• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱবৰ্ষত শাৰদ-অজিতৰ বাৰ্তালাপ, ওচৰ চাপিছে ‘চাচা-ভাতিজা’ৰ এনচিপি! একত্ৰীকৰণৰ চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 2:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইমাহমান পূৰ্বে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ অন্যতম চৰ্চিত বিষয় আছিল খুড়াক-ভতিজাকৰ এন পি চিৰ যুঁজ। খবৰ আহিছে যে নিৰ্বাচনৰ পিছত পুনৰ দুয়োটা দলৰ মাজত ঘনিষ্ঠতা আহি পৰিছে। নৱবৰ্ষৰ শুভেচ্ছা বিনিময়ত দীঘলীয়া ফোন কলৰ আদান-প্ৰদানৰ পিছত খুড়াক শাৰদ পাৱাৰ আৰু ভতিজাক অজিতৰ এনচিপি একত্ৰিত হ’ব নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

অজিতৰ মাক আৰু শাৰদৰ বৌৱেক আশা পাৱাৰেও খুড়াক-ভতিজাকক একত্ৰিত কৰাত সক্ৰিয় হৈ পৰিছে। নৱবৰ্ষৰ দিনা বুধবাৰে তেওঁ পান্ধৰপুৰৰ মন্দিৰ চহৰলৈ গৈছিল। তাত থকা বিঠাল-ৰুকমণি মন্দিৰত পূজা আগবঢ়োৱাৰ পাছত আশাই সাংবাদিকৰ আগত কয় যে নতুন বছৰত খুড়াক আৰু ভতিজাকক তেওঁ একেলগে দেখিবলৈ ভাল পাব। ভগৱানৰ ওচৰত মাত্ৰ সেইটোৱেই প্ৰাৰ্থনা কৰিলোঁ।

বুধবাৰে নিশা অজিত পাৱাৰৰ এন চি পিৰ শীৰ্ষ নেতা প্ৰফুল্ল পেটেলে কয় যে শাৰদ পাৱাৰ আমাৰ বাবে ভগৱানসদৃশ। আমি সকলোৱে তেওঁক সন্মান কৰো। যেতিয়া পাৱাৰ পৰিয়াল লগ হৈ থাকে, তেতিয়া ইয়াতকৈ ভাল একো হ’ব নোৱাৰে। মই নিজকে পাৱাৰ পৰিয়ালৰ সদস্য বুলি গণ্য কৰোঁ।

অজিতৰ মাতৃ আৰু প্ৰফুল্ল পেটেলৰ বক্তব্য শুনাৰ পাছত এন চি পিৰ দুটা শিবিৰৰ নেতা-মন্ত্ৰী-বিধায়ক-সাংসদসকলে নিজৰ মতানৈক্য পাহৰি হাত মিলোৱাৰ আহ্বান জনাইছে। অজিত মাতৃ আশাৰ কথাই বহুতৰে বক্তৱ্যত প্ৰতিধ্বনিত হৈছে। আশাই কয় যে নিৰ্বাচন শেষ হ’ল। এতিয়া কিহৰ যুঁজ? এতিয়া এনচিপি দুয়োটা এক হৈ যাওক।

বিধানসভা নিৰ্বাচনত দুই এন চি পিৰ শক্তিৰ পৰীক্ষাত অজিতে খুড়াক শাৰদক বিৰাট ব্যৱধানত পৰাস্ত কৰে। ইতিমধ্যে নিৰ্বাচন আয়োগে অজিতৰ এন চি পিক মূল দল হিচাপে স্বীকৃতি দিছিল। অজিতৰ দলত আছে ৪১ জন বিধায়ক। আনহাতে খুড়াক তথা এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে ডাঙৰ আঘাতৰ সন্মুখীন হ’ল। তেওঁৰ দলে (এন চি পি-শাৰদ পাৱাৰ) মাত্ৰ দহখন আসনহে পায়।

তেওঁলোকৰ মতানৈক্য পাহৰি শাৰদ আৰু অজিতৰ ওচৰ চাপি অহাৰ ভাৱনাটোৱে চৰকাৰৰ মূল অংশীদাৰ বিজেপি আৰু ইয়াৰ মধ্যম অংশীদাৰ একনাথ শিণ্ডেৰ শিৱসেনাক চিন্তাত পেলাইছে। অজিত পাৱাৰ মহাৰাষ্ট্ৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। আন এগৰাকী উপ-মুখ্যমন্ত্ৰী শিণ্ডেৰ শিৱসেনাৰ আছে ৫৬খন আসন।

যদিহে দুয়োটা এনচিপি একত্ৰিত হয় তেন্তে শিৱসেনাৰ সৈতে তেওঁলোকৰ ব্যৱধান মাত্ৰ পাঁচখন হ্ৰাস পাব। ফলত অজিতে এই দৰদামত অতিৰিক্ত সুবিধা লাভ কৰিব। এন চি পি দুয়োটা একত্ৰিত হ’লে চৰকাৰ আৰু মিত্ৰতাৰ সমীকৰণক লৈ বিজেপিয়ে চিন্তা কৰিব লাগিব।

আনহাতে, খুড়াক-ভতিজাকৰ দল একত্ৰিত হ’লে বিৰোধী মিত্ৰজোঁট মহা বিকাশ আঘৰিঅও ক্ষতিগ্ৰস্ত হ’ব। যদিও ৰাজনৈতিক মহলৰ মতে উদ্ধৱ থাকৰেই আপাততঃ অকলে আগবঢ়াৰ চিন্তাচৰ্চা আৰম্ভ কৰিছে। স্বাভাৱিকতে বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যতক লৈও শংকাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd