ক্ষমতাই মূৰত ধৰিলে নেকি ধুবুৰীৰ বিলাসীপাৰা পূব সমষ্টিৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংঘীৰ? অগপ দলৰ মিত্ৰতাৰে বিলাসীপাৰা পূব সমষ্ঠিৰ পৰা নিৰ্বাচনী বৈতৰনী পাৰ হোৱা বিজেপি বিধায়কগৰাকীৰ চক্ৰান্তৰ ফলত অগপৰ কৰ্মী সভা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উৎথাপিত হৈছে।
উল্লেখযোগ্য যে অগপৰ বিলাসীপাৰা জিলা সমিতিয়ে আজি স্থানীয় প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত এখনি কৰ্মী সভাৰ আয়োজন কৰিছিল। সেইমতে প্ৰয়োজনীয় অনুমতি লৈ প্ৰস্তুতিপৰ্ব সামৰা হৈছিল।
কিন্তু সভাৰ প্ৰায় তিনি ঘন্টা পুৰ্বে লাগিল কেনা। এন আৰ চিৰ উন্নীতকৰণৰ কাম চলি থকাৰ দোহাই দি প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত নকৰিবলৈ নগৰ সমিতিয়ে অগপক পত্ৰ দিয়ে আৰু সেই পত্ৰ পাই অগ্নীগৰ্ভা হৈ পৰে দলটোৰ সমৰ্থ তথা নেতা-কৰ্মী বৃন্দ।
উল্লেখযোগ্য যে আজিৰ সভাত দলটোৰ প্ৰবীন নেতা তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া আছিল। সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনেদৰে বাধা প্ৰদান কৰাত ক্ষুব্ধ হৈ পৰা অগপৰ বিষয়া কৰ্মীসকলে পিছত এই সভা স্থানীয় বিবাহ ভবনত অনুষ্ঠিত কৰে যদিও মন্ত্ৰী চৌধুৰীয়ে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কাৰ্যসুচী বাতিল কৰে।
বিজেপিৰ দখলত থকা নগৰ সমিতি আৰু বিধায়ক অশোক কুমাৰ সিংঘীয়ে অগপৰ এই সভা বাতিল কৰাৰ ষড়যন্ত্ৰ কৰিছিল বুলি অগপৰ কৰ্মীসকলে গুৰুতৰ অভিযোগ উত্থাপণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
সভাখনত বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে মিত্ৰদলৰ সমৰ্থসকলে। আজিৰ এই ঘটনা পিছতে ধুবুৰীৰ বিলাসীপাৰাত অগপ-বিজেপিৰ মাজত সংঘাতৰ সৃষ্টি এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে বুলি একাংশই মন্তব্য কৰে।