• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত টেছলাৰ কাৰখানা নিৰ্মাণক লৈ আপত্তি! ট্ৰাম্পৰ মতে আমেৰিকাৰ প্ৰতি ‘অন্যায়’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 3:36 pm
396
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ‘বন্ধুত্ব’ আৰু ভাৰত-আমেৰিকাৰ সুসম্পৰ্কতকৈ জন্মভূমি আমেৰিকাৰ স্বাৰ্থ বৃহত্তৰ। ড’নাল্ড ট্ৰাম্পে পুনৰ বুজাই দিলে সেই কথা। ট্ৰাম্পে ভাৰতত ইলন মাস্কৰ কোম্পানী টেছলাই ইলেক্ট্ৰিক গাড়ী নিৰ্মাণ কাৰখানা স্থাপন কৰাটো আমেৰিকাৰ স্বাৰ্থত “অন্যায়” আঘাত বুলি অভিহিত কৰে।

ইলন মাস্কে ফক্স নিউজত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সাক্ষাৎকাৰ দিয়ে। মাস্কে তাত কয় যে তেওঁ ভাৰতত এটা বৈদ্যুতিক গাড়ী নিৰ্মাণৰ কাৰখানা স্থাপন কৰি শ্ৰমিক নিয়োগ কৰিব। যিটোৰ ওপৰত ট্ৰাম্পে আচলতে আপত্তি কৰিছে।

বৰ্তমান বিশ্বৰ কেইবাখনো দেশৰ সৈতে শুল্ক যুদ্ধ চলাই আছে ট্ৰাম্পে। তেওঁ স্পষ্ট কৰি দিছে যে শুল্ক নীতিত আমেৰিকাৰ স্বাৰ্থই প্ৰথম স্থান লাভ কৰিব। একে সুৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতত মাস্কৰ কাৰখানা প্ৰতিষ্ঠাক কটাক্ষ কৰিছে।

মাস্কৰ সৈতে যৌথ বাৰ্তালাপত তেওঁ কয় যে মোডীৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰতীয় বজাৰত গাড়ীৰ ওপৰত বিপুল শুল্ক আৰোপ কৰাৰ তেওঁ প্ৰতিবাদ কৰিছে। ভৱিষ্যতে দুয়োখন দেশৰ সৈতে লাভজনক বাণিজ্যিক চুক্তিৰ কথাও চৰ্চা হৈছে।

মন কৰিবলগীয়া যে মোডীৰ সৈতে হোৱা বৈঠকত টেছলাৰ চিইঅ’ মাস্কেও ভাৰতৰ শুল্ক নীতিক সমালোচনা কৰিছিল। বৈদ্যুতিক বাহন আমদানিৰ ওপৰত ভাৰতৰ ১০০ শতাংশ শুল্ক আছে। ফলত দেশৰ গাড়ী নিৰ্মাণ কোম্পানীসমূহে টেছলাৰ দৰে বিশাল আৰ্থিক শক্তি থকা কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত বৰ্তি আছে।

মাস্কৰ দৰে ট্ৰাম্পেও বিশ্বৰ তৃতীয় বৃহত্তম গাড়ী বজাৰত ১০০ শতাংশ আমদানি শুল্ক লোৱাৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰিছে। কাৰণ টেছলাই আমদানি শুল্ক বচাবলৈ ভাৰতত গাড়ী নিৰ্মাণৰ কাৰখানা স্থাপন কৰিছে। ট্ৰাম্পৰ মতে ইয়াৰ ফলত আমেৰিকাৰ স্বাৰ্থৰ ক্ষতি হৈছে। তেওঁ কয় যে ইলন মাস্কৰ বাবে ভাৰতত গাড়ী বিক্ৰী কৰাটো “অসম্ভৱ” হৈ পৰিছে।

তেওঁ কয়, “প্ৰতিখন দেশেই আমাৰ সুবিধা লৈছে। তেওঁলোকে কৰ আৰোপ কৰি এই কাম কৰি আছে। গাড়ী বিক্ৰী কৰাটো কঠিন হৈ পৰিছে। বিশেষকৈ ভাৰতৰ দৰে দেশত।” ইয়াতে ক্ষান্ত নাথাকি তেওঁ কয়, ‘তেওঁ (এলন মাস্কে) যদি এতিয়া ভাৰতত এটা কাৰখানা নিৰ্মাণ কৰে, তেন্তে সেয়া ঠিকেই আছে, কিন্তু আমাৰ (আমেৰিকা)ৰ বাবে ই অন্যায়। ভেৰী আনফেয়াৰ।”

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতেও বিভিন্ন বিষয়ত বৈঠকত মিলিত হয়। কূটনীতিবিদসকলৰ মতে এই ভ্ৰমণৰ পিছত দুয়োখন দেশৰ সম্পৰ্কই এক বেলেগ মাত্ৰা লাভ কৰিছে। কিন্তু বন্ধুত্ব যিমানেই ঘনিষ্ঠ নহওক কিয়, শুল্ক নীতিৰ ক্ষেত্ৰত অটল ট্ৰাম্প। স্পষ্ট কৰি দিছে যে ভাৰত বন্ধু হ’লেও শুল্ক আৰোপ কৰিব। তেওঁৰ সৈতে শুল্ক সম্পৰ্কে কোনেও দৰদাম কৰিব নোৱাৰে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd