• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবৈধ ৰেট হল মাইনিঙৰ ওপৰত তীক্ষ্ণ দৃষ্টি! অসম চৰকাৰৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 10:48 am
190
VIEWS
Share on FacebookShare on Twitter

অসমত চলি থকা অবৈধ ৰেট হল মাইনিং সম্পৰ্কত অসম চৰকাৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

ডিমা হাছাও কয়লা খননৰ ট্ৰেজেডীক কেন্দ্ৰ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জনস্বাৰ্থৰ গোচৰ পঞ্জীয়ন কৰি মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সাতটা চৰকাৰী বিভাগক জাননী জাৰি কৰে।

মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰে গঠিত সংমণ্ডল বিচাৰপীঠে এই নিৰ্দেশত কয় যে, “আদালতে বিভিন্ন প্ৰতিবেদন লক্ষ্য কৰিছে য’ত উমৰাংছ’ অঞ্চলত প্ৰায় ২০০ৰো অধিক নিগনি ফুটাৰ খনি চলি আছে বুলি প্ৰকাশ পাইছে।”

বিচাৰপীঠে উল্লেখ কৰে যে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ত সংঘটিত হোৱা কয়লা খনিৰ ট্ৰেজেডী আদালতে লক্ষ্য কৰিছে।

“আদালতে এই কথাও লক্ষ্য কৰিছে যে কাৰ্বি আংলং জিলাত অবাধে ৰেট হল মাইনিং চলাই থকা হৈছে, একেখিনি কথা চৰকাৰেও লক্ষ্য কৰিছে। কিন্তু সেইবোৰ বন্ধ কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।”

উচ্চ ন্যায়ালয়ে ৭ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ দিবলৈ জাননী প্ৰেৰণ কৰা ৭ টা বিভাগক নিৰ্দেশ দিছে।

মুখ্য সচিবৰ উপৰি উচ্চ ন্যায়ালয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ, খনি আৰু খনিজ পদাৰ্থ, পৰিৱেশ আৰু বন, গৃহ আৰু ৰাজনৈতিক, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ জাননী জাৰি কৰে।

উল্লেখ্য যে যোৱা ৬ জানুৱাৰীত উমৰাংছ’ অঞ্চলৰ কয়লা কুৱেৰীৰ ভিতৰত আবদ্ধ হৈ পৰিছিল কমেও ৯ জন শ্ৰমিক।

ইয়াৰে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় যদিও খনিটোত এতিয়াও সন্ধানহীন হৈ আছে পাঁচজন শ্ৰমিক।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনত ৰেট হল মাইনিং নিষিদ্ধ কৰিছিল। কিন্তু উত্তৰ-পূবত এতিয়াও এই অবৈধ পদ্ধতিৰে কয়লা নিষ্কাশন কৰা হয়।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd