বৃহস্পতিবাৰে পুৱা বলীউডৰ অভিনেতা চইফ আলী খানক মুম্বাইৰ বাসগৃহত দুৰ্বৃত্তই ছয়বাৰকৈ ছুৰীৰে আঘাত কৰে। বৰ্তমান তেওঁ লীলাৱতী হাস্পাতালত চিকিৎসাধীন হৈ আছে। অভিনেতাজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ জেৰা অব্যাহত আছে। আৰক্ষীয়ে এতিয়া বিভিন্ন কোণৰ পৰা তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ প্ৰাৰম্ভিক সূত্ৰ অনুসৰি পৰিচালিকাক লগ পোৱাৰ উদ্দেশ্যেৰে আক্ৰমণকাৰীয়ে চইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। অভিযোগ অনুসৰি তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক চলিছিল। ইয়াৰ পিছতে আক্ৰমণকাৰীয়ে পৰিচালিকাগৰাকীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। এই সময়ত চইফ আলী খান ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে অভিযুক্তই ছুৰীৰে আক্ৰমণ কৰে।
১২ নং মহলাত চইফ আলী খানৰ কোঠা। অভিনেতাজনৰ ভৱনটোৰ পিছফালৰ পৰা এটা প্ৰৱেশদ্বাৰ আছে, য’ত এজন চকীদাৰ থিয় হৈ থাকে। এই প্ৰৱেশদ্বাৰৰ নিৰাপত্তাৰক্ষীৰ দেৱালখন মাত্ৰ ৬ ফুট ওখ, যাৰ ওপৰেৰে সহজে জপিয়াই প্ৰৱেশ কৰিব পাৰি। আৰক্ষীৰ তদন্তত দেখা গ’ল যে এই প্ৰৱেশদ্বাৰ নিৰাপত্তাৰ বাবে পৰ্যাপ্ত নহয়, যাৰ বাবে আক্ৰমণত এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে।
তদন্তৰ তথ্য অনুসৰি আক্ৰমণকাৰীয়ে প্ৰথমে গৃহকৰ্মীৰ কোঠাত প্ৰৱেশ কৰে। ইয়াৰ পিছত ল’ৰা-ছোৱালীবোৰ কোঠালৈ যায়। মহিলা গৃহকৰ্মীয়ে শব্দ শুনি তালৈ গৈ অচিনাকি মানুহজনক দেখি চিঞৰি উঠে। তাৰ পিছত আক্ৰমণকাৰীয়ে মহিলা গৃহকৰ্মীগৰাকীক আক্ৰমণ কৰে। আত্মৰক্ষাৰ বাবে চইফ আলী খানকো আক্ৰমণ কৰে। সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ঘটনাৰ পিছত বান্দ্ৰাৰ সতগুৰু শৰণ ছ’চাইটিৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। পৰিয়ালৰ সৈতে ১২ নং মহলাত থাকে চইফ আলী খান। অট্টালিকাটোত প্ৰৱেশ কৰিবলৈ হ’লে কেইবাটাও নিৰাপত্তা চেকপইণ্ট পাৰ হ’ব লাগে। চিচিটিভিৰ নিৰীক্ষণ আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ পিছতো আক্ৰমণকাৰীক ৰখাব পৰা নগ’ল। আনকি ছুৰীৰে আক্ৰমণৰ পিছতো তেওঁ পলায়ন কৰিবলৈ সক্ষম হয়। এই নিৰাপত্তাজনিত ত্ৰুটিসমূহৰ তদন্ত চলি আছে। সমগ্ৰ বিষয়টো আৰক্ষীয়ে বিতংভাৱে পৰীক্ষা কৰি আছে।