• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ জন বাংলাদেশীক ঘূৰাই পঠিয়ালে ভাৰতে! আৰু ৩৫ জনক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰস্তুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 9:11 pm
197
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তাত গ্ৰেপ্তাৰ হোৱা ১৫ জন বাংলাদেশী প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াইছে। তদুপৰি অহা মাৰ্চ মাহৰ ভিতৰত আৰু কমেও ৩৫ জন বাংলাদেশীক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। এই তথ্য বুধবাৰে প্ৰদান কৰে আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে।

আহমেদাবাদ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা বছৰ আহমেদাবাদৰ চাডোলা হ্ৰদৰ সমীপৰ এটা অঞ্চলত আৰক্ষীৰ অপৰাধ শাখাই যৌথ অভিযান চলাইছিল। এই অভিযানত প্ৰায় ৫০ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হয়। তাৰ মাজতে এগৰাকী ছোৱালী কেঁচুৱাও আছিল।

ধৃত প্ৰব্ৰজনকাৰীসকলৰ পৰা ভুৱা আধাৰ কাৰ্ডকে ধৰি ভুৱা ভাৰতীয় নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে। পাছত আৰক্ষীৰ তদন্তত বাংলাদেশী মহিলা আৰু নাবালক ছোৱালীৰ জৰিয়তে আহমেদাবাদত দেহ ব্যৱসায়ৰ লগত জড়িত এটা চক্ৰ উন্মোচিত হয়।

এই চক্ৰৰ সদস্যসকলে বাংলাদেশৰ পৰা অহা মহিলা আৰু কণমানি ছোৱালীক সৰবৰাহ কৰি তাত জোৰকৈ বেশ্যা ব্যৱসায় চলাইছিল। পাছত আহমেদাবাদ আৰক্ষীয়ে উদ্ধাৰ কৰা লোকসকলক বাংলাদেশী নাগৰিকত্বৰ প্ৰমাণ লাভ কৰি উভতাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

দেশৰ সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি যোৱা ১ ফেব্ৰুৱাৰীত বাংলাদেশৰ দূতাবাসৰ জৰিয়তে এগৰাকী নাবালক ছোৱালীকে ধৰি ১৫ জন বাংলাদেশী প্ৰব্ৰজনকাৰীক সফলতাৰে ঘূৰাই পঠোৱা হৈছিল। আশা কৰা হৈছে যে মাৰ্চ মাহৰ মাজভাগলৈ আৰু ৩৫ জন বাংলাদেশী ভাৰতৰ পৰা ঘূৰাই পঠিয়াব।

আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে কয় যে বেশ্যা ব্যৱসায়ৰ লগত জড়িত মহিলাসকলক এই কামত জোৰ-জবৰদস্তি কৰা হৈছিল। তাৰ পৰা পোৱা ধন ব্যৱসায় আৰু বাণিজ্যৰ বাবে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল।

মানৱ সৰবৰাহৰ চক্ৰৰ নেটৱৰ্ক আৰু বাংলাদেশলৈ প্ৰেৰণ কৰা ধনৰ সন্দৰ্ভত বিতং তদন্ত চলাই আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইফালে দিল্লীৰ দ্বাৰকা জিলা আৰক্ষীয়ে ভাৰতত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত ১৬ জন প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ মতে ইয়াৰে কমেও পাঁচজন বাংলাদেশী নাগৰিক।

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd