• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম ভ্ৰমণৰ পূৰ্বে ১৬টা প্ৰশ্নৰে প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান জনালে অজাপই

সন্দীপ শৰ্মা, গুৱাহাটী by সন্দীপ শৰ্মা, গুৱাহাটী
February 24, 2025 8:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে অসম জাতীয় পৰিষদে (অজাপ) ১৬টা প্ৰশ্ন উত্থাপন কৰি অপূৰ্ণ প্ৰতিশ্ৰুতি আৰু নীতি সলনি হোৱা অভিযোগৰ  জবাবদিহিতা দাবী কৰিছে।

অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিজেপি নেতৃত্বাধীন চৰকাৰে মিছা আশ্বাস আৰু ৰাজনৈতিক ‘ইউ-টাৰ্ণ’ৰ জৰিয়তে অসমবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীক সৰুসজাইত ভাষণৰ সময়ত স্পষ্ট উত্তৰ দাক্ষি ধৰিবলৈ আহ্বান জনায়।

Apply Now

উত্থাপিত মূল প্ৰশ্নসমূহৰ ভিতৰত অসমত অবৈধ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হ’ব বুলি প্ৰশ্ন কৰে অজাপই। ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মোদীয়ে ২০১৪ চনৰ ১৬ মে’ৰ পিছত অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়িত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।“সেই প্ৰতিশ্ৰুতিৰ কি হ’ল?” নেতাদ্বয়ে প্ৰশ্ন কৰে।

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ স্থিতি সন্দৰ্ভতো স্পষ্ট কৰাৰ দাবী জনায় দলটোৱে। ‘কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন পাইছেনে? কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰিছেনে?” তেওঁলোকে ২০১৯ চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবেদনখন কোনো পৰিৱৰ্তন নকৰাকৈ কাৰ্যকৰী কৰা হ’ব বুলি দিয়া আশ্বাসৰ কথা মনত পেলাই দি প্ৰশ্ন কৰে।

আন এক জৰুৰী উদ্বেগৰ বিষয় খিলঞ্জীয়া অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষাৰ লগতে অসমত অবৈধ কয়লা খনন আৰু ছিণ্ডিকেট কার্যকলাপ। “বিজেপি নেতাৰ সম্পৰ্ক উদঙাই দিয়া একাধিক বাতৰিৰ পিছতো কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই?” দলটোৱে প্ৰশ্ন কৰে।

পথ নিৰ্মাণ, উৰণীয়া সেতু, ঘাইপথৰ উত্থাপিত দুৰ্নীতিৰ অভিযোগক লক্ষ্য কৰি অজাপই  প্ৰশ্ন উত্থাপন কৰি কয় যে চিবিআই, ইডি, আয়কৰ বিভাগৰ দৰে তদন্তকাৰী সংস্থাই কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পথৰ অৱস্থাৰ অৱনতি ঘটিলেও সমগ্ৰ ৰাজ্যতে ২৭খন টোলগেট জাপি দিয়াৰ অসম চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভতো তেওঁলোকে স্পষ্টীকৰণ বিচাৰিছে।

দলটোৱে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ নীতি পৰিৱৰ্তনৰ কথাও আঙুলিয়াই দিয়ে। ‘বিজেপিয়ে ক্ষমতালৈ অহাৰ পূৰ্বে এই প্ৰকল্পৰ বিৰোধিতা কৰিছিল যদিও এতিয়া ভয়াৱহ পৰিৱেশৰ বিপদৰ মাজতো এই প্ৰকল্প কাৰ্যকৰী কৰি আছে।’-তেওঁলোকে কয়।

ইয়াৰ উপৰিও তেওঁলোকে ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে চুইজাৰলেণ্ডৰ বেংকৰ পৰা ক’লা ধন আনি প্ৰতিজন ভাৰতীয়ৰ বেংক একাউণ্টত ১৫ লাখ টকা জমা কৰাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে। “সেই টকা ক’ত?” দাবী কৰে অজাপৰ নেতাদ্বয়ে।

উত্থাপিত আন আন ডাঙৰ বিষয়সমূহ হ’ল আকাশলংঘী মুদ্ৰাস্ফীতি, অসমৰ পুনৰাবৃত্তিমূলক বান আৰু গৰাখহনীয়া সংকট, বিতৰ্কিত স্মাৰ্ট মিটাৰ স্থাপনৰ ফলত বিদ্যুতৰ বিল অধিক হোৱা, আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ পদ্ধতিগতভাৱে বন্ধ কৰা আদি।

মোডী চৰকাৰে বাতিল কৰা কেন্দ্ৰীয় প্ৰকল্পসমূহত বিগত ৯০:১০ৰ পুঁজি অনুপাতৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিশ্ৰুতি অনুসৰি কেতিয়া কৃষকৰ আয় দুগুণ হ’ব, আৰু কেতিয়া অসমৰ বিশেষ শ্ৰেণীৰ মৰ্যাদা পুনৰ ঘূৰাই পাব বুলিও প্ৰশ্ন উত্থাপন কৰে।

শেষত প্ৰায় দুটা দশক ধৰি বিজেপিয়ে বাৰে বাৰে প্ৰতিশ্ৰুতি দি থকাৰ পাছতো অসমৰ ছয়টা খিলঞ্জীয়া জনগোষ্ঠীক কিয় অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই সেই সন্দৰ্ভত উত্তৰ দাবী কৰে দলটোৱে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ আহ্বান জনাই বিজেপিয়ে নিজৰ দুৰ্নীতি ঢাকি ৰখাৰ অভিযোগ উত্থাপন কৰে।

প্ৰধানমন্ত্ৰী মোডীক ভাষণত এই জৰুৰী বিষয়সমূহৰ সমাধানৰ বাবে প্ৰত্যাহ্বান জনাই অজাপই বিজেপি চৰকাৰক অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চতম পৰ্যায়ৰ নেতৃত্বৰ পৰা স্বচ্ছতা আৰু জবাবদিহিতা দাবী জনায়।

সন্দীপ শৰ্মা, গুৱাহাটী

সন্দীপ শৰ্মা, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd