নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বেৰ বহু উদ্বোধনী অনুষ্ঠানৰ দৰেই ধৰ্মনিৰপেক্ষ অনুষ্ঠান হ’ব য’ত বিভিন্ন ধৰ্মীয় নেতাৰ প্ৰাৰ্থনাকে ধৰি বহুতো পবিত্ৰ কাৰ্যসূচী থাকিব।
ৰিলিজিয়ন নিউজ চাৰ্ভিছৰ মতে, এজন ৰোমান কেথলিক যাজক আৰু ধৰ্মপ্ৰচাৰক খ্ৰীষ্টান পাদ্ৰীয়ে মুকলি আমন্ত্ৰণ আগবঢ়োৱাৰ পিছত এজন ইহুদী ৰাব্বি, মুছলমান ইমাম, খ্ৰীষ্টান পাদ্ৰী আৰু কেথলিক যাজকে আশীৰ্বাদ পৰ্বৰ নেতৃত্ব দিব।
ট্ৰাম্পে বাইবেল এখনত হাত থৈ ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰিব, আৰু প্ৰায় নিশ্চিতভাৱে “so help me God” বুলি শপত গ্ৰহণ সামৰিব — যদিও সেই চাৰিটা শব্দ সংবিধানত প্ৰয়োজনীয় নহয়।সোমবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান।
ইয়াত ভূমিকা গ্ৰহণ কৰা ছয়জন ধৰ্মীয় নেতাৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰা হৈছে।
সোমবাৰৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ সময়ত মুকলি প্ৰাৰ্থনা কৰা দুজন ধৰ্মীয় নেতাৰ ভিতৰত অন্যতম নিউয়ৰ্কৰ আৰ্চবিশ্বপ কাৰ্ডিনেল টিমোথি ড’লান। ৰেভাৰেণ্ড ড’লান আমেৰিকাৰ এজন বিশিষ্ট কেথলিক নেতা যদিও তেওঁ ট্ৰাম্পৰ ভিতৰ মহলৰ অংশ বুলি জনা নাযায়। আনকি ২০২৪ চনত তেওঁ ট্ৰাম্পক সমৰ্থন কৰা নাছিল। অৱশ্যে ২০১৭ চনত ট্ৰাম্পৰ প্ৰথম কাৰ্যভাৰ গ্ৰহণতো ৰেভাৰেণ্ড ড’লানে অংশগ্ৰহণ কৰিছিল।
ৰেভাৰেণ্ড ড’লানৰ বিপৰীতে ৰেভাৰেণ্ড ফ্ৰেংকলিন গ্ৰেহামে ট্ৰাম্পক সমৰ্থন কৰাৰ বাবে সুপৰিচিত আৰু ২০২৪ চনত কেইবাটাও নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত উপস্থিত আছিল। ২০১৬ চনতো তেওঁ ট্ৰাম্পক সমৰ্থন কৰিছিল।
বিখ্যাত ইভানজেলিষ্ট বিলি গ্ৰেহামৰ পুত্ৰ ৰেভাৰেণ্ড গ্ৰেহাম বিলি গ্ৰেহাম ইভানজেলিষ্টিক এছ’চিয়েশ্যনৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে।
সোমবাৰৰ অনুষ্ঠানৰ শেষত আশীৰ্বাদত অংশগ্ৰহণ কৰা চাৰিজন ধৰ্মৰ নেতাৰ ভিতৰত এজন হৈছে ৰাব্বি আৰি বাৰ্মান। তেওঁ নিউয়ৰ্ক চহৰৰ অৰ্থডক্স ইহুদী বিদ্যালয় য়েছিভা বিশ্ববিদ্যালয়ৰ সভাপতি। য়েছিভা বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাব্বি বাৰ্মানে নিজৰ প্ৰাৰ্থনাত ঐক্যৰ আহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে।
ৰিলিজিয়ন নিউজ চাৰ্ভিচৰ মতে ২০২৪ চনত ৰাব্বি বাৰ্মানে ট্ৰাম্পক সমৰ্থন কৰা নাছিল।
সেইদৰে, ইমাম হুছাম আল হুছেইনীয়ে মিচিগানৰ ডিয়াৰবৰ্ণৰ কাৰ্বালা ইছলামিক এডুকেচন চেণ্টাৰৰ তদাৰক কৰে। নিৰ্বাচনৰ দিনটোত ডিয়াৰবৰ্ণত ট্ৰাম্পক অভাৱনীয় জয় লাভ কৰাত সহায় কৰাৰ কৃতিত্ব তেওঁক দিয়া হৈছে।
ৰিলিজিয়ন নিউজ চাৰ্ভিছে প্ৰকাশ কৰা অনুসৰি, “প্ৰচাৰৰ অন্তিম মাহত ট্ৰাম্পৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা একাধিক মুছলমান নেতাৰ ভিতৰত আল-হুছেইনী অন্যতম আছিল।
আনহাতে, সোমবাৰৰ অনুষ্ঠানৰ শেষৰ ফালে ৰেভাৰেণ্ড লৰেঞ্জো চেৱেলেও আশীৰ্বাদ আগবঢ়াব। তেওঁ ডেট্ৰাইটৰ ১৮০ চাৰ্চৰ জ্যেষ্ঠ পাদ্ৰী। জুলাই মাহত ৰিপাব্লিকান নেচনেল কনভেনচনত ৰেভাৰেণ্ড চেৱেলে ভাষণ দিছিল।
সেইদৰে, নিউয়ৰ্কৰ ব্ৰুকলিনত বাস কৰা এজন অৱসৰপ্ৰাপ্ত কেথলিক যাজক ৰেভাৰেণ্ড ফ্ৰেংক মান।
ব্ৰুকলিনৰ ডাইচৰ কাকত দ্য টেবলেটে প্ৰকাশ কৰা অনুসৰি চাৰি বছৰতকৈও অধিক পূৰ্বে ট্ৰাম্পৰ সৈতে অপ্ৰত্যাশিত বন্ধুত্ব গঢ়ি তুলি তেওঁ উদ্বোধনী দিৱসত মঞ্চলৈ যোৱাৰ পথ বিচাৰি পাইছে।
২০২০ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰেভাৰেণ্ড মানে ট্ৰাম্পৰ সৈতে যোগাযোগ কৰি নিউয়ৰ্কৰ কুইন্সত থকা তেওঁৰ আপোনজনৰ সমাধিস্থানসমূহত অলপ বেছিকৈ বন গজি উঠা বুলি জনোৱাৰ পিছত এই বন্ধুত্বৰ সৃষ্টি হয়। ট্ৰাম্পে ৰেভাৰেণ্ড মানৰ সেইবোৰ চাফা কৰাৰ প্ৰচেষ্টাৰ শলাগ লৈ ২০২১ চনত হোৱাইট হাউছ এৰি যোৱাৰ পিছত তেওঁক এখন সভালৈ আমন্ত্ৰণ জনাইছিল।
ট্ৰাম্পৰ এই শপত গ্ৰহণৰ ৰাজকীয় অনুষ্ঠানত আৰ্শীৰ্বাদত উপস্থিত নাথাকে কোনো হিন্দু ধৰ্মগুৰু। ডোনাল্ড ট্ৰাম্পৰ প্ৰথমটো শপত গ্ৰহণত উপস্থিত থাকিলেও এইবাৰ দ্বিতীয় কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠানত আমন্ত্ৰিত হোৱা কোনো হিন্দু ধৰ্মৰ নেতা। ডোনাল্ড ট্ৰাম্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে দাবী কৰি অহাৰ পিছতো ট্ৰাম্পৰ শপত গ্ৰহণত মোদীয়েই নহয়, প্ৰাৰ্থনাৰ বাবে কোনো হিন্দু ধৰ্মগুৰুক আমন্ত্ৰণ নকৰাটোৱে স্বাভাৱিকতে অন্য কোনো ইংগিত বহন কৰিছে!