• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকুম্ভত মহাদুৰ্যোগ! পদপিষ্টৰ ঘটনাত কমেও ৪০ জনৰ মৃত্যু, জনালে আন্তৰ্জাতিক সংবাদ সংস্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 8:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৌনি অমৱস্যাৰ সময়ত মহাকুম্ভত অত্যধিক জনসমাগমৰ বাবে এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। প্ৰথম অৱস্থাত ১৫ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছিল। কিন্তু প্ৰায় ২০ ঘণ্টাৰ পাছতো আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ঘোষণা কৰা হোৱা নাই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ঘোষণা কৰিছে যে এই ঘটনাত ৩০ জন লোকৰ মৃত্যু আৰু কমেও ৬০ জন লোক গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে ৰয়টাৰৰ সূত্ৰ অনুসৰি এই ঘটনাত ৪০ জন লোকৰ মৃত্যু হৈছে।

প্ৰয়াগৰাজ আৰক্ষীৰ হৈ ডিআইজি বৈভৱ কৃষ্ণই সংবাদমেলত কয় যে পুৱা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত এই ভয়াবহ ঘটনা সংঘটিত হয়। মৃত্যু হৈছে ৩০ জন লোকৰ। মৃতকৰ ২৫ জনৰ চিনাক্তকৰণো সম্ভৱ হৈছে বুলিও তেওঁ কয়। বাকী ৫ জন লোকক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।

Apply Now

ইপিনে, সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যিক আৰক্ষীয়ে মৃত্যুৰ সংখ্যা ৩০ জন বুলি ঘোষণা কৰিছে যদিও তিনিটা আৰক্ষী সূত্ৰই জনোৱা মতে, এই পদপিষ্টৰ ঘটনাৰ পিছত প্ৰায় ৪০টা মৃতদেহ মৰ্গলৈ অনা হয়। হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা একাংশ লোকৰ মৃত্যু হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনায়। পবিত্ৰ স্নানৰ বাবে ভক্তসকলে নদীত নামিবলৈ ভিৰ কৰা সময়তে এই ঘটনা সংঘটিত হয়। প্ৰশাসনে আশা কৰিছিল যে এই দিনটোত ১০ কোটি লোক উপস্থিত থাকিব।

মঙলবাৰে মাজনিশা প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমলৈ লাখ লাখ ভক্তই পবিত্ৰ স্নানৰ বাবে ভিৰ কৰে। মাজনিশা কোনোবা এটা সময়ত বেৰিকেড ভাঙি যায়। ঠেলাঠেলিত চৰম বিশৃংখলতাৰ সৃষ্টি হয়। তাতেই পদপিষ্টৰ ঘটনা সংঘটিত হয়। কিন্তু ডি আই জি বৈভৱ কৃষ্ণই দাবী কৰে যে পদপিষ্টত চিকিৎসাধীন হৈ থকা গুৰুতৰভাৱে আহত লোকসকলৰ কোনো এজনৰ অৱস্থা সংকটজনক নহয় আৰু সকলো বিপদৰ বাহিৰত।

পদপিষ্টৰ ঘটনাৰ পিছত গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলী ত্ৰিবেণী সংগম খালী কৰি দিয়া হয়। কিন্তু বুধবাৰে দুপৰীয়াৰ কিছু সময়ৰ পাছতেই সাধু, সন্ন্যাসী, ভক্তসকলে এজন এজনকৈ তালৈ যাবলৈ ধৰে। পবিত্ৰ স্নানো আৰম্ভ হয়। ইফালে মৃতকৰ খবৰো আহিল।

কুম্ভমেলাত এনে দুৰ্ঘটনা নতুন কথা নহয়। মেলাৰ ইতিহাসত কোৱা হৈছে যে পবিত্ৰ স্নান কৰাৰ সময়ত বহু লোক পদপিষ্ট হৈছে। ১৯৫৪ চনত প্ৰথম কুম্ভ মেলাৰ পৰা ২০২৫ চনলৈকে তালিকাখন বৰ চুটি নহয়। ইয়াৰ পূৰ্বে ১৯৮৬, ২০০৩, ২০১৩ চনতো এনে কাণ্ড সংঘটিত হৈছিল।

ইয়াৰ পূৰ্বে প্ৰয়াগৰাজৰ কুম্ভ মেলা চৌহদত অগ্নিকাণ্ড সংঘটিত হৈছিল। ভিৰত অসুস্থ হৈ পৰাৰ ঘটনা সাধাৰণতে দেখা যায়। এইবাৰ হুলস্থুলত ইমানবোৰ মানুহৰ মৃত্যু হ’ল! ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ বিৰোধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে। ধৰ্মীয় স্থানত ‘ভিআইপি সংস্কৃতি’ৰ প্ৰসংগ তুলি টাৰ্গেট কৰা হৈছে মোডী চৰকাৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd