দিল্লী বিধানসভাৰ নির্বাচনত পৰাজিত হ’ল আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱাল৷ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়াও নিৰ্বাচনত পৰাস্ত হয়।
অৱশ্যে বিদায়ী দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই জয়লাভ কৰে।
২৭ বছৰৰ পাছত দিল্লী বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সাজু হৈছে বিজেপিয়ে। ইজনৰ পিছত সিজন আপৰ হেভিৱেট প্ৰাৰ্থীক পৰাজিত কৰিছে বিজেপিয়ে।
নতুন দিল্লী সমষ্টিত ৩ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী পৰ্বেশ চাহিব সিঙে অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰে।
আনহাতে, জাংপুৰাৰ সমষ্টিত পৰাজিত হ’ল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া। প্ৰায় ৬০০ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী তৰবিন্দৰ সিং মাৰৱাই চিছ’দিয়াক পৰাস্ত কৰে।
ইয়াৰ উপৰিও শলিমাৰ বাগ সমষ্টিত আপ প্ৰাৰ্থী বন্দনা কুমাৰীক বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তাই ২৯,৫৯৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
ত্ৰি নগৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তিলক ৰাম গুপ্তাই আপৰ প্ৰাৰ্থী প্ৰীতি জিতেন্দ্ৰ টোমাৰক ১৫,৮৯৬ টা ভোটত পৰাস্ত কৰে।
ৰাজৌৰী গাৰ্ডেন সমষ্টিত বিজেপি প্ৰাৰ্থী মঞ্জিন্দৰ সিং ছিৰছাৰ হাতত ১৮,১৯০ টা ভোটত পৰাস্ত হয় আপ প্ৰাৰ্থী এ ধনৱতী চাণ্ডেলা।
ৰাজিন্দৰ নগৰ সমষ্টিত আপৰ দুৰ্গেশ পাঠক বিজেপিৰ প্ৰাৰ্থী উমাং বাজাজৰ হাতত ১২৩১টা ভোটত পৰাস্ত হয়।
সংগম বিহাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী চন্দন কুমাৰ চৌধুৰীয়ে আপৰ প্ৰাৰ্থী দীনেশ মহনীয়াক ৩৪৪ টা ভোটত পৰাস্ত কৰে।
ইফালে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী ৰমেশ বিধুৰীক ৩ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে আপৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে।