গুৱাহাটীত নৰ্দমা নিষ্কাশন ব্যৱস্থাত কাম কৰা তিনিজন শ্ৰমিকৰ ওপৰত এখন পুৰণি দেৱাল ভাঙি পৰাত গুৰুতৰভাৱে আহত হয়।
গুৱাহাটীৰ আঠগাঁৱৰ চাবিপুল চাৰিআলিৰ সমীপত এই ঘটনা সংঘটিত হয়। তাত লোক নিৰ্মাণ বিভাগৰ মহানগৰজোৰা নলা নিষ্কাশন প্ৰকল্পৰ অংশ হিচাপে শ্ৰমিকসকলে খন্দা আৰু নিষ্কাশণৰ কামত নিয়োজিত হৈ আছিল।
আহত শ্ৰমিক সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰা হয়।
প্ৰাথমিক খবৰ অনুসৰি এজন শ্ৰমিকৰ অৱস্থা সংকটজনক হৈ আছে।
বাৰিষাৰ সময়ত আগলৈ সু-প্ৰস্তুত নিষ্কাশন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় কাম-কাজ হাতত ল’বলৈ সমগ্ৰ গুৱাহাটীতে বৃহৎ সংখ্যক শ্ৰমিকক নিয়োজিত কৰা হৈছে।
দেৱাল ভাঙি পৰা এই ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।