• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীৰ অমানুষিক নিৰ্যাতন, অন্তহীন দাবী! বেকাৰী মালিকৰ মৃত্যুৰ পিছত পোহৰলৈ আহিল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2025 8:28 am
194
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰুৰ আই টি কৰ্মী অতুল সুভাষৰ দৰে দিল্লীৰ বেকাৰীৰ স্বত্বাধিকাৰী পুনীত খুৰানা (৪০)য়েও মৃত্যুৰ পূৰ্বে তেওঁৰ সকলো অভিযোগ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। সেই ভিডিঅ’বোৰৰ পৰাই চাঞ্চল্যকৰ অভিযোগ পোহৰলৈ আহিছে। পত্নী আৰু শহুৰেকৰ ঘৰৰ মানসিক নিৰ্যাতনৰ কথাও ওলাই পৰিছে।

ইংৰাজী নৱবৰ্ষৰ নিশা দিল্লীৰ কল্যাণ বিহাৰ অঞ্চলৰ মডেল টাউনত থকা নিজ ঘৰত আত্মহত্যা কৰে খুৰানাই। অভিযোগ অনুসৰি পত্নী আৰু শহুৰেকৰ ঘৰে তেওঁক হাৰাশাস্তি কৰিছিল। পত্নীৰ দাবী মানিবলৈ গৈ তেওঁৰ উশাহ বন্ধ হৈ আছিল।

ভিডিঅ’টোত বেকাৰীৰ মালিকে পত্নী মনিকা পাহৱাৰ সৈতে মিউচুৱেল বিবাহ বিচ্ছেদৰ মাজেৰে পাৰ হোৱাৰ কথা উল্লেখ কৰিছে। ইয়াৰ মাজতে মনিকা আৰু তেওঁৰ পৰিয়ালৰ লোকে বিভিন্ন ধৰণৰ ভাবুকি দি আছিল।

যদিও দুয়োপক্ষই কিছুমান চৰ্তত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছিল, খুৰানাই অভিযোগ কৰিছে, মনিকা আৰু তেওঁৰ পৰিয়ালৰ লোকে খুৰানাৰ পৰা অতিৰিক্ত ধন আৰু অন্যান্য বস্তু দাবী কৰিছিল। যিটো তেওঁৰ বাবে দিয়া সম্ভৱ নাছিল। অতিৰিক্ত ১০ লাখ টকা দাবী কৰা হৈছিল যিটো খুৰানাই ইয়াক দিয়াটো কাৰ্যতঃ অসম্ভৱ বুলি কোৱা শুনা গৈছিল । আৰু ঠিক এই কাৰণেই তেওঁ আত্মহত্যাৰ পথ বাছি লৈছে বুলি তেওঁ ভিডিঅ’টোত কয়।

তেওঁ কৈছে, ‘মোৰ পত্নী আৰু শহুৰৰ পৰিয়ালৰ লোকে মোক অমানৱীয় নিৰ্যাতন চলাই আছে যাৰ বাবে মই আত্মহত্যাৰ সিদ্ধান্ত লৈছো। কেইবাটাও চৰ্তত বিবাহ বিচ্ছেদ দাখিল কৰা হয়। যিটো মই ১৮০ দিনৰ ভিতৰত পূৰণ কৰিব লাগিব। কিন্তু পত্নী আৰু শহুৰৰ ঘৰৰ লোক সকলে নতুন নতুন চৰ্ত দিবলৈ ধৰিলে। মোক ১০ লাখ টকা বিচৰা হৈছিল। মোৰ সেই শক্তি নাই। ঘৰৰ মানুহৰ পৰাও বিচাৰিব নোৱাৰো কাৰণ তেওঁলোকে ইতিমধ্যে বহুত টকা দিছে।’

ইপিনে, পুনীত খুৰানাৰ কৰুণ আত্মহত্যাৰ পিছত পোহৰলৈ আহিছে নতুন চিচিটিভি ফুটেজ। য’ত পত্নীৰ লগত কাজিয়া হোৱা দেখা গৈছে। খালী কোঠা এটাত তেওঁ আৰু তেওঁৰ পত্নীয়ে উচ্চস্বৰত কথা পাতি আছে। ইজনে সিজনৰ মুখামুখি বহি থকাৰ সময়তে কঠোৰ ভাষাত শব্দৰ আদান-প্ৰদান চলি আছে। য’ত মনিকাই কোৱা শুনা যায়, মই তোমাক ১০ মিনিট দিছো, মাঠা ঠাণ্ডা কৰি বহা। তুমি কি কৰিব বিচাৰা কোৱা, মোক স্পষ্ট আৰু পোনপটীয়াকৈ উত্তৰ দিয়া।

তৰ্কাতৰ্কিৰ মাজতে মনিকা পাহোৱাই কোৱা শুনা যায় যে এনেদৰে চলি থকাৰ বাবে তেওঁৰ জীৱনটোও ধ্বংস হৈ আছে। ইয়াৰ পিছতে পুনীতৰ আত্মীয়স্বজনৰ ঠিকনা আৰু ফোন নম্বৰ তেওঁৰ হাতত আছে বুলি ভাবুকি দিয়ে। তেওঁ সকলোকে ক’ব কি হৈছে। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীৰ ‘ফৰ গডছ কেক’ নামৰ বেকাৰীৰ স্বত্বাধিকাৰী খুৰাণাই কয়, যিকোনো এদিন। আন এটা ভিডিঅ’ত পুনীতে ঘৰৰ বাবে শহুৰেকক ২ কোটি টকা ট্ৰেন্সফাৰ কৰাৰ কথা কোৱা দেখা গৈছে।

খুৰানা পৰিয়ালৰ দাবী যে তেওঁলোকৰ হাতত এনে অসংখ্য ভিডিঅ’ আৰু অডিঅ’ ক্লিপ আছে। আৰক্ষীৰ হাতত গতাই দি তেওঁলোকে অভিযোগৰ সপক্ষে যুক্তি দিব পাৰে। তেওঁলোকে পুত্ৰ বোৱাৰী আৰু শহুৰেকৰ ঘৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ঘটনাৰ ন্যায় বিচাৰিছে। আৰক্ষীয়ে খুৰানাৰ ফোনটো জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। পুনীতৰ মাকে দাবী কৰিছে, ‘তেওঁলোকৰ পৰিয়ালে মোৰ ল’ৰাটোক বিভিন্ন ধৰণে মানসিক নিৰ্যাতন কৰিছিল।’

পুনীতৰ ভনীয়েকে অভিযোগ কৰে, ‘মণিকা আৰু তেওঁৰ ভনীয়েকৰ লগতে মাক-দেউতাকেও মানসিকভাৱে অত্যাচাৰ চলাইছিল। সেই মহিলাগৰাকীয়ে পুনীতৰ ছ’চিয়েল মিডিয়া প্ৰফাইল হেক কৰি ব্লেকমেইল কৰিছিল।’

সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। ইফালে পুনীতে ৰাখি থৈ যোৱা ভিডিঅ’ই তদন্তৰ তথ্য গোটোৱাত সহায় কৰিব।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd