১/ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’বলৈ কি যোগ্যতাৰ প্ৰয়োজন?
উঃ কমেও ১০ বছৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা অথবা কমেও ৫ বছৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ অভিজ্ঞতা থাকিব লাগিব।
২/ ভাৰতৰ উচ্চতম ন্যায়ালয়ত কিমান জন বিচাৰক থাকিব পাৰে?
উঃ ৩৪ জন।
৩/ সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা দিল্লীক কেন্দ্ৰীয়শাসিত ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল?
উঃ ৬৯ তম সংশোধনী। ( ১৯৯১ চন)
৪/ চিকিমত কোন সংশোধনীৰ দ্বাৰা সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল?
উঃ ৩৬ তম সংশোধনী। (১৯৭৫ চনত)।
৫/ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰী-মণ্ডলক কোনে নিযুক্তি দিয়ে?
উঃ ৰাষ্ট্ৰপতি।
৬/ ‘ভেটো পাৱাৰ’ কাৰ থাকে?
উঃ ৰাষ্ট্ৰপতি।
৭/ ভেটো পাৱাৰ কেইপ্ৰকাৰৰ?
উঃ ৩ প্ৰকাৰৰ। (Absolute veto, Suspensive veto, Pocket veto)
৮/ উচ্চ সদন আৰু নিম্ন সদন কি?
উঃ উচ্চ সদন হৈছে ৰাজ্যসভা আৰু নিম্ন সদন হৈছে লোকসভা।
৯/ অস্পৃশ্যতাৰ বিলোপ সম্পৰ্কে কোনটো অনুচ্ছেদত উল্লেখ আছে?
উঃ ১৭ নং অনুচ্ছেদত।
১০/ Money Bill সম্পৰ্কে কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে?
উঃ ১১০ নং অনুচ্ছেদত।