অবৈধ হাতী সৰবৰাহত লাগিছে আম্বানীৰ পৰিয়াল। আম্বানীৰ পুত্ৰ চিৰিয়াখানালৈ নিব ৩৩ টাকৈ হাতী। অসমত নিশা নিশা চোৰৰ দৰে প্ৰৱেশ কৰিছে আম্বানী ছিৰিয়াখানাৰ ১৫ খনকৈ এনিমেল এম্বুলেন্স।
অসমৰ হাতীক অৰুণাচল প্ৰদেশৰ বুলি অবৈধ অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰি অসমৰ পৰা নিব আম্বানীৰ ছিৰিয়াখানালৈ দিনত লুকুৱাই ৰখা আম্বানীৰ এনিমেল এম্বুলেন্সবোৰ। ৰাতি আন্ধাৰত অসমৰ তিনিচুকীয়াহৈ গৈছে অৰুণাচলৰ দিশে।
আকৌ অসমৰ পৰা অবৈধভাৱে হাতী নিয়া হ’ব পুঁজপতি মুকেশ আম্বানীৰ পুত্ৰৰ ব্যক্তিগত ছিৰিয়াখানালৈ। গুজৰাটৰ জামনগৰস্থিত আম্বানী পৰিয়ালৰ ব্যক্তিগত ছিৰিয়াখানা বনতাৰালৈ হাতী নিবলৈ অসমত উপস্থিত হৈছে ১৫ খনকৈ এনিমেল এম্বুলেন্স। ১৫ খন এনিমেল এম্বুলেন্সেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা নিয়া হ’ব ৩৩ টাকৈ হাতী। এই হাতীবোৰ নিবলৈ পুঁজিপতি আম্বানী পৰিয়ালৰ এনিমেল এম্বুলেন্সবোৰ ৰাতি ৰাতি লুকাই চোৰকৈ অসমৰ তিনিচুকীয়া আৰু অৰুণাচলৰ দিশে অগ্ৰসৰ হৈছে।
লোকচক্ষুত পৰাৰ ভয়ত দিনত হ’লে কোনো সুৰক্ষিত স্থানত লুকুৱাই ৰখা হয় এনিমেল এম্বুলেন্সকেইখন। ৰাতি গভীৰ হোৱা লগে লগে অতি সম্তপৰ্ণে এনিমেল এম্বুলেন্সকেইখন গন্তব্য স্থানৰ দিশে ৰাওনা হয়। ইতিমধ্য ৰাতি ৰাতি গন্তব্য স্থানৰ পিনে অগ্ৰসৰ হোৱা এই এনিমেল এম্বুলেন্সখনৰ এই সমগ্ৰ দৃশ্য বন্দী কৰিছে এগৰাকী প্ৰকৃতিপ্ৰমী লোকে।
দেৱজিৎ মৰাণ নামৰ প্ৰকৃতিপ্ৰমী লোকজনে এই দৃশ্য বন্দী কৰি সামাজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, এনেদৰে ৰাতি ৰাতি চোৰৰ দৰে অসমৰ ধেমাজি লক্ষীমপুৰ, সোৱণশিৰি পাৰ কৰি অৰুণাচল প্ৰদেশলৈ গৈ আছে কমেও ৪০ জন মানু্হ আৰু ৪ খন বন্ধুক ধাৰি গাড়ী, বাকী ২০ খন মান ট্ৰাক। জানিব পৰা মতে, লাথাও নামৰ ঠাইৰ পৰা ৩৩ টা হাতী লৈ নিবলৈ যো যা কৰা হৈছে। এতিয়া অবৈধ নথি পত্ৰৰে অসমৰ হাতী লৈ যাব গুজৰাটলৈ।
অন্য এটা পোষ্টত তেওঁ লিখিছে, “এই পুঁজিবাদী বণিয়াই অসমৰ সকলো সম্পদ লুণ্ঠন কৰি আছে এতিয়া অৰণ্যৰ প্ৰাণী বিলককো সকলো নিজৰ কৰিব বিচাৰিছে। অসমৰ পৰা হাতী নিবলৈ অহা এই ট্ৰাক কেইখন যতেই দেখে ৰখাই দিয়ক, প্ৰশাসন বন বিভাগক খৱৰ দিয়ক। এনেকৈ আৰু অবৈধ বন্য প্ৰাণী সৰবৰাহ লুণ্ঠন নচলিব, ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰৰ বিভাগীয় কৰ্তিপক্ষ, পুলিচ প্ৰশাসন, সকলোকে অনুৰোধ জনাইছোঁ অসমৰ পৰা যাতে আৰু কোনো বন্য প্ৰাণীযৰ ব্যৱসায় নহয়, ইয়াতেই সমাপ্ত সব লাগিব। ”
প্ৰাপ্ত তথ্য মতে, অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লাথাওৰ পৰা প্ৰায় ৩৩ টা হাতী জামনগৰৰ আম্বানীৰ ছিৰিয়াখানালৈ নিয়াৰ যো জা চলিছে। এই হাতীকেইটা নিবলৈ লাথাও উপস্থিত প্ৰায় ১৫ খন এনিমেল এম্বুলেন্স। একাংশ মধ্যভোগী দালালৰ দ্বাৰা অসমৰ হাতীবোৰ অৰুণাচলৰ বুলি অবৈধ অনুজ্ঞাপত্ৰ তৈয়াৰ কৰি আম্বানীৰ ছিৰিয়াখানালৈ নিয়া হ’ব।
অসমৰ হাতীবোৰ কেনেকৈ অৰুণাচলৰ হাতী বুলি অবৈধ অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰি কেনেকৈ অবৈধভাৱে সৰবৰাহ কৰা হয় তাৰো ব্যাখ্যা আগবঢ়াইছে প্ৰকৃতিপ্ৰেমী দেৱজিৎ মৰাণে।
উল্লেখ্য, অৰুণাচল সীমান্তৰ বিস্তৰ এলেকাত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ সম্ভ্ৰান্ত লোকসকলে হাতী পালন কৰি আহিছে। হাতী হৈছে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু। এই পৰম্পৰাগত হাতী পালন কৰা লোকসকলৰ পৰাই ধন লালসা দি মধ্যভোগী দালালে আম্বানী ছিৰিয়াখানালৈ অবৈধভাৱে হাতীৰ চালান দিবলৈ যো জা চলাইছে। ভোগালীৰ আনন্দ উৎসৱৰ মাজতে হাতীবোৰ অসমৰ মাজেৰে সৰকাই নিয়াৰ পাং পাতিছে বুলি অভিযোগ উঠিছে।
ইফালে হাতী নিবলৈ অসম অৰুণাচলত প্ৰৱেশ কৰা প্ৰায়বোৰ এনিমেল এম্বুলেঞ্চৰে ২০২৩ চনতে ম্যাদ উকলি গৈছে। ইয়াৰ পূৰ্বে আম্বানী পৰিয়ালে ব্যক্তিগত ছিৰিয়াখানালৈ অসমৰ পৰা বহু কেইটা হাতী লৈ গৈছিল। ইতিমধ্যে তাৰে ২৩ হাতী আম্বানীৰ ছিৰিয়াখানাত মৃত্যু হোৱাৰো অভিযোগ উঠিছে। ইয়াৰ পাছত অৰুণাচলৰ বুলি কৈ অসমৰ পৰা বৃহৎ পৰিমাণ হাতী চালান যিকোনো প্ৰকাৰে ৰোধ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসমৰ প্ৰকৃতিপ্ৰমীসকলে।