আজিকালি কাৰোবাৰ লগত সম্পৰ্ক গঢ়ি তোলা আৰু বজাই ৰখাটো বৰ কঠিন হৈ পৰিছে। চকুৰ আগতে সংসাৰ ভাঙি যোৱা দেখাৰ পিছত বহুতে সম্পৰ্কত সোমাব নিবিচাৰে। আজিকালি বেছিভাগ যুৱক-যুৱতীৰ পৰা বিবাহ বা সম্পৰ্কৰ ক্ষেত্ৰত নেতিবাচক সঁহাৰিয়ে দেখা যায়। কিন্তু সকলো সম্পৰ্ক ভাঙি নাযায়। সম্পৰ্কত এই ১০টা লক্ষণ থাকিলে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
১. তেওঁৰ লগত আপুনি নিজকে নিৰাপদ অনুভৱ কৰে।
২.যদি তেওঁ উদাৰ, দয়ালু আৰু সদায় আপোনাৰ যত্ন লয়।
৩.আপোনালোক দুয়ো একেলগে আনন্দ উপভোগ কৰে।
৪. জীৱনত আপোনালোকৰ আদৰ্শ আৰু লক্ষ্য একেধৰণৰ।
৫. চাওক তেওঁ আপোনাক সম্পূৰ্ণৰূপে গ্ৰহণ কৰেনে।
৬.অনবৰতে ইজনে সিজনক তুচ্ছজ্ঞান নকৰেতো?
৭. আপোনালোকে ইজনে সিজনৰ লগত ভালকৈ কথা পাতে।
৮. আপোনালোকৰ একেধৰণৰ মূল্যবোধ আছে।
৯. আপুনি তেওঁৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে।
১০. তেওঁৰ সৈতে সময় কটাবলৈ ভাল পায়।
ইয়াৰ অৰ্থ, ‘কোনোবাই যদি ভাবে যে তেওঁলোকৰ সুখ আন ঠাইত আছে, তেন্তে মই তেওঁলোকক মোৰ লগত থাকিবলৈ বাধ্য নকৰো। কাৰোবাক মোৰ জীৱনত থাকিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰি মই কেতিয়াও মোৰ জীৱনটো কঠিন কৰি তুলিব নোৱাৰিম। যদি আপুনি থাকিব বিচাৰে তেন্তে কেবল এই কাৰণেই থাকক যে আপুনি থাকিব বিচাৰে আৰু আপুনি মোক বাছি লৈছে।‘
কাৰণ সম্পৰ্কত প্ৰতিদিনে দুয়োপক্ষই ইজনে সিজনক বাছি ল’ব লাগিব। সম্পৰ্ক এটাক তেনেকুৱা সুযোগ দিয়াৰ অৰ্থ হ’ল প্ৰতিদিনে ইজনে সিজনক বুজা, গ্ৰহণ কৰা আৰু বাছি লোৱা। কিন্তু যদি সেয়া সম্ভৱ নহয় তেন্তে নিজকে অগ্ৰাধিকাৰ দিয়া আৰু নিজকে ভালপোৱাটোৱেই হ’ব পাৰে আটাইতকৈ ডাঙৰ পদক্ষেপ।