• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্মসূত্ৰে নাগৰিকত্ব বন্ধ কৰাৰ সিদ্ধান্ত অসাংবিধানিক; ট্ৰাম্পৰ নিৰ্দেশত স্থগিতাদেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 11:26 am
জন্মসূত্ৰে নাগৰিকত্ব বন্ধ কৰাৰ সিদ্ধান্ত অসাংবিধানিক; ট্ৰাম্পৰ নিৰ্দেশত স্থগিতাদেশ আদালতৰ
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্মসূত্ৰে নাগৰিকত্বৰ অধিকাৰৰ অন্ত পেলোৱাৰ সিদ্ধান্ত স্থগিত ৰাখিছে আমেৰিকাৰ প্ৰাদেশিক আদালতে। ছিয়াটলৰ আদালতৰ ন্যায়াধীশে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তক সম্পূৰ্ণ অসাংবিধানিক বুলি অভিহিত কৰিছে। জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব নিদিয়াৰ নিৰ্দেশনাও সাময়িকভাৱে স্থগিত ৰাখিছে।

উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে নিৰ্দেশ দিছিল যে অনুপ্ৰৱেশকাৰীৰ সন্তানক আৰু জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা নহ’ব।

ৰিপাব্লিকান নেতাৰ এই নিৰ্দেশ প্ৰকাশ পোৱাৰ পিছত আমেৰিকাৰ ২২খন প্ৰদেশে এনে নিৰ্দেশৰ বিৰুদ্ধে থিয় দিছে। কলম্বিয়া আৰু ছান ফ্ৰান্সিস্কোৰ দৰে প্ৰদেশসমূহে এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰি গোচৰ তৰিছে।

ট্ৰাম্পৰ এই নিৰ্দেশৰ বিৰুদ্ধে বষ্টন, ছিয়াটল, মেছাচুচেটছ আৰু নিউ হামচায়াৰৰ আদালতত গোচৰ ৰুজু হৈছে। বৃহস্পতিবাৰে ছিয়াটলৰ ন্যায়াধীশ জন ক’নাৰৰ আদালত কক্ষত শুনানি গ্ৰহণ কৰা হয় এই গোচৰৰ।

শুনানিৰ শেষত ন্যায়াধীশগৰাকীয়ে ট্ৰাম্পৰ এই নিৰ্দেশে সংবিধানৰ আদৰ্শ উলংঘা কৰা বুলি উল্লেখ কৰে। মন কৰিবলগীয়া যে আমেৰিকাৰ সংবিধানৰ চতুৰ্দশ সংশোধনীত উল্লেখ কৰা হৈছিল যে আমেৰিকাৰ মাটিত জন্ম হ’লেই নাগৰিকত্ব প্ৰদান কৰা হ’ব। কিন্তু ট্ৰাম্পে এই সংশোধনীৰ প্ৰত্যক্ষ বিৰোধিতা কৰিছে বুলি ছিয়াটলৰ আদালতৰ ন্যায়াধীশে কয়। কিন্তু ইয়াৰ প্ৰতি যুক্তিত আমেৰিকাৰ ন্যায় বিভাগে ট্ৰাম্পৰ এই নিৰ্দেশে কোনো ক্ষতি কৰা নাই বুলি উল্লেখ কৰে। নিৰ্দিষ্ট সময়ৰ পিছত কাৰ্যকৰী হ’ব ৰাষ্ট্ৰপতিৰ এই আদেশ। কিন্তু এতিয়াৰ বাবে ট্ৰাম্পৰ এই সিদ্ধান্ত প্ৰাদেশিক আদালতত বাধাৰ সন্মুখীন হৈছে।

নিৰ্বাচনী প্ৰচাৰৰ পৰাই ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পৰ লক্ষ্য হৈ পৰিছে অনুপ্ৰৱেশকাৰী। বৰ্তমান আমেৰিকাৰ মাটিত ১ কোটি ৪০ লাখ অনুপ্ৰৱেশকাৰী আছে। ইয়াৰে ৭ লাখ ২৫ হাজাৰ ভাৰতীয়। কিন্তু ট্ৰাম্পে স্পষ্ট কৰি দিছে যে নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা বিতাড়িত কৰা হ’ব।

কেৱল সেয়াই নহয়, আমেৰিকাৰ মাটিত জন্মগ্ৰহণ কৰা শ্ৰমিক অনুপ্ৰৱেশকাৰীৰ সন্তান পুৰণি আইন অনুসৰি আৰু আমেৰিকাৰ নাগৰিকত্বৰ বাবে যোগ্য নহ’ব। তদুপৰি পিতৃ-মাতৃৰ ভিতৰত অন্ততঃ এজনৰ গ্ৰীণ কাৰ্ড নাথাকিলে শিশুটিয়ে জন্মসূত্ৰে নাগৰিক হোৱাৰ সুযোগ নাপাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd