• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 8:52 am
254
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নিৰ্বাচনৰ ফলাফলৰ পিছত চলি থকা ৰাজনৈতিক অশান্তিৰ সুযোগ লৈ মোজাম্বিকৰ এখন কাৰাগাৰৰ পৰা ১৫০০ৰো অধিক কয়দী পলায়ন কৰিছে বুলি দেশখনৰ আৰক্ষীয়ে জনাইছে। বিবিচিৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে।

সংবাদমেলত আৰক্ষী অধীক্ষক বাৰ্নাৰ্ডিনো ৰাফেলে কয় যে প্ৰহৰীৰ সৈতে হোৱা সংঘৰ্ষত ৩৩ জন লোক নিহত হোৱাৰ লগতে ১৫ জন আহত হয়। ইয়াৰ পিছত আৰু প্ৰায় ১৫০ জন পলায়নকাৰীক পুনৰ আটক কৰা হৈছে বুলিও তেওঁ জনায়।

১৯৭৫ চনৰ পৰা ক্ষমতাত থকা শাসকীয় ফ্ৰেলিমো দলটোৱে অক্টোবৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা বুলি মোজাম্বিকৰ সৰ্বোচ্চ আদালতে নিশ্চিত কৰাৰ পিছতে  সোমবাৰে প্ৰতিবাদৰ সৃষ্টি হয়।

বুধবাৰে ৰাজধানী মাপুটোৰ কাৰাগাৰৰ কাষ চাপে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ দলে। কয়দীসকলে এই উত্তাল পৰিস্থিতিৰ সুযোগ লৈ এখন দেৱাল ভাঙি পলায়ন কৰে।

অক্টোবৰ মাহত বিতৰ্কিত নিৰ্বাচনৰ পিছৰে পৰা মোজাম্বিকত অস্থিৰতাৰ সৃষ্টি হৈছে। চৰকাৰী ফলাফলত দেখা গৈছে যে শাসকীয় ফ্ৰেলিমোৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডেনিয়েল চাপোৱে জয়লাভ কৰিছে।

সোমবাৰে সাংবিধানিক আদালতে চাপোৱে নিৰ্বাচনত জয়ী হোৱা বুলি ৰায় দিয়াৰ পিছতে নতুনকৈ প্ৰতিবাদৰ সূচনা হয়। একে সময়তে তেওঁৰ জয়ৰ ব্যৱধান হ্ৰাস পোৱাৰ কথাও জনায়।

অক্টোবৰ মাহত প্ৰাৰম্ভিক ফলাফলত কোৱা হৈছে যে ডেনিয়েল চাপোৱে ৭১% ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ মূল প্ৰতিদ্বন্দ্বী ভেনান্সিঅ’ মণ্ডলেনে ২০% ভোট লাভ কৰে। এতিয়া আদালতে ৰায় দিছে যে তেওঁ ৬৫% ভোটত জয়ী হোৱাৰ বিপৰীতে মণ্ডলেনৰ প্ৰাপ্ত ভোট ২৪%।

বিবিচিৰ এজন সাংবাদিকে বৰদিনৰ পূৰ্বে মাপুটো এখন ভূতৰ চহৰৰ দৰে বুলি আৱিষ্কাৰ কৰে, ১৯৭৫ চনত ফ্ৰেলিমোৱে প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত প্ৰথমবাৰ চহৰখনৰ আটাইতকৈ ভয়াৱহ অশান্তিৰ পৰা ৰক্ষা পাবলৈ প্ৰায় সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখে আৰু মানুহে ঘৰতে সোমাই থাকে।

দেশজুৰি ফ্ৰেলিমোৰ কাৰ্যালয়, আৰক্ষী থানা, বেংক আৰু কাৰখানা লুটপাত, ভাঙি-ছিঙি জ্বলাই দিয়া হৈছে। সোমবাৰৰ পৰা অশান্তিৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে বুলি মঙলবাৰে সন্ধিয়া গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

তাৰ পিছত মোজাম্বিকৰ পৰা পলায়ন কৰা মণ্ডলেনে তেওঁৰ সমৰ্থকসকলক প্ৰতাৰণাৰ নিৰ্বাচনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছিল।

সপ্তাহৰ শেষৰ ফালে ছ’চিয়েল মিডিয়াত দিয়া বাৰ্তাত তেওঁ কয় যে যদিহে ফলাফল পৰিৱৰ্তন নহয় তেন্তে “নতুন গণ বিদ্ৰোহ” হ’ব পাৰে। নিৰ্বাচনৰ পিছৰে পৰা তিনিমাহ ধৰি চলি থকা এই প্ৰতিবাদত প্ৰায় ১৫০ জন লোকৰ মৃত্যু হৈছে।

Recent News

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd