• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকান বিমানেৰে পুনৰ ভাৰতলৈ উভতিল ১১৯ অনুপ্ৰৱেশকাৰী; কোন ৰাজ্যৰ কিমানজন আহিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 8:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ পৰা আৰু ১১৯ জন অবৈধ ভাৰতীয়ক লৈ এখন আমেৰিকাৰ বিমান অমৃতসৰত অৱতৰণ কৰে। ইয়াৰ লগে লগে আমেৰিকাই দ্বিতীয়বাৰৰ বাবে ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিলে। আমেৰিকাৰ পৰা বিতাড়িত এই ১১৯ জন লোকৰ ভিতৰত ৬৭ জন পঞ্জাৱৰ আৰু ৩৩ জন হাৰিয়ানাৰ। ইয়াৰ উপৰিও ঘৰলৈ উভতি অহা ৮ জন অবৈধ অনুপ্ৰৱেশকাৰী গুজৰাটৰ, ৩ জন উত্তৰ প্ৰদেশৰ, ২ জন গোৱাৰ, ২ জন মহাৰাষ্ট্ৰৰ, ২ জন ৰাজস্থানৰ পৰা আৰু ১ জনকৈ হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ।

বাতৰি অনুসৰি, দেওবাৰে অমৃতসৰত ১৫৭ জন অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা তৃতীয়খন আমেৰিকাৰ বিমানো অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

Apply Now

ইয়াৰ পূৰ্বে ৫ ফেব্ৰুৱাৰীত অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বায়ুসেনাৰ বিমান অমৃতসৰত উপস্থিত হৈছিল। অমৃতসৰত অৱতৰণ কৰা বিমানখনত মুঠ ১০৪ জন ভাৰতীয় নাগৰিক আছিল। সেই বিমানেৰে ঘৰলৈ উভতি অহা বহু ভাৰতীয়ই অভিযোগ কৰিছিল যে গোটেই যাত্ৰাত তেওঁলোকৰ হাত-ভৰি শিকলিৰে বান্ধি থোৱা আছিল। আনকি মহিলাসকলকো ভৰি আৰু কঁকালত শিকলিৰে বান্ধি ৰখাৰ অভিযোগ উত্থাপন হৈছিল।

এই ঘটনাৰ ফলত সংসদত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিষয়টোক লৈ ভাৰতত তীব্ৰ প্ৰতিবাদৰ পাছত নতুন দিল্লীয়ে বিতাড়িতসকলৰ লগত কৰা ব্যৱহাৰ সন্দৰ্ভত ৱাশ্বিংটনক নিজৰ উদ্বেগ প্ৰকাশ কৰে। ইফালে, শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে ট্ৰাম্পৰ কাষত থিয় হৈ কয়, ‘যিসকলে আন দেশত অবৈধভাৱে বাস কৰি আছে, তেওঁলোকৰ তাত থকাৰ কোনো অধিকাৰ নাই।’ ভাৰত আৰু আমেৰিকাৰ ক্ষেত্ৰত আমি আগতেও কৈছো যে যিসকল সঁচাকৈয়ে ভাৰতীয় আৰু যিসকল অবৈধভাৱে আমেৰিকাত আছে তেওঁলোকক ঘূৰাই ল’বলৈ ভাৰত সাজু।’

ইপিনে, পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান সিঙে কেন্দ্রীয় চৰকাৰক অমৃতসৰত আমেৰিকাৰ বিমান অৱতৰণ কৰিবলৈ দিয়াত সমালোচনা কৰিছে৷ তেওঁ কয়, “আমাৰ পবিত্ৰ নগৰ (অমৃতসৰ)ক বিতাড়নৰ কেন্দ্ৰ নকৰিব।” ইফালে, অমৃতসৰত দ্বিতীয় পৰ্যায়ত মাৰ্কিন বিমান অৱতৰণ কৰাৰ পূৰ্বে ভগৱন্ত মানে বিমানবন্দৰ পৰিদৰ্শন কৰে। দ্বিতীয়খন বিমানত ভাৰতলৈ উভতি অহা পঞ্জাৱৰ বাসিন্দা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নিজ নিজ ঘৰলৈ লৈ যাবলৈ চৰকাৰে বাহনৰ ব্যৱস্থা কৰিব বুলি তেওঁ জনাইছিল।

প্ৰসংগক্ৰমে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে ‘অবৈধ বসবাস’ আৰু অনুপ্ৰৱেশৰ দৰে বিষয়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই পৰিৱেশত কিছুদিন পূৰ্বে ট্ৰাম্প প্ৰশাসনে কলম্বিয়াকে ধৰি কেইবাখনো দেশলৈ ‘অবৈধ অনুপ্ৰৱেশকাৰী’ক ঘূৰাই পঠিয়াইছিল। ইফালে, শেহতীয়াকৈ হোৱাইট হাউছে সামৰিক বিমানেৰে উভতাই পঠোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ কেইবাখনো ফটো প্ৰকাশ কৰিছে। ইয়াত মানুহক শাৰী পাতি বিমানত উঠাই দিয়া দেখা গৈছিল। সকলোৰে কঁকালত শিকলি বান্ধি থোৱা আছে। যিয়ে তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছিল।

উল্লেখ্য যে শেহতীয়াকৈ আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ একাধিক গুৰুদ্বাৰত অভিযান চলাইছে। আমেৰিকাত অবৈধভাৱে বসবাস কৰা শিখসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছিল। মন কৰিবলগীয়া যে পূৰ্বে নিয়ম আছিল যে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰ্মীয় বা শিক্ষানুষ্ঠানত অভিযান চলাব নোৱাৰিব। কিন্তু ক্ষমতালৈ অহাৰ পাছত ট্ৰাম্পে সেই আমেৰিকান নিৰ্দেশনা বাতিল কৰে। এনে পৰিবেশত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ধৰিবলৈ আমেৰিকাৰ গুৰুদ্বাৰত অভিযান চলোৱা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd