জনসাধাৰণৰ সুবিধা, সুৰক্ষা, আৰু জৰুৰীকালীন সেৱা সুচাৰুৰূপে পাৰ হোৱাৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৫ ৰ পৰা ২৬ ফেব্ৰুৱাৰী, ২০২৫ লৈ মহানগৰীত যান-বাহনৰ যাতায়ত নিষেধাজ্ঞা ঘোষণা কৰিছে।
‘ঝুমোইৰ বিনন্দিনী’ অনুষ্ঠান আৰু এডভান্টেজ আছাম ২.০ অনুষ্ঠিত হ’বলগীয়া সৰুসজাই ক্ৰীড়া কমপ্লেক্স আৰু খানাপাৰা পশু চিকিৎসা খেলপথাৰত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।
যান-বাহন আৰক্ষীৰ মতে, প্ৰতিটো স্থানৰ বাবে নিৰ্দিষ্ট প্ৰৱেশ নিৰ্দেশনা জাৰি কৰা হৈছে।
সৰুসজাই ক্ৰীড়া কমপ্লেক্সৰ বাবে GOLD Vehicle Pass থকা দৰ্শকে গেট নং ১ বি ৰ মাজেৰে প্ৰৱেশ কৰিব, আনহাতে DROP-OFF Vehicle Pass থকা সকলে ঘূৰণীয়া চক্ৰৰ কাষেৰে ভিতৰলৈ নামিব। GREEN Vehicle Pass থকা অত্যাৱশ্যকীয় সেৱা বাহনসমূহো গেট নং ১ বিৰে প্ৰৱেশ কৰিব।
খানাপাৰা পশু চিকিৎসা খেলপথাৰ কমপ্লেক্সত SAFFRON (Pentagon) Pass থকা বাহনসমূহ সভাস্থলীৰ ভিতৰত নামিব, আনহাতে SAFFRON (Triangle) আৰু GOLD পাছ থকা বাহনসমূহ গেট নং ৬ত নামিব। SILVER, BRONZE, BLUE, আৰু GREEN পাছ থকা বাহনসমূহ গেট নং ৭ৰ সন্মুখত নামিব।
ইয়াৰ উপৰিও যান-বাহন আৰক্ষীয়ে ২৪ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা নিশা ১১:৩০ বজালৈ আৰু ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটীৰ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন পথত বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চলাচলত বাধা আৰোপ কৰিছে।
জনসাধাৰণক যান-বাহনৰ নিৰ্দেশনা মানি চলি সেই অনুসৰি চলাচলৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।