পুনৰ এবাৰ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী। আকৌ এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত সংবাদকৰ্মী অশালীন আচৰণৰ মুখামুখি হয়।উল্লেখ্য যে, কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হৈছিল ‘বিশ্ববিদ্যালয় সপ্তাহ’ৰ অনুষ্ঠান। কিন্তু অনুষ্ঠানৰ মাজতে ঘটিল অনাহুত ঘটনা। এটা শিতানৰ পুৰস্কাৰ প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাত। বিশ্ববিদ্যালয়ৰ এটি আৱাসে লাভ কৰা পুৰস্কাৰক কেন্দ্ৰ কৰি আপত্তি দৰ্শাইছিল একাংশ আৱাসে।সেয়েহে আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ মাজতে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। আধাতে সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰিব লগাত পৰে কৰ্তৃপক্ষ।
সংঘাতৰ খবৰ লাভ কৰি বিশ্ববিদ্যালয়লৈ গ’ল নৈশ দায়িত্বত থকা একাংশ সাংবাদিক। কিন্তু বাতৰি কৰিবলৈ যোৱা সাংবাদিকে শিক্ষানুষ্ঠানত সন্মুখীন হ’ল অহেতুক পৰিস্থিতিৰ। এদল সুৰাপায়ী ছাত্ৰৰ গালি-গালাজৰ বলি কৰ্তব্যত থকা সাংবাদিকৰ দল। অভিযোগ উঠিছে কেৱল মাত্ৰ গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাস অৰ্থাৎ RCC2ৰ সন্মুখত গাড়ী পাৰ্ক কৰাক কেন্দ্ৰ কৰিয়েই সাংবাদিকৰ সৈতে সংঘাত আৰম্ভ কৰে একাংশ ছাত্ৰই।
এগৰাকী গৱেষক ছাত্ৰ নিপজ্যোতি কলিতাৰ নেতৃত্বতে সাংবাদিক নিন্দাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে বুলি নিউজ ১৮ অসমত প্ৰকাশ পাইছে। খবৰ অনুসৰি, এটি ছাত্ৰ সংগঠনৰ গুৰুত্বপূৰ্ণ পদবীটো আছে নিপজ্যোতি কলিতা। সাংবািদকৰ দলক অশ্লীল শব্দেৰে আক্ৰমণৰ লগতে গাড়ী বহু পৰ আৱদ্ধ কৰিলে সুৰাসক্ত বুলি অভিযোগ উঠা ছাত্ৰৰ দলে।
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে দুটাকৈ আৱাসৰ মাজত হোৱা মাৰপিট কাণ্ডৰ পাছত কঠোৰ হৈ পৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। ঘটনাৰ পাছত বহুকেইজন ছাত্ৰ হাস্পতালত ভৰ্তি হ’ব লগা পৰিস্থিতিৰো সন্মুখীন হৈছিল। কঠোৰ হৈ পৰা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছুপাৰ ছিনিয়ৰৰ অকৰ্তৃত্বশীল প্ৰৱেশ আদিকে ধৰি বহুকেইটা বিষয়ত আৰোপ কৰিছিল গুৰুত্ব।কিন্তু সাংস্কৃতিক অনুষ্ঠানত উদ্ভৱ হোৱা পৰিস্থিতিয়ে পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।