• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধনৰ অভাৱত কৰ্মচাৰীক দিব পৰা নাই দৰমহাঃ ১৮ ফেব্ৰুৱাৰীত ৯০০ কোটিৰ ঋণ ল’ব হিমন্ত চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 3:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪-২৫ বিত্তীয় বৰ্ষৰ ওৰ পৰিবলৈ সন্মুখত আৰু মাত্ৰ ডেৰটা মাহ বাকী। যাৰ বাবে অসম চৰকাৰে নির্ধাৰিত ঋণ লোৱাৰ প্রক্রিয়া সম্পূৰ্ণ কৰাৰ বাবে খৰধৰ লগাইছে। ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে পোন্ধৰ বছৰীয়া ম্যাদত চৰকাৰী বণ্ড বন্ধকত থৈ ৯০০ কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব চৰকাৰখনে অহা ১৮ ফেব্রুৱাৰীত দহ বছৰীয়া ম্যাদত চৰকাৰী বণ্ড বন্ধকত থৈ পুনৰ ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে বিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।

উল্লেখ্য যে, নৱবৰ্ষৰ আৰম্ভণিৰ জানুৱাৰী মাহটোতে চৰকাৰে ৫০০ কোটি টকাকে দুবাৰ একেই চৰকাৰী বণ্ড বন্ধকত দি ঋণ লৈছিল। চলিত বিত্তীয় বর্ষৰ অধীনত বাজেট ঘোষণাযোগে প্রায় ২৯ হেজাৰ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যবস্থাপনা আইনৰ লগতে জিএছডিপিৰ তাৰতম্যতাৰ বাবে ঋণৰ পৰিমাণ ১৭-২০ হাজাৰ কোটি টকাৰ ভিতৰত সীমিত ৰখাৰ সিদ্ধান্ত ল‘বলৈ চৰকাৰ বাধ্য হয়।

Apply Now

মনকৰিবলগীয়া কথা এয়ে যে প্রতি মাহে ঋণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য চৰকাৰখনে ঋণৰ সপক্ষে যিমানেই যুক্তি আগনবঢ়াওক কিয় কেগৰ প্ৰতিবেদন, ৰিজার্ভ বেংকৰ প্রতিবেদন আনকি ৰূপান্তৰ আৰু উন্নয়ন বিভাগে প্রকাশ কৰা ৰাজ্যৰ অর্থনৈতিক জৰীপ সংক্রান্তীয় প্রতিবেদনতো ঋণৰ পৰিমাণ ক্রমাগত বৃদ্ধি পোৱাক লৈ গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে।

যোৱা ২০১৬-১৭ বিত্তীয় বর্ষত মাত্র ২,৬৫৫ কোটি টকা ঋণ লৈয়ে ক্ষান্ত থকা অসম চৰকাৰখনে মূলধনী ব্যয়ৰ জৰিয়তে উৎপাদনমূলক শিতানত অগ্রাধিকাৰ দিয়াৰ সলনি নগদ ধনৰ বিনামূলীয়া হিতাধিকাৰী আঁচনিসমূহ প্রবর্তন কৰিবলৈ যোৱাৰ ফলতেই বছৰি ঋণৰ প্রকোপ বৃদ্ধি পাইছে।

ৰাজ্য চৰকাৰে যোৱা ২০২১-২২ বিত্তীয় বর্ষটোতে ২১,৩৫৫ কোটি টকা, ২০২২-২৩ বর্ষত ১৭,৪৫৭ কোটি টকা, ২০২৩-২৪ বৰ্ষত ২১ হাজাৰ কোটি টকাৰ ঋণ লৈছিল। যোৱা ২০১৬-১৭ বৰ্ষত ৰাজ্য চৰকাৰৰ মুঠ ৩৮,৩৪৫.৭৭ কোটি টকাৰ ঋণৰ বিপৰীতে বর্তমান মুঠ ঋণৰ পৰিমাণ ১ লাখ ৬৫ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে।

ইপিনে প্রতি বছৰে ঋণৰ সুত বৃদ্ধি পোৱাই নহয়, মূল ঋণৰ ধন পৰিশোধৰ হাৰো বাঢ়ি গৈছে। কাৰণ ১০ বছৰীয়া ম্যাদত লোৱা ঋণৰ ধন সময়মতে পৰিশোধ কৰিবলৈ চৰকাৰ বাধ্য। কংগ্ৰেছ চৰকাৰৰ আমোলত নামমাত্র ঋণ লোৱা হৈছিল বাবেই ম্যাদৰ ভিতৰত সেই ঋণ পৰিশোধ কৰা বর্তমান চৰকাৰৰ বাবে সম্ভৱ হৈছে। কিন্তু শাসকীয় বিজেপি চৰকাৰখনে মাত্র একোটা বর্ষতে ২১ হেজাৰ কোটি টকা পর্যন্ত ঋণ লোৱাৰ ফলত দহ বছৰীয়া ম্যাদৰ শেষত একেলগে সেই ঋণ পৰিশোধ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰ গভীৰ সংকটৰ সন্মুখীন হ’ব লাগিব।

স্মৰ্তব্য যে ঋণৰ ধন মূলধনী ব্যয় দেখুৱাই হিতাধিকাৰী আঁচনিসমূহৰ নামত মাহে মাহে ব্যয় কৰিবলৈ যোৱাৰ বাবেই শেহতীয়াকৈ চৰকাৰখন আর্থিক সংকটত ভুগিছে। কলেজ শিক্ষক, চৰকাৰী কৰ্মচাৰী, গাঁওৰক্ষী বাহিনীকে ধৰি ৰাজ্যৰ বিভিন্ন চৰকাৰী খণ্ডৰ কৰ্মচাৰীয়ে সময়মতে দৰমহা পোৱাৰ পৰা বঞ্চিত হৈছে। তাৰ জোৰা মাৰিবলৈ যাওঁতে ঋণৰ পাছত ঋণৰ বাবে অসম চৰকাৰে চৰকাৰী বণ্ড বন্ধকত দি ৰিজার্ভ বেংকৰ ওচৰত হাত পাতিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd