ৰত যদি জাননী গ্ৰহণ কৰা হয় তেন্তে পৰৱৰ্তী অধিবেশনতো ভোটগ্ৰহণ হ’ব পাৰে। কিন্তু সংখ্যাগত শক্তিৰ অভাৱত ধনখৰৰ অপসাৰণৰ প্ৰস্তাৱ গৃহীত নহ’ব বুলি বিৰোধীয়ে জানে। কিন্তু বিৰোধীৰ একাংশৰ ধাৰণা যে এই পদক্ষেপক কলিতে নিশেষ কৰিবলৈ চলিত অধিৱেশনতে শাসকীয় শিবিৰে ভোটদান কৰিব পাৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজ্যসভাত অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছ আৰু ভাৰত বিৰোধী শক্তিৰ মাজত সম্পৰ্কৰ অভিযোগৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছে। তেওঁৰ ভাষাত “যোৱা ৭৫ বছৰৰ ইতিহাসত প্ৰথমজন ‘খেতিয়কৰ পুত্ৰ’ উপ-ৰাষ্ট্ৰপতি হৈছে। যিসকলে অধ্যক্ষক অপমান কৰিছে তেওঁলোকৰ ৰাজ্যসভাত থকাৰ কোনো অধিকাৰ নাই।” ইয়াকে লৈ বিৰোধীৰ আপত্তিৰ পিছতে অধিৱেশন স্থগিত ৰখা হয়। এই মন্তব্যৰ বাবে বিৰোধীয়ে ৰিজিজুৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ অনাৰ পৰিকল্পনা কৰিছে।

তাৰমাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিজিজুৰ সৈতে বিৰোধীৰ প্ৰস্তাৱ সন্দৰ্ভত কৌশল সম্পৰ্কে বৈঠকত মিলিত হয়। বিজেপিৰ মতে, ১৯৫২ চনৰ পিছত এয়া প্ৰথম আৰু সেয়াও মোডীৰ যুগত ৰাজ্যসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ স্বাভাৱিকতে অস্বস্তিকৰ। অৱশ্যে ধনখৰৰ আৰ এছ এছৰ প্ৰশংসাত বিৰোধীয়ে আপত্তি কৰাৰ বাবে বিজেপি-আৰ এছ এছ লাভৱান হ’ব।

লগতে পঢ়কঃ ধ*ৰ্ষণৰ বলি ২৬ সপ্তাহৰ গৰ্ভৱতী নাবালিকাক গৰ্ভপাতৰ অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

কংগ্ৰেছ নেতা খাৰ্গে, ডি এম কেৰ তিৰুচি শিৱা, তৃণমূলৰ নাদিমুল হক, চি পি এমৰ বিকাশৰঞ্জন ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে যে তেওঁলোকে ব্যক্তিগত ক্ষোভ বা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা নাই। ধনখৰৰ পক্ষপাতিত্বইহে তেওঁলোকক বাধ্য কৰাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd