বিদ্যালয়ৰ ভিতৰতে এগৰাকী আঠ বছৰীয়া ছাত্ৰীৰ মৰ্মান্তিক মৃত্যু। গুজৰাটৰ আহমেদাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ঘটনা। শুকুৰবাৰে বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে হঠাৎ অসুস্থ হৈ পৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী। চিকিৎসালয়লৈ নিয়াৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই সেই কণমানি ছোৱালীজনীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
মৃত ছাত্ৰী গাৰ্গী তুষাৰ ৰাণাপাৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল। আহমেদাবাদৰ স্কুল পোৱাৰ পিছত ছাত্ৰীগৰাকীয়ে দ্বিতীয় মহলাত থকা নিজৰ ক্লাছলৈ চিৰিৰে উঠি গৈ আছিল। বিদ্যালয়খনৰ চিচিটিভি ফুটেজত দেখা গৈছে যে শিশুটিক অসুস্থ যেন লাগে, তাৰ পিছত কৰিডৰৰ চকী এখনত বহি পৰে।
বিদ্যালয়খনে এক বিবৃতিত জনোৱা মতে, কিছু সময়ৰ পিছতে ছোৱালীজনী মাটিত পৰি যায়। লগে লগে বিদ্যালয়ৰ শিক্ষকসকলে গৈ ছোৱালীজনীক চিপিআৰ দিয়ে, তাৰ পিছতে ছোৱালীজনীক চিকিৎসালয়লৈ লৈ যোৱা হয়।
বিদ্যালয়খনে চিকিৎসালয়লৈ নিয়াৰ পিছতো ছাত্ৰীগৰাকী জীৱিত থকা বুলি জানিবলৈ দিয়ে। কিন্তু তেওঁলোকৰ চেষ্টাৰ পিছতো চিকিৎসকে তেওঁক বচাব নোৱাৰিলে। বিদ্যালয়খনৰ দাবী, চিকিৎসকে কয় যে তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হৈছে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি বিদ্যালয়খনৰ কাৰ্যবাহী সঞ্চালকে জনায় যে চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰিছে আৰু তদন্ত আৰম্ভ কৰা হৈছে। লগতে বিদ্যালয় চৌহদত আৰক্ষী উপস্থিত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। আৰক্ষীৰ তৰফৰ পৰা কোনো বক্তব্য দিয়া হোৱা নাই।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ এতিয়া মুম্বাইত আছে। দেউতাক মুম্বাইত কাম কৰি আছে, মাক তেওঁক লগ কৰিবলৈ তালৈ গৈছে। গাৰ্গী ককা-আইতাকৰ লগত আছিল।
উল্লেখ্য যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ শেষৰ ফালে কৰ্ণাটকতো প্ৰায় একেধৰণৰ ঘটনা সংঘটিত হয়। স্কুলৰ কৰিড’ৰত বন্ধু-বান্ধৱীৰ সৈতে থকা অৱস্থাত হঠাৎ ঢলি পৰে এগৰাকী আঠ বছৰীয়া ছাত্ৰী। পিছত চিকিৎসকে তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি জনায়।