যোগী আদিত্যনাথৰ পিছত এইবাৰ কুম্ভমেলাত প্ৰৱেশ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পিছত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পত্নীৰ সৈতে প্ৰয়াগৰাজলৈ গৈ স্নান কৰে।
মূৰত শিৱলিং লৈ গংগাত ডুব মাৰে ধনখৰে। স্নানৰ পাছতে ধনখৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰি মহাকুম্ভৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
সংগমত গা ধুই সংবাদ মাধ্যমৰ মুখামুখি হয় জগদীপ ধনখৰ। কুম্ভত বিপুল জনসমাগম দেখি তেওঁ আক্ষৰিক অৰ্থত বিশ্ববাসীৰ আগত ঘোষণা কৰে যে কুম্ভলৈ অহা লোকৰ সংখ্যা আমেৰিকাৰ মুঠ জনসংখ্যাৰ সমান।
তেওঁৰ ভাষাত, “এক কথাত ক’বলৈ গ’লে এই পৰিঘটনা ঐতিহাসিক। পৃথিৱীৰ আন কোনো ঠাই নাই য’ত ইমানবোৰ মানুহ একে ঠাইতে গোট খাইছে। এই বিশাল জনসমাগমক চম্ভালিবলৈ প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া এক কথাত ক’বলৈ গ’লে অসাধাৰণ। ভাৰতত এনে এক অনুষ্ঠান আয়োজন কৰাটো সম্ভৱ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। মই আপ্লুত হৈছো।”
কিন্তু কুম্ভ পৰিচালনাৰ বাবে ধনকাৰে যোগীক প্ৰশংসা কৰিলেও বিতৰ্কই এৰা নাই। ২৯ জানুৱাৰীত কুম্ভত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু হৈছিল। চৰকাৰী তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ৩০ জন আৰু আহতসকলৰ সংখ্যা ১০০ৰো অধিক। কিন্তু সাধাৰণ মানুহে দাবী কৰে যে ইয়াৰ প্ৰকৃত সংখ্যা আচলতে তাৰ দুগুণ।
কুম্ভ দুৰ্ঘটনাৰ বিষয়ে সাংবাদিকে সোধাত ধনখৰে কয় যে, “এটা দুৰ্ঘটনা সংঘটিত হোৱাটো সঁচা। কিন্তু ভাবি চাওকচোন, প্ৰশাসনে কিমান সোনকালে, কিমান অবিশ্বাস্যভাৱে দ্ৰুতগতিত পৰিস্থিতিটো চম্ভালিছে।”
খাদ্যৰ পৰা আৰম্ভ কৰি লাখ লাখ শৌচাগাৰলৈকে সকলো ব্যৱস্থাৰ বাবে যোগীক প্ৰশংসা কৰি ধনকাৰে কয় যে মোৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো আছিল সংগমত স্নান কৰা। ভাৰতৰ দৰে ধুনীয়া দেশ পৃথিৱীত নাই। যোগীজীয়ে দেখুৱাইছে যে যদি আপোনাৰ দৃঢ়তা, সংস্কাৰ, আৰু দেশৰ বাবে কিবা এটা কৰাৰ ইচ্ছা থাকে, তেন্তে আপুনি যিকোনো অসম্ভৱ কাম সম্পন্ন কৰিব পাৰে।”