ভাৰতীয় পেৰা এথলেটিকছ জগতত শোকৰ ছাঁ। এছিয়ান পেৰা গেমছত তিনিটাকৈ স্বৰ্ণপদক অৰ্জন কৰা প্ৰতিভাৱান খেলুৱৈ নীৰজ যাদৱৰ ৪২ বছৰ বয়সত মৃত্যু ঘটিছে। মঙলবাৰে নিশা দিল্লীৰ এটা ফ্লেটত তেওঁৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, তেওঁ বিষাক্ত পদাৰ্থ সেৱন কৰাৰ সন্দেহ কৰা হৈছে। অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।
ভাৰতীয় পেৰা এথলেটিকছ দলৰ মুখ্য প্ৰশিক্ষক এছ সত্যনাৰায়ণে সংবাদ মাধ্যমক জনোৱা মতে, নীৰজে বিষাক্ত পদাৰ্থ সেৱন কৰি আত্মহত্যা কৰা বুলি তেওঁ খবৰ পাইছে। এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰশিক্ষকগৰাকীয়ে। বুধবাৰে দিল্লীৰ গুৰু তেগ বাহাদুৰ হাস্পতালত নীৰজৰ মৰণোত্তৰ পৰীক্ষা চলি থকাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে। মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আৰু তদন্তৰ পিছতহে মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক স্পষ্ট তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
নীৰজৰ মৃত্যুৰ পিছতে চৰ্চালৈ আহিছে তেওঁৰ বিগত কেইবছৰমানৰ ক্ৰীড়া-জীৱনৰ কঠিন অধ্যায়। ড’পিং নিয়ম উলংঘাৰ অভিযোগত ২০২৩ চনৰ পৰা তেওঁ চাৰি বছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছিল। এই নিষেধাজ্ঞাৰ বাবে চলিত বৰ্ষৰ আইচি–নাগোয়া এছিয়ান পেৰা গেমছতো অংশগ্ৰহণ কৰিব পৰা নাছিল তেওঁ। প্ৰশিক্ষক সত্যনাৰায়ণৰ মতে, প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰা কথাটোৱে নীৰজক মানসিকভাৱে প্ৰভাৱিত কৰি থাকিব পাৰে। অৱশ্যে এই নিষেধাজ্ঞাৰ সৈতে তেওঁৰ মৃত্যুৰ প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি এতিয়ালৈকে কোনো আনুষ্ঠানিক সিদ্ধান্ত প্ৰকাশ পোৱা নাই।
উত্তৰ প্ৰদেশৰ নীৰজ যাদৱৰ জীৱন আছিল শাৰীৰিক প্ৰত্যাহ্বান অতিক্ৰম কৰি সফলতা অৰ্জনৰ এক সংগ্ৰামৰ কাহিনী। মাত্ৰ সাত বছৰ বয়সতে পলিঅ’ৰ পৰৱৰ্তী জটিলতাৰ ফলত পক্ষাঘাতৰ সন্মুখীন হৈছিল তেওঁ। কিন্তু শাৰীৰিক সীমাবদ্ধতাক হেঙাৰ হ’বলৈ নিদি প্ৰথমে হুইলচেয়াৰ টেনিছ আৰু পিছলৈ পেৰা এথলেটিকছৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰতিষ্ঠা কৰিছিল। ২০১৫ চনৰ দিল্লী ৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত শ্বটপুট, জেভেলিন থ্ৰ’ আৰু ডিস্কাছ থ্ৰ’ত স্বৰ্ণপদক জয় কৰি বিশেষ চৰ্চালৈ আহিছিল তেওঁ।
২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান পেৰা গেমছত পুৰুষৰ এফ-৫৫ শাখাৰ জেভেলিন থ্ৰ’ত স্বৰ্ণপদক জয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থান দৃঢ় কৰিছিল নীৰজে। ২০২৩ চনত হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত জেভেলিন থ্ৰ’ আৰু ডিস্কাছ থ্ৰ’ত পুনৰ দুটাকৈ স্বৰ্ণপদক অৰ্জন কৰে তেওঁ। এই সফলতাৰ সুবাদতে এছিয়ান পেৰা গেমছত তেওঁৰ স্বৰ্ণপদকৰ সংখ্যা তিনিটালৈ বৃদ্ধি পাইছিল।
কিন্তু ২০২৩ চনৰ অক্টোবৰ মাহত বেংগালুৰুত সংগ্ৰহ কৰা প্ৰতিযোগিতাৰ বাহিৰৰ এটা নমুনাত নিষিদ্ধ ষ্টেৰয়ড ষ্টেন’জ’লল পোৱা যোৱাৰ পিছতে নীৰজৰ কেৰিয়াৰত ড’পিং বিতৰ্কৰ সূচনা হয়। ৰাষ্ট্ৰীয় ড’পিং বিৰোধী সংস্থাই তেওঁক নিষেধাজ্ঞাৰ অধীনলৈ আনে। পৰৱৰ্তী সময়ত নমুনাটোৰ ডি এন এ পৰীক্ষাৰ দাবীও উত্থাপন কৰিছিল খেলুৱৈগৰাকীয়ে। নিষেধাজ্ঞাৰ ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ হেৰুৱাইছিল তেওঁ।
এসময়ত নিজৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েৰে ভাৰতৰ বাবে স্বৰ্ণপদক কঢ়িয়াই অনা খেলুৱৈগৰাকীৰ আকস্মিক মৃত্যুৱে এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। নীৰজৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি, আৰু মৃত্যুৰ পূৰ্বে তেওঁ কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল—সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব। তেওঁৰ জীৱন আৰু কেৰিয়াৰৰ উত্থান-পতনৰ এই কৰুণ অধ্যায়ে ভাৰতীয় ক্ৰীড়া জগতকো গভীৰভাৱে শোকাহত কৰিছে।





