• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন সীতাৰমণৰ; যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ, কি আছে প্ৰস্তাৱত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 6:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হুলস্থুলীয়া পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন আয়কৰ বিধেয়ক উত্থাপন কৰে। ১ ফেব্ৰুৱাৰীত বাজেট ভাষণত নিৰ্মলা সীতাৰমণে এই বিধেয়ক উত্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। যদিহে নতুন আয়কৰ বিধেয়কখন আইনত পৰিণত হয় তেন্তে ই ১৯৬১ চনৰ আয়কৰ আইনখনৰ ঠাই ল’ব। ৬৪ বছৰীয়া আয়কৰ আইনখনক নতুন আয়কৰ বিধেয়কত এনেদৰে সৰল কৰি তোলা হৈছে, যাতে সাধাৰণ মানুহেও সহজে বুজিব পাৰে।

নতুন আয়কৰ বিধেয়ক উত্থাপনৰ সময়ত বিৰোধী দলৰ একাংশ সাংসদে ৱাক আউট কৰে। আন কিছুমানে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীলৈ তীব্ৰ প্ৰশ্ন নিক্ষেপ কৰে। কংগ্ৰেছৰ মনীষ তেৱাৰী আৰু আৰ এছ পিৰ এন কে প্ৰেমচন্দ্ৰনে দাবী কৰে যে নতুন আয়কৰ বিধেয়কখন আচলতে পুৰণিখনতকৈ অধিক জটিল। নিৰ্মলা সীতাৰমণে প্ৰত্যুত্তৰ দি কয় যে বৰ্তমানৰ আইনখনত ৮০০ৰো অধিক ধাৰা আছিল, আনহাতে প্ৰস্তাৱিত আইনখনত মাত্ৰ ৫৩৬টা ধাৰা আছে।

Apply Now

তৃণমূলৰ সাংসদ সৌগত ৰয়ে নতুন আয়কৰ বিধেয়কখনক “যান্ত্ৰিক” বুলি সমালোচনা কৰে। ইয়াৰ উত্তৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে কয়, “… উল্লেখযোগ্য পৰিৱৰ্তন কৰা হৈছে। শব্দৰ সংখ্যা আধা হ্ৰাস কৰা হৈছে… বহু দফা আৰু অনুচ্ছেদ কৰ্তন কৰা হৈছে। ইয়াক সাধাৰণ ইংৰাজীত প্ৰস্তুত কৰা হৈছে।” কেইবাজনো সংসদ সদস্যই প্ৰস্তাৱিত নতুন আইনখন প্ৰৱৰ্তনৰ বাবে ধ্বনি ভোটৰ দাবী জনায়।

ইয়াৰ পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱিত আয়কৰ বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে। এই সমিতিৰ সদস্যসকলে নতুন কৰ প্ৰস্তাৱসমূহ ভালদৰে পৰীক্ষা কৰিব আৰু প্ৰয়োজন হ’লে পৰিৱৰ্তন কৰিব। তাৰ পিছত এই বিধেয়কখন পুনৰ সংসদত উত্থাপন কৰা হ’ব।

বাজেট অধিৱেশনৰ দ্বিতীয়াৰ্ধৰ প্ৰথম দিনা ১০ মাৰ্চত যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখন সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। এই কমিটি গঠন কৰি দিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

নতুন আয়কৰ বিধেয়ক উত্থাপন হোৱাৰ কিছু সময়ৰ পাছতে নিৰ্মলা সীতাৰমনৰ কাৰ্যালয়ে টুইট কৰি কয়, “নতুন আয়কৰ বিধেয়ক (২০২৫) সংসদত উত্থাপন কৰা হৈছে। এই বিধেয়কখনৰ লক্ষ্য হৈছে বৰ্তমানলৈকে সংশোধন কৰা বৰ্তমানৰ আইনখনৰ ভাষা সৰল কৰা। বিধেয়কখন (এটা প্ৰতিলিপি) আমাৰ ৱেবছাইটত উপলব্ধ।”

নতুন আয়কৰ বিধেয়কৰ বৈশিষ্ট্যসমূহঃ

নতুন আয়কৰ বিধেয়কখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ই আয়কৰৰ সৈতে জড়িত বিধানসমূহৰ ব্যাখ্যা সৰল কৰি তুলিছে, যাতে আইনী বিবাদ আৰু গোচৰৰ সংখ্যা হ্ৰাস কৰিব পাৰি। নতুন আয়কৰ বিলখন মাত্ৰ ৬২২ পৃষ্ঠাৰে সামৰি লোৱা হৈছে। আনহাতে বৰ্তমানৰ আয়কৰ আইনখনৰ ৮৮০ পৃষ্ঠা আছিল। কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হৈছে কৰ ব্যৱস্থাক সৰল আৰু ডিজিটেলাইজ কৰা, যাতে দেশৰ কৰ ব্যৱস্থা সাধাৰণ মানুহৰ বাবে সহজে বুজিব পৰা যায়।

নতুন আয়কৰ বিলত নতুন কি আছে ?

* নতুন আয়কৰ বিলত মূল্যায়ন বৰ্ষৰ সলনি “কৰ বৰ্ষ” বা Tax Year ব্যৱহাৰ কৰা হৈছে।

* নতুন আয়কৰ বিধেয়কত এনপিএছ আৰু ইপিএফৰ কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হৈছে। অৱসৰৰ পুঁজি আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগৰ ওপৰত আপুনি কৰ ৰেহাইৰ সুবিধা পাব। বীমা পৰিকল্পনাত অধিক কৰ সুবিধা উপলব্ধ হ’ব।

* কোনোবাই যদি কৰ পৰিহাৰ কৰিবলৈ ভুৱা তথ্য দিয়ে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব পাৰে। আয় লুকুৱাই ৰাখিলে সম্পত্তি জব্দ পৰ্যন্ত হ’ব পাৰে।

* যিসকলে কৰ নিদিয়ে তেওঁলোকৰ ওপৰত জৰিমনা বা উচ্চ সুতৰ হাৰ আৰোপ কৰা হ’ব পাৰে।

* ৰাজনৈতিক দল আৰু নিৰ্বাচনী ট্ৰাষ্টৰ আয় কৰমুক্ত কৰা হৈছে। কৃষি আয়ক কিছুমান চৰ্তত কৰ ৰেহাই দিয়া হৈছে।

* ধৰ্মীয় ট্ৰাষ্ট আৰু সমাজ কল্যাণমূলক অনুষ্ঠানলৈ আগবঢ়োৱা অনুদানৰ ওপৰত কৰ ৰেহাই দিয়া হ’ব।

* ইয়াৰ লগতে ষ্টাৰ্টআপ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু বিশেষ ব্যৱসায়কো কৰ ৰেহাই দিয়া হৈছে।

* ভাড়াৰ আয়ৰ ওপৰত টিডিএছৰ সীমা বছৰি ২.৪ লাখৰ পৰা ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

* যিকোনো সম্পত্তি বা সম্পত্তিৰ পৰা উপাৰ্জন কৰা লাভৰ ওপৰত মূলধনী লাভৰ কৰ লোৱাৰ বাবে নতুন নিয়ম সৃষ্টি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

July 31, 2026 8:56 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 8:20 pm
উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

July 31, 2026 8:56 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd