ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন(ডিৱাইএফআই)ৰ অসম ৰাজ্যিক সমিতিয়ে লক্ষ্য কৰিছে যে জলপৰিবহণৰ লগত জড়িত অসম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট ছ’চাইটি (এ আই ডব্লিউ টি ডি এছ)ৰ ৬ জনকৈ কৰ্মচাৰীক অন্যায়ভাৱে বৰ্খাস্ত কৰাৰ লগতে অহা ৬ মাহৰ ভিতৰত ৮ গৰাকীক কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বাবে প্ৰস্তুতি চলাইছে।
ডি ৱাই এফ আইয়ে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অভিজ্ঞ কৰ্মচাৰীসকলক অসম ইনলেণ্ড ৱাটাৰৱেছ কোম্পানী লিমিটেড নামৰ নতুন সংস্থাটোত নিয়োগ কৰিবলৈ দাবী জনাইছে।
অসম চৰকাৰৰ জলপৰিবহণ বিভাগৰ অধীনত বিশ্ব বেংকৰ অনুদানেৰে পৰিচালিত অসম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্ট প্ৰজেক্টটোৱে যোৱা কেইবাবছৰ ধৰি গুৰুতৰ অনিয়মৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত সঠিক দিশেৰে আগুৱাই যোৱা এই প্ৰকল্পটোৰ শেহতীয়াকৈ বিভাগৰ ভিতৰচৰাত আৰু মুখ্য অংশীদাৰসকলৰ মাজত সংঘাট সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ অনিয়ম ভয়াৱহভাৱে বৃদ্ধি পাইছে। ডি ৱাই এফ আইয়ে লক্ষ্য কৰিছে যে যুক্তিসংগত কাৰণ নেদেখুৱাই দক্ষ আৰু অভিজ্ঞ কৰ্মচাৰীসকলক অন্যায়ভাৱে বৰ্খাস্ত কৰা হৈছে।
সংস্থাটোৰ এই অন্যায় কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰি ডিৱাইএফআইয়ে দাবী কৰিছে যে, এ আই ডব্লিউ টি ডি এছত কাম কৰা কৰ্মচাৰীসকলৰ অভিজ্ঞতাক এআইডব্লিউচিএলৰ নিয়োগৰ ক্ষেত্ৰত যথোপযুক্ত গুৰুত্ব দিয়া হওক। ইয়াৰ লগতে অসমৰ ইনলেণ্ড ৱাটাৰৱে ট্ৰান্সপোৰ্ট (আইডব্লিউটি)ৰ বৰ্তমানৰ কৰ্মচাৰীসকলকো অগ্ৰাধিকাৰ দিয়া হওক।
ডিৱাইএফআইয়ে অসম চৰকাৰলৈ আহ্বান জনাইছে যে অসম ইনলেণ্ড ৱাটাৰৱেছ কোম্পানী লিমিটেড (এআইডব্লিউচিএল)ৰ বাবে এক যথোপযুক্ত, ন্যায়সংগত আৰু স্বচ্ছ নিয়োগ নীতি প্ৰস্তুত কৰা নিশ্চিত কৰক।