• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত ওদালগুৰিৰ টংলাত অগপৰ গণ স্বাক্ষৰ অভিযান

চাজিদ খান by চাজিদ খান
May 27, 2018 5:09 pm
20180527_115139
122
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনেৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ধৰ্মৰ নামত বিদেশী লোকক সংস্থাপন কৰাৰ অভিসন্ধিৰ বিৰুদ্ধে ওদালগুৰি জিলাতো প্ৰতিবাদী কাৰ্যসূচীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। দেওবাৰে ওদালগুৰি অগপ জিলা সমিতিৰ উদ্যোগত টংলাত গণ-স্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আজিৰ এই গণস্বাক্ষৰ কাৰ্যসূচীত সাহিত্যিক, সাংবাদিক, নাগৰিক সমাজৰ লগতে শিল্পী সমাজৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰি নাগিৰকত্ব বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অংশগ্ৰহণকাৰীসকলে কয় যে কেন্দ্ৰীয় চৰকাৰে ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিকক ভাৰতত সংস্থাপন দিয়াৰ যি যোজা চলাইছে সেয়া হ’লে ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে উলংঘন কৰা হ’ব।

আনহাতে অগপৰ নেতা-কৰ্মীসকলে এই বিধেয়কখন গৃহীত হ’লে অসমৰ ভাষা-সংস্কৃতিত বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে।

‘প্ৰস্তাৱিত এই বিধেয়কখনে অনুসূচিত জাতি, জনজাতিৰ লগতে অসমৰ থলুৱা লোকসকললৈ ভাবুকি কঢ়িয়াই আনিব। আৰু এই বিধেয়কখন গৃহীত হ’লে অসমত থলুৱা লোকসকল সংখ্যালঘুত পৰিণত হ’ব’। ওদালগুৰি জিলা অগপৰ সভাপতি যতিন কুমাৰ ডেকাই এইদৰে মন্তব্য কৰা দেখা যায়।

ওদালগুৰি জিলা অগপৰ উদ্যোগত চলা গণ স্বাক্ষৰ কাৰ্যসূচীত শিক্ষাবিদ বিনয় কুমাৰ মেধি, বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক নবিন চন্দ্ৰ বেজবৰুৱা, ওদালগুৰি জিলা অগপৰ যুটীয়া সম্পাদকদ্বয় প্ৰমোদ হাজৰিকা আৰু প্ৰদীপ পাঠকৰ লগতে বহুতো লোক উপস্থিত থাকে।

আজিৰ এই কাৰ্যসূচীত ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় চাৰি হেজাৰ লোকে বিধেয়কখনৰ বিৰোধীতাৰে স্বাক্ষৰ কৰে। ইফালে এই স্বাক্ষৰ সম্বলিত পত্ৰখন ওদালগুৰি জিলা অগপ সমিতিয়ে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd