• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মুচুকুন্দৰ বিষয়ে জানেনে? জানো আহক মহাভাৰতৰ এজন ধাৰ্মিক ৰজাৰ কাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2024 7:30 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুচুকুন্দ আছিল এজন সম্ভ্ৰান্ত ৰজা। তেওঁ ধৰ্ম, সৎ সাহস আৰু ভক্তিৰ বাবে সমগ্ৰ জগতত জনাজাত আছিল। মূলতঃ ভাগৱত পুৰাণত মুচুকুন্দৰ শৌৰ্য্য, আধ্যাত্মিকতা আদিৰ বিষয়ে খুব ভালদৰে উল্লেখ আছে।

মহাভাৰতত বৰ্ণিত কাহিনী অনুসৰি, একালত দেৱতা সকলে অসুৰৰ লগত দীঘলীয়া আৰু তীব্ৰ যুদ্ধত লিপ্ত হৈছিল। সেই যুদ্ধত দেৱগণে অসুৰক পৰাস্ত কৰিব নোৱাৰি সামৰিক শক্তিৰ বাবে পৰিচিত বীৰ মুচুকুন্দৰ পৰা সহায় বিচাৰিলে। কৰ্তব্যবোধ আৰু ভক্তিবোধৰ বাবে ৰজাই তেওঁলোকক দেৱতাসকলক সহায় কৰিবলৈ সন্মত হ’ল। মুচুকুন্দই দেৱতা সকলৰ হৈ বহু বছৰ অসুৰৰ বিৰুদ্ধে অক্লান্তভাৱে যুঁজিছিল।

Apply Now

ফলত দেৱতাসকল কৃতজ্ঞ হৈ কিন্তু মুচুকুন্দক এক বৰদান আগবঢ়ালে। বছৰ বছৰ ধৰি অদম্য যুঁজত ক্লান্ত মুচুকুন্দক প্ৰয়োজন আছে এক দীঘলীয়া জিৰণিৰ। দেৱতা সকলে যেতিয়া তেওঁক বৰদান দিবলৈ বিচাৰিলে তেতিয়া তেওঁ দেৱতাসকলৰ পৰা বিঘিনিমুক্ত আৰু নিৰৱচ্ছিন্ন টোপনি বিচাৰে। দেৱতাসকলে তেওঁৰ ইচ্ছা পূৰণ কৰি এক অনন্য চৰ্ত যোগ কৰিলে। দেৱতা সকলে মুচুকুন্দক বৰ দিলে যে মুচুকুন্দই ভাগৰ নপলোৱালৈকে টোপনি যাব পাৰিব। যিয়েই তেওঁৰ টোপনি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব, তেওঁ জ্বলি ছাই হৈ যাব। তাৰ পিছত মুচুকুন্দই শুবৰ বাবে এটা নিৰ্জন গুহালৈ গ’ল আৰু তাতে নিদ্ৰাত ঢলি পৰিল। এইদৰে মুচুকুন্দ কেইবা শতিকা সেই গুহাটোতে নিদ্ৰাৰত হৈ থাকিল।

দ্বাপৰ যুগৰ সময়ত কালযৌৱন নামৰ এটা ভয়ংকৰ অসুৰে ভগৱান শ্ৰীকৃষ্ণক বধ কৰিবলৈ খেদি ফুৰিছিল।  দ্বাৰকাত উপস্থিত হৈ কালযৌৱনে ঘোষণা কৰিছিল যে হয় দ্বাৰকাম নগৰ জয় কৰিব নহয় কৃষ্ণক বধ কৰিব। কিন্তু এয়া শক্তি আৰু কৌশল দুয়োটাৰে পৰীক্ষা হ’ব বুলি জানি কৃষ্ণই প্ৰত্যক্ষ যুদ্ধত লিপ্ত হোৱাতকৈ নিজৰ বুদ্ধিৰ সহায়ত কালযৌৱনক বধ কৰাৰ সিদ্ধান্ত ল’লে।

উল্লেখ্য যে কালযৌৱন আছিল অপৰিসীম শক্তিশালী। কিন্তু প্ৰজ্ঞাৰ অভাৱ আছিল কালযৌৱনৰ।  সেই কথা জানি কৃষ্ণই কালযৌৱনৰ সৈতে মোকাবিলা কৰিবলৈ এক চতুৰ পৰিকল্পনা ৰচনা কৰিছিল। প্ৰত্যক্ষ যুদ্ধৰ পৰা হাত সাৰিবলৈ কৃষ্ণই দ্বাৰকাৰ পৰা পলায়ন কৰিছিল। শ্ৰীকৃষ্ণই পলায়ন কৰা দেখি কৃষ্ণক বধ কৰিবলৈ কালযৌৱনে পাছে পাছে খেদি গৈছিল। এইদৰে শ্ৰীকৃষ্ণই গৈ গৈ মুচুকুন্দ শুই থকা গুহাটোত প্ৰৱেশ কৰিছিল।

এইদৰে কৃষ্ণই যেতিয়া কৌশলেৰে কালযৌৱনক গুহাটোলৈ লৈ গ’ল, তেতিয়া মুচুকুন্দৰ উপস্থিতিৰ বিষয়ে অজ্ঞাত কালযৌৱনে শুই থকা মুচুকুন্দক দেখি দেখি কৃষ্ণ বুলি ভাবি ল’লে আৰু ভৰিৰে গোৰ মাৰি দিলে। যাৰফলত মুচুকুন্দ সাৰ পাই গ’ল আৰু দেৱতাৰ বৰদান অনুসৰি কালযৌৱন থিতাতে জ্বলি চাৰখাৰ হৈ গ’ল।

কালযৌৱনৰ মৃত্যুৰ পিছত মুচুকুন্দই সকলো ঘটনা উপলব্ধি কৰিলে। শ্ৰীকৃষ্ণয়ো মুচুকুন্দক নিজৰ ঐশ্বৰিক ৰূপ দেখুৱালে। তাৰপিছত মুচুকুন্দই নিদ্ৰা এৰি মোক্ষপ্ৰাপ্তিৰ বাবে গুহা এৰি এটা পৰ্বতলৈ গুচি গ’ল আৰু শৰীৰ ত্যাগ কৰি পৰমাত্মাৰ লগত নিজকে বিলীন কৰি দিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd