• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেলেংগানাৰ সুৰংগত এতিয়াও আৱদ্ধ ৮ জন শ্ৰমিক; উদ্ধাৰৰ বাবে নামিল সেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2025 11:42 am
তেলেংগানাৰ সুৰংগত এতিয়াও আৱদ্ধ ৮ জন শ্ৰমিক; উদ্ধাৰৰ বাবে নামিল সেনা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ নাগৰকুৰ্নুল জিলাত এতিয়াও এটা সুৰংগত আৱদ্ধ হৈ আছে ৮ জন শ্ৰমিক। শ্ৰমিকক উদ্ধাৰৰ বাবে মোতায়েন কৰা হৈছে সেনা। এনডিআৰএফ আৰু এছডিআৰএফৰ এটা দলে প্ৰথমে সুৰংগটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। ইয়াৰ কিছু সময়ৰ পিছতে ভাৰতীয় সেনাৰ ইঞ্জিনিয়াৰ ৰেজিমেণ্টে এক্সকেভেটৰ ড’জাৰেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এছ ডি আৰ এফৰ এজন কৰ্মীয়ে কয় যে সুৰংগটোৰ ভিতৰলৈ যোৱাৰ কোনো সম্ভাৱনা নাছিল। সম্পূৰ্ণৰূপে ভাঙি গৈছে আৰু ভিতৰত বহুত বোকা আছে। উল্লেখ্য যে শ্ৰীশৈলাম বান্ধৰ পিছফালে থকা সুৰংগ নিৰ্মাণৰ সময়ত কংক্ৰিটৰ এটা অংশ ভাঙি পৰে। সেইটোৱে সুৰংগটোৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে।

তেলেংগানাৰ মন্ত্ৰী এন উত্তম কুমাৰ ৰেড্ডীয়ে নাগৰকুৰ্নুলৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ কয় যে উদ্ধাৰ কামৰ বাবে ৰাজ্য চৰকাৰে বিশেষজ্ঞসকলক নিযুক্তি দিছে। যোৱা বছৰ উত্তৰাখণ্ডত সুৰংগ দুৰ্যোগৰ সময়ত যি বিশেষজ্ঞৰ দল নিয়োগ কৰা হৈছিল, সেই একেটা বিশেষজ্ঞৰ দলেই ইয়াতো আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও ১৯ জন কয়লা খনন বিশেষজ্ঞও উদ্ধাৰ অভিযানত যোগদান কৰিবলৈ সেই স্থানলৈ ৰাওনা হৈছে।

সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত আছে দুজন অভিযন্তা, দুজন অপাৰেটৰ আৰু চাৰিজন শ্ৰমিক। আৱদ্ধ আঠজন উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ বাসিন্দা। উদ্ধাৰকাৰী দলটোৰ এজন সদস্যই কয় যে সুৰংগটোৰ ভিতৰত বায়ু চলাচলৰ বাবে ঠাই থকাৰ বাবে আৱদ্ধ শ্ৰমিকসকলক অক্সিজেন যোগান ধৰাত কোনো বাধা নাই।

সুৰংগ দুৰ্যোগৰ পিছতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীক ফোন কৰি চলি থকা উদ্ধাৰ অভিযানৰ বিষয়ে সোধা-পোছা কৰে। মোদীয়ে উদ্ধাৰ অভিযান চলাই আৱদ্ধ শ্ৰমিকসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd