• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰেণী চলি থকাৰ মাজতে হাৰ্ট এটেক, মৃত্যু ছাত্ৰীৰ! শেষ মুহূৰ্তৰ ভিডিঅ’ চালে ৰখাব নোৱাৰিব চকুপানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2024 11:27 am
65k
VIEWS
Share on FacebookShare on Twitter

শ্ৰেণীত পাঠদান চলি আছিল। শিক্ষয়ত্ৰী এগৰাকীয়ে পঢ়াই আছিল। বান্ধৱীসকলৰ লগত বহি তেওঁও পাঠদান শুনি আছিল। তেতিয়াই শ্ৰেণীৰ ভিতৰতে ঘটিল হাৰ্ট এটেক। মৃত্যুৰ কোলাত ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী। তামিলনাডুৰ ৰানিপেটৰ ​​এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।এই চাঞ্চল্যকৰ ঘটনাটো চিচিটিভিৰ ফুটেজত ধৰা পৰিছে।

জানিব পৰা মতে, পুৱা প্ৰায় ১১:৩০ বজাত এই ঘটনা সংঘটিত হয়। যোৱা ১০ ডিচেম্বৰত তামিলনাডুৰ ৰানিপেটৰ ​​চেন্নাই-বেংগালুৰু ঘাইপথত অৱস্থিত এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। ক্লাছৰ সময়ত হঠাৎ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী অচেতন হৈ পৰে। লগে লগে তেওঁক মেলবিশৰামৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

হাস্পাতালত চিকিৎসকে তেওঁক ‘মৃত’ বুলি ঘোষণা কৰে। ডাক্তৰে কয় যে তেওঁৰ হৃদৰোগৰ সমস্যা আছিল। হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ছাত্ৰীগৰাকীৰ। মৃত ছাত্ৰীগৰাকীৰ নাম অদ্বিতা। বয়স ১৪ বছৰ। মৃত ছোৱালীজনীৰ পিতৃও এজন ডাক্তৰ। নাম কে বসন্তকুমাৰ। তেওঁ ভেল্লোৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছালৰ ৰোগ বিভাগৰ মুৰব্বী বুলি জানিব পৰা গৈছে।

A 14-year-old school student from Tamil Nadu suffered a heart stroke and is no more. 🙏 pic.twitter.com/MXw3K03bx4

— Indian Tech & Infra (@IndianTechGuide) December 13, 2024

ঘটনাৰ পিছতে কাবেৰীপক্কাম আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ভেল্লোৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া শ্ৰেণীকোঠাৰ সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত ধৰা পৰিছে। সেই ছাত্ৰীগৰাকীৰ শেষ মুহূৰ্তখিনি তাতেই দেখা যায়। ভিডিঅ’টোত দেখা যায়, হঠাৎ অদ্বিতাই পাঠদান শুনি থাকোঁতে সহপাঠীৰ কান্ধত হালি ঢলি পৰে। তাৰ পিছতে অজ্ঞান হৈ পৰে।

অদ্বিতাৰ চেতনা হেৰাই যোৱা দেখি সহপাঠীসকলে চিঞৰি চিঞৰি শিক্ষয়ত্ৰীক মাতিলে। আনহাতে অদ্বিতাৰ চেতনা ঘূৰাই আনিবলৈ তেওঁক জোকাৰি থাকে। কিন্তু অদ্বিতাই কেতিয়াও চেতনা ঘূৰাই নাপালে। লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd