• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ বাবে ৭৫ লাখ টকাৰ বৃত্তিৰ ঘোষণা GNIOT গ্ৰুপ অৱ ইনষ্টিউশ্যনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2025 4:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী এনচিআৰৰ গ্ৰেটাৰ নয়ডাত অৱস্থিত প্ৰতিষ্ঠিত জিএনআইঅ’টি গ্ৰুপ অৱ ইনষ্টিটিউচনে উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উৎসৰ্গিত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ৭৫ লাখৰো অধিক মূল্যৰ বৃত্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দুশ পঞ্চাশজনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে এই শিক্ষানুষ্ঠানৰ চৌহদত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে আৰু এই পদক্ষেপেৰে প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক বিকাশৰ ছাত্ৰ-ছাত্ৰীসকলক এক নতুন দিশ দিয়াৰ প্ৰয়াস কৰিছে।

আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত জিএনআইঅ’টি গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে।

Apply Now

এই সংবাদমেলত জিআইএমএছ ইনষ্টিটিউটৰ চিইঅ’ স্বদেশ কুমাৰ সিং, সঞ্চালক ড০ ভূপেন্দ্ৰ কুমাৰ সোম, জিএনআইঅ’টি গ্ৰুপ অৱ ইনষ্টিটিউচনছ গ্ৰুপৰ আউটৰিচ মুৰব্বী পংকজ কুমাৰ আৰু আঞ্চলিক মুৰব্বী প্ৰদীপ দে-এ তেওঁলোকৰ মতামত ব্যক্ত কৰে।

প্ৰথমতে জিআইএমএছ ইনষ্টিটিউটৰ চিইঅ’ স্বদেশ কুমাৰ সিঙে ভাষণত কয় যে, “আমাৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰা যাতে তেওঁলোকে ভাৰতীয় সমাজত আৰু বিশ্বমানৰ মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰে। আমি ইয়াৰ বাবে অবিৰতভাৱে কাম কৰি আছোঁ।”

বৃত্তিৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, “আমি ৭৫ লাখ টকাতকৈ অধিক মূল্যৰ বৃত্তি প্ৰদান কৰি আছো যাতে আৰ্থিকভাৱে দুৰ্বল উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল আগুৱাই যাব পাৰে। এই অঞ্চলৰ পৰা দুশ পঞ্চাশজনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে আমাৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে, যিটো আমাৰ অনুষ্ঠানটিৰ প্ৰচেষ্টাৰ সফলতাৰ প্ৰতীক।”

ইয়াৰ পাছতে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড° ভূপেন্দ্ৰ কুমাৰ সোমে তেওঁৰ ভাষণত প্ৰতিষ্ঠানটোৰ শৈক্ষিক মানদণ্ড আৰু কৃতিত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে জিএনআইঅ’টি গ্ৰুপে অহৰহ শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নতুন মানদণ্ড নিৰূপণ কৰি আহিছে।

সোমে নিজৰ ভাষণত কয় যে “যোৱা ২৫ বছৰত এই প্ৰতিষ্ঠানটোৱে কেৱল অভিযান্ত্ৰিক আৰু পৰিচালনাৰ ক্ষেত্ৰতে নহয়, আন বহু ক্ষেত্ৰতো উৎকৃষ্টতাৰ পথ প্ৰশস্ত কৰিছে। আমাৰ প্ৰতিষ্ঠানটোৱে বিশ্বাস কৰে যে শিক্ষা কেৱল ডিগ্ৰী লাভ কৰাত সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিকশিত ব্যক্তিত্ব হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হ’ব লাগে। আমি তেওঁলোকক প্ৰয়োজনীয় দক্ষতা আৰু কাৰিকৰী জ্ঞান প্ৰদান কৰোঁ, যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হ’ব পাৰে।”

ইয়াৰ পাছতে জিএনআইঅ’টি গ্ৰুপ অৱ ইনষ্টিটিউচনৰ গ্ৰুপ হেড আউটৰিচ পংকজ কুমাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিষ্ঠানটোৱে কৰা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। তেওঁ কয়, “উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ আমি অতিশয় শলাগ লৈছো। আমি তেওঁলোকক প্ৰতিটো সম্ভাৱ্য সুযোগ প্ৰদান কৰি আমাৰ প্ৰচেষ্টাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ আগ্ৰহী।”

তদুপৰি ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰি থকা অন্যান্য পৰিকল্পনাৰ বিষয়েও কুমাৰে তথ্য প্ৰদান কৰে।

পংকজ কুমাৰে লগতে কয়, “আমাৰ নীতি হৈছে কেৱল ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাই নহয়, পেছাগত জীৱনত সফলতাৰ বাবেও তেঁওলোকক প্ৰস্তুত কৰা। আমাৰ প্ৰচেষ্টাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ব্যক্তিগত আৰু শৈক্ষিক বিকাশৰ বাবে প্ৰতিটো ধৰণৰ সহায় আগবঢ়োৱা।”

সংবাদমেলৰ শেষত ইনষ্টিটিউটৰ আঞ্চলিক মুৰব্বী প্ৰদীপ দে-এ উত্তৰ-পূব ভাৰতত প্ৰতিষ্ঠানটোৰ ক্ৰমবৰ্ধমান সুনামৰ ওপৰত আলোকপাত কৰি কয়, “উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক উন্নত সুযোগ প্ৰদানৰ বাবে আমি অহৰহ কাম কৰি আছোঁ।উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বহু কৃতিত্ব অৰ্জন কৰিছে আৰু আগন্তুক সময়ত আমি এই দিশত কাম কৰি যাম।”

প্ৰতিষ্ঠানটোৰ এই প্ৰচেষ্টাই কেৱল উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰাই নহয়, জিএনআইঅ’টি গ্ৰুপে নিজৰ শৈক্ষিক মানদণ্ড আৰু নিষ্ঠাৰে কাম কৰাৰ বাবেও নিজকে আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিছে।

এই সংবাদমেলত জিএনআইঅ’টি গ্ৰুপৰ আন সদস্যসকলো উপস্থিত আছিল, আৰু তেওঁলোকে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিষ্ঠানটোৱে লোৱা প্ৰচেষ্টাৰ বিষয়ে মনৰ ভাৱ বিনিময় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd