“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বছৰি একলাখ নিবনুৱাৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি এক ভেকোঁভাওনাৰ বাহিৰে আন একো নহয়। বিজেপি মিত্ৰজোঁটৰ চৰকাৰে নতুন কৰ্মসংস্থাপনৰ সৃষ্টিৰ ক্ষেত্ৰত চূড়ান্তভাবে ব্যৰ্থ হৈছে। ৰাজ্যখনত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যাই ২৯ লাখৰ সীমা অতিক্রম কৰিছে। ইতিমধ্যে এই কথা প্ৰকাশ পাইছে যে ৰাজ্যৰ প্ৰায় ২৯,৩৩, ৭৩৮ গৰাকী পঞ্জীয়নকৃত নিবনুৱাৰ ভিতৰত অকল গুৱাহাটীতে আছে প্রায় আঢ়ৈ লাখ। ” আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আপ যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকাই সংবাদ মেলত নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে এনেদৰে সৰৱ হয়।
আপৰ যুৱনেতাগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰ সমালোচনা কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লী বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসম চৰকাৰৰ সফলতাৰ ফটাঢোল কোবোৱা বুলি অভিযোগ উত্থাপন কৰে আপ যুৱ শক্তিৰ নেতা জিতু ডেকাই।
আনহাতে ৰাজ্যখনত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি অসম চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৃষ্ঠপোষকতা কৰাৰ অভিযোগ আম আদমী পাৰ্টিৰ। সংবাদমেলত আপ যুৱ শক্তিৰ সাধাৰণ সম্পাদক সৌৰভ কলিতাই বিজেপি চৰকাৰে বিগত ৮ বছৰত ৮,০৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাটো এক নজিৰ বিহীন ঘটনা বুলি উল্লেখ কৰে। যুৱ শক্তিৰ সাধাৰণ সম্পাদক কলিতাই অসমৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে দিল্লী মডেল গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
তেওঁ কয়, যি সময়ত দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে বিশ্ব মানৰ চৰকাৰী স্কুল স্থাপন কৰি দৃষ্টান্ত দেখুৱাইছে, সেই সময়ত অসমত চৰকাৰী স্কুল বন্ধ কৰি ৰাজ্যবাসীৰ মূৰত ৰামটাঙোন সোধাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো স্পষ্ট নীতি নথকাৰ বাবে আজি ক্ৰমাৎ বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ‘ ৰাজ্য চৰকাৰৰ চৰকাৰী শিক্ষা খণ্ড আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ব্যৰ্থতাৰ বিৰুদ্ধে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ যুৱনেতাগৰাকীয়ে।