• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত বাঢ়িছে দুৰ্নীতি! Corruption Index-২০২৪ত ৯৬ সংখ্যক স্থান ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 4:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্থনৈতিক বিকাশ বা উদ্যোগীকৰণতকৈ দুৰ্নীতিমুক্ত দেশ গঢ়াৰ কথা ক্ষমতালৈ অহাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দেখুৱাই আহিছে। চৰকাৰী বা ৰাজনৈতিক অনুষ্ঠানেই হওক, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কেবিনেট সদস্যসকলে সকলোতে দুৰ্নীতি ৰোধৰ কথা কোৱা শুনা যায়। কিন্তু কথাবোৰৰ বাস্তৱৰ লগত মিল আছেনে? শেহতীয়া সমীক্ষাৰ প্ৰতিবেদনে অৱশ্যে ইয়াৰ বিপৰীত কথাহে সূচায়। দেখা গৈছে যে দুৰ্নীতিৰ সূচকাংকৰ ক্ষেত্ৰত ভাৰতৰ ৰেংকিং আৰু তললৈ  গৈছে। বিশ্বৰ ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৯৬তম। যোৱা বছৰ ই আছিল ৯৩ সংখ্যক।

জাৰ্মান সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলে প্ৰতি বছৰে দুৰ্নীতিৰ ধাৰণা সূচকাংক প্ৰকাশ কৰে। এখন দেশ দুৰ্নীতিয়ে কিমান জুৰুলা কৰিছে সেই কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শেহতীয়াকৈ এখন প্ৰতিবেদন প্ৰকাশ পাইছে য’ত ২০২৪ চনত দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰতিখন দেশে ক’ত থিয় দিছে সেইটো সঠিকভাৱে দেখুওৱা হৈছে। ‘ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল’ৰ প্ৰতিবেদনত কোৱা হৈছে যে কেৱল ভাৰততে নহয়, চুবুৰীয়া দেশ বাংলাদেশ আৰু পাকিস্তানতো পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। সূচকাংক তালিকাত দেশদুখন্ৰ স্থান ক্ৰমে ১৫১ আৰু ১৩৫ নম্বৰত আছে।

Apply Now

জাৰ্মান সংস্থাটোৱে এই তালিকাখন এনেধৰণে তৈয়াৰ কৰে যে এখন দেশে ১০০ৰ ভিতৰত কিমান পইণ্ট পায়। ২০২৪ চনৰ ট্ৰাইলত ভাৰতে লাভ কৰিছিল ৩৮পইণ্ট। বাংলাদেশ ২৩ আৰু পাকিস্তানে ২৭। শ্ৰীলংকাৰ স্থিতিও হ্ৰাস পাইছে। যোৱাবাৰৰ পৰা দেশখনৰ দুটা স্থান হ্ৰাস পাইছে। কিন্তু প্ৰতিবেদন অনুসৰি চীনত দুৰ্নীতি সামান্য হ্ৰাস পাইছে। তালিকাত এখোজ ওপৰলৈ উঠিছে। যোৱা বছৰ চীনে ৭৭ নম্বৰ স্থান লাভ কৰিছিল। এইবাৰ চীন ৭৬ নম্বৰত আছে।  চীনে ১০০ৰ ভিতৰত ৪৩ পইণ্ট সংগ্ৰহ কৰিছে। আমেৰিকাত দুৰ্নীতি বৃদ্ধি পাইছে। এই তালিকাত আমেৰিকাৰ স্থান ২৮ নম্বৰ। যোৱাবাৰ আমেৰিকা ২৪ নম্বৰত আছিল।

প্ৰসংগক্ৰমে ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলে অৰ্থনৈতিক স্বচ্ছতা বা অস্পষ্টতাৰ বিভিন্ন সূচকৰ ওপৰত এক সমীক্ষা কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই তথ্যসমূহ বিশ্ব বেংক, আফ্ৰিকান ডেভেলপমেণ্ট বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক, আৰু আইএমডি বিজনেছ স্কুলৰ দৰে আগশাৰীৰ বিত্তীয় বা ব্যৱসায়িক পৰিচালনা সংস্থাৰ পৰা লোৱা হৈছে। তাৰ ওপৰত ভিত্তি কৰি সংখ্যা দিয়া হয় আৰু এখন তালিকা তৈয়াৰ কৰা হয়।

ডেনমাৰ্ক আকৌ এবাৰ প্ৰথম স্থানত আছে আটাইতকৈ দুৰ্নীতিমুক্ত দেশ হিচাপে। বিশেষজ্ঞসকলৰ মতে এই দেশসমূহ এদিনতে সপোনৰ ভূমিলৈ ৰূপান্তৰিত হোৱা নাছিল। তাতো দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ইতিহাস বহু পুৰণি। উদাহৰণস্বৰূপে, সোতৰ শতিকাৰ ডেনমাৰ্কত দুৰ্নীতিৰ বিৰুদ্ধে আটাইতকৈ উল্লেখযোগ্য পদক্ষেপ আছিল উৎকোচক শাস্তিযোগ্য অপৰাধ বুলি ঘোষণা কৰা। পুনৰ ১৯ ​​শতিকাত তাত চৰকাৰী কৰ্মচাৰীৰ কামৰ নৈতিক মানদণ্ড প্ৰৱৰ্তন কৰা হ’ল। দুৰ্নীতিৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত স্ক্যাণ্ডিনেভিয়াৰ দেশসমূহে লাভ কৰা সফলতাৰ আঁৰত নিহিত হৈ আছে এক দীঘলীয়া আন্দোলন। তাত সামাজিক সুৰক্ষা অতি শক্তিশালী।

দুৰ্নীতিৰ সূচকাংক তালিকাত নিউজিলেণ্ড আৰু ফিনলেণ্ডৰ স্থান দ্বিতীয় আৰু তৃতীয়। আৰু দক্ষিণ চুডান আৰু ছোমালিয়া আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে শেষ স্থানত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd