মন্ত্ৰী হোৱাৰ আশাত চেঁচাপানী পৰিল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় বুলি কোৱাৰ লগে লগে বিধায়ক কলিতাৰ আশাত চেঁচাপানী পৰিল। ৰাজ্যিক সভাপতিৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছতে ৰঙিয়াৰ বিজেপি ভৱেশ কলিতাৰ ভৱিষ্যতক লৈ চৰ্চা চলিছিল। মুখ্যমন্ত্ৰী শৰ্মাই কলিতাক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিব বুলিও চৰ্চা চলিছিল।
ইপিনে বিধায়ক কলিতাই নিজৰ ঘণিষ্ঠ মহলক মন্ত্ৰীত্ব লাভ কৰিব বুলিও সদৰী কৰিছিল। ভৱেশ কলিতাই ৰাজহ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিব বুলিও সংবাদ প্ৰকাশ পাইছিল। কিন্তু এই সকলো জল্পনা কল্পনা অন্ত পেলালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই স্পষ্টভাৱে প্ৰকাশ কৰিছে যে ২৬ বিধানসভাৰ নিৰ্বাচনলৈকে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কোনো সম্ভাৱনা নাই।
ইয়াৰ লগে লগে ভৱেশ কলিতাৰ মন্ত্ৰী হোৱা সম্ভাৱনাই অনিশ্চিত হৈ পৰিল। উল্লেখ্য যে হিমন্ত বিশ্ব মন্ত্ৰীসভাত অন্তর্ভুক্ত হোৱাৰ আশা কৰিয়েই বিনাদ্বিধাই ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি পদ এৰিছিল। ভৱেশ কলিতাই অব্যাহতি লোৱাৰ পাছতে লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত হয়। ইয়াৰ পাছতে ভৱেশ কলিতা বিজেপিৰ সাধাৰণ বিধায়ক হৈ পৰে। ৰাজ্যিক সভাপতিৰ পৰা এজন সাধাৰণ বিধায়কলৈ একপ্ৰকাৰৰ অৱনমিত হোৱা ভৱেশ কলিতা ৰাজনৈতিক ভৱিষ্যৎ কি হ’ব তাকে লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে। ২৬ লৈ সাধাৰণ বিধায়ক হৈয়ে থাকিব লাগিব নেকি ভৱেশ কলিতাই?
এজন সাধাৰণ বিধায়ক ৰূপে দল বা চৰকাৰত গুৰুত্ব নাইকিয়া হৈ পৰিব ভৱেশ কলিতাৰ। সভাপতি ত্যাগ কৰাৰ পাছত মন্ত্ৰীও যদি নহয়, তেন্তে কেৱল বিধায়ক হৈ থাকিলে অসমৰ ৰাজনীতিত তেওঁৰ বিশেষ গুৰুত্ব থাকিব নে? নে হাউছ ফেডৰ অধ্যক্ষৰ দায়িত্বতেই সীমাৱদ্ধ হৈ থাকিব আছে বিধায়ক ভৱেশ কলিতাৰ ভৱিষ্যৎ। উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল কলিতাই। তেওঁৰ ওপৰত নাস্ত কৰা হৈছিল জলসিঞ্চন, শিক্ষা আৰু ৰাজহ বিভাগ। ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা বিজেপি দলক প্রতিনিধিত্ব কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিধায়ক হৈ ৰাজ্যিক বিজেপিৰ সভাপতি হৈছিল ভৱেশ কলিতাই। এতিয়া স্থান হেৰুওৱাই মানো হেৰুওৱাৰ দশা ভৱেশ কলিতাৰ।