• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাথমিক শিক্ষকৰ আন্দোলনৰ প্ৰতি ‘আপ’ৰ সমৰ্থন : বঞ্চিত শিক্ষকৰ পদ নিয়মীয়াকৰণৰ দাবী সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 4:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চাৰি সহস্ৰাধিক অনিয়মীয়া শিক্ষকৰ পদ নিয়মীয়া কৰণৰ দাবীত গুৱাহাটী মহানগৰীৰ চচলত ৰূপায়ন কৰা আমৰণ অনশন কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে আম আদমী পাৰ্টিয়ে।

১৩ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কোনো ধৰণৰ সঁহাৰি নজনোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক) ৰাজীৱ শইকীয়াই ।

Apply Now

আজি এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি যোগে শইকীয়াই বঞ্চিত শিক্ষক সকলৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০২১ চনত ৪,৫৪১ গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰদান কৰা সেই সকল শিক্ষকৰ পদ আজিলৈকে নিয়মীয়া নকৰা বিষয়টোৱে ৰাজ্য চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে। অনবৰতে উন্নয়নৰ ঢাক-ঢোল বজোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষকৰ ন্যায্য দাবীৰ প্ৰতি কাণ সাৰ নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে আপৰ নেতাগৰাকীয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যৰ স্বীকৃতি প্ৰাপ্ত ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণৰ বাবেও দাবী জনায়। ইপিনে চচলত প্ৰতিবাদী শিক্ষকৰ অনশনস্থলীত আপৰ নেতা জিতু ডেকাৰ নেতৃত্বত এটা সজাতী দল উপস্থিত হৈ বঞ্চিত শিক্ষক সকলৰ সমস্যাৰ বুজ লয়। ৰাজ্যৰ শিক্ষক সমাজ তথা শিক্ষাখণ্ডৰ সমস্যা সমাধানত চৰকাৰৰ শোচনীয় ব্যৰ্থতাৰ তীব্ৰ সমালোচনা কৰে দলটোৰ যুৱনেতা জিতু ডেকাই।

এডভান্টেজ অসম ১.০ৰ শ্বেতপত্ৰ প্ৰকাশৰ দাবী আপৰ

এডভান্টেজ অসম ২.০ ৰ নামত বিশাল বিনিয়োগ সন্মিলনৰ আয়োজন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে।

ৰাজ্য চৰকাৰে পূৰ্বে অনুষ্ঠিত কৰা এডভান্টেজ অসম সন্মিলনৰ নামত ৰাজকোষৰ কিমান পুঁজি খৰছ কৰিছিল আৰু তাৰ বিপৰীতে অসমৰ উদ্যোগিক খণ্ডত কিমান বিনিয়োগ হ’ল সেই তথ্য শ্বেতপত্ৰ আকাৰে ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই।

বৰ্তমানলৈকে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উদ্যোগীকৰণত বিদেশী পুঁজিৰ বিনিয়োগ সন্দৰ্ভত স্পষ্ট তথ্য দিব পৰা নাই। আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে নুমলীগড় শোধনাগাৰৰ উৎপাদন তিনি মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ সম্প্ৰসাৰণৰ বিষয়টোক এডভান্টেজ অসম ১.০ ৰ  সফলতা বুলি আভুৱা ভাৰিছে।

এই সন্দৰ্ভত আপৰ নেতাগৰাকীৰ প্ৰশ্ন –  ‘৪০ বছৰ পূৰ্বে স্বাক্ষৰিত অসম চুক্তিৰ চৰ্ত অনুসৰি ভাৰত চৰকাৰে স্থাপন কৰা নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ বৰ্তমান চৰকাৰৰ এডভান্টেজ অসমৰ সম্পৰ্ক কি মুখ্যমন্ত্ৰীয়ে বুজাই দিবনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd