• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-অৰুণাচলৰ পৰা গোপনে আম্বানীৰ চিৰিয়াখানালৈ হাতী নিয়াৰ পৰিকল্পনা : চোৰৰ দৰে প্ৰৱেশ কৰিছে ১৫ খন এনিমেল এম্বুলেন্স

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 18, 2025 12:59 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ হাতী সৰবৰাহত লাগিছে আম্বানীৰ পৰিয়াল। আম্বানীৰ পুত্ৰ চিৰিয়াখানালৈ নিব ৩৩ টাকৈ হাতী। অসমত নিশা নিশা চোৰৰ দৰে প্ৰৱেশ কৰিছে  আম্বানী ছিৰিয়াখানাৰ ১৫ খনকৈ এনিমেল এম্বুলেন্স।

অসমৰ হাতীক অৰুণাচল প্ৰদেশৰ বুলি অবৈধ অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰি অসমৰ পৰা নিব আম্বানীৰ ছিৰিয়াখানালৈ দিনত লুকুৱাই ৰখা আম্বানীৰ এনিমেল এম্বুলেন্সবোৰ। ৰাতি আন্ধাৰত অসমৰ তিনিচুকীয়াহৈ গৈছে অৰুণাচলৰ দিশে।

Apply Now

আকৌ অসমৰ পৰা অবৈধভাৱে হাতী নিয়া হ’ব পুঁজপতি মুকেশ আম্বানীৰ পুত্ৰৰ ব্যক্তিগত ছিৰিয়াখানালৈ। গুজৰাটৰ জামনগৰস্থিত আম্বানী পৰিয়ালৰ ব্যক্তিগত ছিৰিয়াখানা বনতাৰালৈ হাতী নিবলৈ অসমত উপস্থিত হৈছে ১৫ খনকৈ এনিমেল এম্বুলেন্স। ১৫ খন এনিমেল এম্বুলেন্সেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা নিয়া হ’ব ৩৩ টাকৈ হাতী। এই হাতীবোৰ নিবলৈ পুঁজিপতি আম্বানী পৰিয়ালৰ এনিমেল এম্বুলেন্সবোৰ ৰাতি ৰাতি লুকাই চোৰকৈ অসমৰ তিনিচুকীয়া আৰু অৰুণাচলৰ দিশে অগ্ৰসৰ হৈছে।

লোকচক্ষুত পৰাৰ ভয়ত দিনত হ’লে কোনো সুৰক্ষিত স্থানত লুকুৱাই ৰখা হয় এনিমেল এম্বুলেন্সকেইখন। ৰাতি গভীৰ হোৱা লগে লগে অতি সম্তপৰ্ণে এনিমেল এম্বুলেন্সকেইখন গন্তব্য স্থানৰ দিশে ৰাওনা হয়। ইতিমধ্য ৰাতি ৰাতি গন্তব্য স্থানৰ পিনে অগ্ৰসৰ হোৱা এই এনিমেল এম্বুলেন্সখনৰ এই সমগ্ৰ  দৃশ্য  বন্দী কৰিছে এগৰাকী প্ৰকৃতিপ্ৰমী লোকে।

দেৱজিৎ মৰাণ নামৰ প্ৰকৃতিপ্ৰমী লোকজনে এই দৃশ্য বন্দী কৰি সামাজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, এনেদৰে ৰাতি ৰাতি চোৰৰ দৰে অসমৰ ধেমাজি লক্ষীমপুৰ, সোৱণশিৰি পাৰ কৰি অৰুণাচল প্ৰদেশলৈ গৈ আছে কমেও ৪০ জন মানু্হ আৰু ৪ খন বন্ধুক ধাৰি গাড়ী, বাকী ২০ খন মান ট্ৰাক।  জানিব পৰা মতে, লাথাও নামৰ ঠাইৰ পৰা ৩৩ টা হাতী লৈ নিবলৈ যো যা কৰা হৈছে। এতিয়া অবৈধ নথি পত্ৰৰে অসমৰ হাতী লৈ যাব গুজৰাটলৈ।

অন্য এটা পোষ্টত তেওঁ লিখিছে, “এই পুঁজিবাদী বণিয়াই অসমৰ সকলো সম্পদ লুণ্ঠন কৰি আছে এতিয়া অৰণ্যৰ প্ৰাণী বিলককো সকলো নিজৰ কৰিব বিচাৰিছে। অসমৰ পৰা হাতী নিবলৈ অহা এই ট্ৰাক কেইখন যতেই দেখে ৰখাই দিয়ক, প্ৰশাসন বন বিভাগক খৱৰ দিয়ক। এনেকৈ আৰু অবৈধ বন্য প্ৰাণী সৰবৰাহ লুণ্ঠন নচলিব, ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰৰ বিভাগীয় কৰ্তিপক্ষ, পুলিচ প্ৰশাসন, সকলোকে অনুৰোধ জনাইছোঁ অসমৰ পৰা যাতে আৰু কোনো বন্য প্ৰাণীযৰ ব্যৱসায় নহয়, ইয়াতেই সমাপ্ত সব লাগিব।  ”

প্ৰাপ্ত তথ্য মতে, অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লাথাওৰ পৰা প্ৰায় ৩৩ টা হাতী জামনগৰৰ আম্বানীৰ ছিৰিয়াখানালৈ নিয়াৰ যো জা চলিছে। এই হাতীকেইটা নিবলৈ লাথাও উপস্থিত প্ৰায় ১৫ খন এনিমেল এম্বুলেন্স। একাংশ মধ্যভোগী দালালৰ দ্বাৰা অসমৰ হাতীবোৰ অৰুণাচলৰ বুলি অবৈধ অনুজ্ঞাপত্ৰ তৈয়াৰ কৰি আম্বানীৰ ছিৰিয়াখানালৈ নিয়া হ’ব।

অসমৰ হাতীবোৰ কেনেকৈ অৰুণাচলৰ হাতী বুলি অবৈধ অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰি কেনেকৈ অবৈধভাৱে সৰবৰাহ কৰা হয় তাৰো ব্যাখ্যা আগবঢ়াইছে প্ৰকৃতিপ্ৰেমী দেৱজিৎ মৰাণে।

উল্লেখ্য, অৰুণাচল সীমান্তৰ বিস্তৰ এলেকাত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ সম্ভ্ৰান্ত লোকসকলে হাতী পালন কৰি আহিছে। হাতী হৈছে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু। এই পৰম্পৰাগত হাতী পালন কৰা লোকসকলৰ পৰাই ধন লালসা দি মধ্যভোগী দালালে আম্বানী ছিৰিয়াখানালৈ অবৈধভাৱে হাতীৰ চালান দিবলৈ যো জা চলাইছে। ভোগালীৰ আনন্দ উৎসৱৰ মাজতে হাতীবোৰ অসমৰ মাজেৰে সৰকাই নিয়াৰ পাং পাতিছে বুলি অভিযোগ উঠিছে।

ইফালে হাতী নিবলৈ অসম অৰুণাচলত প্ৰৱেশ কৰা প্ৰায়বোৰ এনিমেল এম্বুলেঞ্চৰে ২০২৩ চনতে ম্যাদ উকলি গৈছে। ইয়াৰ পূৰ্বে আম্বানী পৰিয়ালে ব্যক্তিগত ছিৰিয়াখানালৈ অসমৰ পৰা বহু কেইটা হাতী লৈ গৈছিল। ইতিমধ্যে তাৰে ২৩ হাতী আম্বানীৰ ছিৰিয়াখানাত মৃত্যু হোৱাৰো অভিযোগ উঠিছে। ইয়াৰ পাছত অৰুণাচলৰ বুলি কৈ অসমৰ পৰা বৃহৎ পৰিমাণ হাতী চালান যিকোনো প্ৰকাৰে ৰোধ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসমৰ প্ৰকৃতিপ্ৰমীসকলে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd